নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেৱা পষেক উপলক্ষে বড়াগাঁও সোমনাথ মন্দিৰ প্ৰাংগণত চিত্ৰ প্ৰদৰ্শনী

🔹 বিজেপি কৃষক মৰ্চাৰ পৰ্যালোচনা বৈঠক

বিশেষ বাৰ্তা, ২৮ ছেপ্টেম্বৰ : আজি ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত অহা ১ অক্টোবৰত গুৱাহাটীৰ বড়াগাঁও সোমনাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় জনতা পাৰ্টী সেৱা পষেক উপলক্ষে মৰ্চাই অনুষ্ঠিত কৰিব লগা চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি তথা কৃষক মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী অশোক ভট্টৰায়ে উপস্থিত থাকি অনুষ্ঠানটোৰ বিষয়ে সবিশেষ অৱগত কৰে । এই বৈঠকত কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই উপস্থিত থাকি অনুষ্ঠানটোৰ হ’বলগীয়া বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোকপাত কৰে। ৰঞ্জিত ভট্টাচাৰ্যই কয় যে কৃষক মৰ্চাৰ লগতে গুৱাহাটী জিলা সমিতিৰ লগতে সকলো মৰ্চাৰ উপস্থিতিত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ’ব। এই অনুষ্ঠানত মৎস্য উৎপাদন, দুগ্ধ উন্নয়ন, কৃষি, পশুপালন আৰু বহুকেইটা আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ লগতে কৃষক মৰ্চাৰ সম্পাদিকা ইপ্সিতা বৰুৱাৰ উৎপাদিত মৌৰ লগতে আন বহুতো বিপণী ৰাইজৰ বাবে দিয়া হ’ব। আজিৰ এই কাৰ্যসূচীত কৃষক মৰ্চাৰ আন এগৰাকী সাধাৰণ সম্পাদক সঞ্জীৱ বড়া, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি তপন দাস, জিলাৰ কাৰ্যকৰ্তাসকলৰ লগতে কৃষক মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল উপস্থিত থাকে ।

You might also like