নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু তিথিত গছৰ দিন পালনেৰে সাহিত্যিক জীৱনকৃষ্ণ পাত্ৰক স্মৰণ গ্ৰীন মিছন, বজালীৰ

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : ভাল কৰ্মইহে এগৰাকী ব্যক্তিক তেওঁৰ মৃত্যুৰ পিছতো জীয়াই ৰাখিব পাৰে৷ সমাজৰ বাবে উল্লেখনীয় কাম কৰি যোৱা তেনেকুৱা একোগৰাকী ব্যক্তিৰ মৃত্যুৰ দিনটো নাইবা ওপজা দিনটো যদি আমি গছৰ দিন হিচাপে পালন কৰোঁ, তেতিয়াহ’লে আমি সেই ব্যক্তিগৰাকীৰ স্মৃতি চিৰসেউজ কৰি ৰখাৰ লগতে ই প্ৰকৃতি সজাগতাৰ বাবেও এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব৷ কিয়নো বৰ্তমান ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা আৰু জলবায়ুৰ ভয় লগা পৰিৱৰ্তনৰ সময়ত গছৰ দিন পালনে এদিন প্ৰকৃতি সুৰক্ষাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আমি দৃঢ় বিশ্বাসী আৰু এনে এক প্ৰেক্ষাপটতে আমি বিভিন্ন সময়ত একো একোগৰাকী ব্যক্তিৰ ওপজা দিনটোত নাইবা মৃত্যু তিথিত তেওঁক স্মৰণ কৰি গছপুলি ৰোপণেৰে গছৰ দিন পালন কৰাৰ এটা ধাৰা সৃষ্টি কৰাৰ বাবে বিগত কেইবাবছৰৰ পৰা অহোপুৰুষাৰ্থ কৰি আহিছোঁ৷- এই মন্তব্য গ্ৰীন মিছন, বজালীৰ সঞ্চালক তথা বিশিষ্ট পৰিৱেশ কৰ্মী আনন্দ খাটনিয়াৰৰ৷ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ, ভূগোলবিদ, নৃত্যবিদ, সু-সাহিত্যিক তথা বজালী মহাবিদ্যালয়ৰ প্ৰয়াত অধ্যাপক জীৱনকৃষ্ণ পাত্ৰৰ আজি নৱম মৃত্যুবাৰ্ষিকীত “গছৰ দিন” পালনেৰে তেওঁক বিশেষভাৱে স্মৰণ কৰা হয়৷ উল্লেখ্য যে তিনিটা দশকৰো অধিক কাল বজালী মহাবিদ্যালয়ত ভূগোল বিজ্ঞান বিভাগত অধ্যাপনা কৰা পাত্ৰই সুদূৰ ওড়িশাৰ পৰা বজালীলৈ আহি অধ্যাপনা কৰাৰ লগতে অসমীয়া ভাষা শিকি কেইবাখনো অমূল্য গ্ৰন্থ ৰচনাৰে নিজৰ পাণ্ডিত্যৰ নিদৰ্শন দাঙি ধৰাৰ লগতে টনকিয়াল কৰি গৈছে অসমীয়া সাহিত্যৰ ভঁৰাল। এনে এক মহান ব্যক্তিত্বৰ মৃত্যু তিথিত আজি গ্ৰীন মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে ‘গছৰ দিন’ হিচাপে পালন কৰে৷ গ্ৰীন মিছন, বজালীৰ সৌজন্যত আৰু ভোটান্ত সাদেৰীৰ ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ সহযোগত আজি আয়োজিত জীৱন কৃষ্ণ পাত্ৰৰ নৱম মৃত্যুবাৰ্ষিকীত পোনতে পাত্ৰৰ স্মৃতিত তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখত ঘটবৰ দলৈগাঁৱৰ গাঁওপ্ৰধান দুৰ্লভ তালুকদাৰে বন্তি প্ৰজ্বলন কৰাৰ পিছতেই মাল্যাৰ্পণ কৰে ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ চন্দ্ৰ তালুকদাৰে৷ ইয়াৰ পিছত গ্ৰীন মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰে শিক্ষানুষ্ঠানখনৰ চৌহদত কেইবাজোপা মূল্যৱান গছপুলি ৰোপণ কৰি জীৱন কৃষ্ণ পাত্ৰৰ স্মৃতি দিৱসটো বিগত ৯ বছৰে গছৰ দিন হিচাপে উদযাপন কৰাৰ কথা উল্লেখ কৰে। ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ সঞ্চালক অংকুৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বিপুল বৰুৱা, ৰাজীৱ কুমাৰ দাস, চম্পক তালুকদাৰকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰি প্ৰয়াত পাত্ৰক স্মৃতিচাৰণ কৰাৰ লগতে এক মহৎ উদ্দেশ্যৰে গছৰ দিন পালন কৰি অহাৰ বাবে গ্ৰীন মিছন, বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ শলাগ লয়৷ উল্লেখ্য যে সুদূৰ ওড়িশাৰ বালেশ্বৰত জন্মগ্ৰহণ কৰিও বজালী মহাবিদ্যালয়ত শিক্ষকতাৰ মাজেৰে নিজৰ কৰ্মভূমিত সৰ্বোচ্চ উজাৰি দিছিল প্ৰয়াত জীৱন কৃষ্ণ পাত্ৰই৷ নিজৰ কৰ্মজীৱনত অসমীয়া ভাষা শিকি, ভাষা অধ্যয়ন কৰি একপ্ৰকাৰ ভাষাবিদ হৈ পৰা পাত্ৰই অসমীয়া ভাষাত কেইবাখনো মৃল্যৱান গ্ৰন্থ প্ৰকাশ কৰি অসমীয়া ভাষা-সাহিত্য চহকী কৰি যায়৷ ১৯৯৫ চনতে বজালী মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো প্ৰায় এক দশক তেওঁ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি এজন প্ৰকৃত শিক্ষকৰ পৰিচয় দাঙি ধৰিছিল৷ অধ্যয়ন আৰু ন ন সাহিত্যৰ সৃষ্টি আছিল তেওঁৰ জীৱনৰ অন্যতম লক্ষ্য৷ যাৰ ফলতে তেওঁ সাহিত্য কৰ্মৰ জৰিয়তে বজালীক এক অন্যতম ৰূপত উপস্থাপন কৰিব পাৰিছিল৷

প্ৰেৰক কল্যাণ কলিতা

You might also like