নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদ বিচৰা বাবেই পত্নীলৈ এচিড নিক্ষেপ যুৱকৰ

🔹 অন্য নাৰীৰ প্রতি আসক্ত স্বামী !

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : অন্য নাৰীৰ প্রতি আসক্ত স্বামী! এই কথা জানিব পাৰি স্বামীৰ ঘৰ ত্যাগ কৰিছিল এগৰাকী তৰুণীয়ে৷ বিবাহ বিচ্ছেদৰ ইচ্ছাও প্রকাশ কৰিছে৷ বিচ্ছেদ বিচৰাৰ বাবেই এই তৰুণীৰ দেহত এচিড ঢালিলে স্বামীয়ে৷ গুৰুতৰভাৱে আহত অৱস্থাত তৰুণীগৰাকীক হাস্পতালত ভর্তি কৰোৱা হয়৷ বর্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে তৰুণীগৰাকী৷ ঘটনাটো মুম্বাইৰ মলাড অঞ্চলৰ৷ আক্রান্ত তৰুণীৰ পিতৃৰ ঘৰো মলাডত৷ বিগত তিনি মাহ ধৰি পিতৃগৃহতে আছিল তৰুণী৷ বুধবাৰে পুৱা শহুৰেকৰ ঘৰত গৈ যুৱকজনে পত্নীৰ গাত এচিড ঢালি দিয়ে৷ বর্তমান পলাতক এই অভিযুক্ত যুৱক৷ আৰক্ষীয়ে অভিযুক্তক বিচাৰি তালাচী চলাই আছে যদিও কোনো শুংসূত্র পোৱা নাই৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ তৰুণীৰ দেহৰ প্রায় ৩০ শতাংশ জ্বলি গৈছে৷

You might also like