নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ‘আশীর্বাদ’–ইৰান ‘অভিশাপ’

🔹 ৰাষ্ট্রসংঘত গৰজি উঠিল ইজৰাইলৰ প্রধানমন্ত্রী

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : ভাৰত, ছুডান, ইজিপ্ত, ছৌদি আৰবৰ দৰে দেশবোৰ ‘আশীর্বাদ’৷ আনফালে ‘অভিশাপ’ হৈছে ইৰান, ছিৰিয়া, ইৰাক, য়েমেনৰ দৰে দেশবোৰ৷ এই ধৰণে নিউয়র্কত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত দুখন মানচিত্র তুলি ধৰিলে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে৷ কিন্তু নেতান্যেহুৱে দেখুওৱা এই মানচিত্রৰ ক’তো পেলেষ্টাইনৰ অস্তিত্ব নাছিল৷ শুকুৰবাৰে ইজৰাইলৰ প্রধানমন্ত্রীগৰাকীৰ হাতত থকা দুখন মানচিত্রত এখনত ক’লা ৰঙেৰে চিহ্ণিত কৰা আছিল মধ্য প্রাচ্যৰ কেইবাখনো দেশক৷ ওপৰত লিখা আছিল ‘দ্য কার্ছ’৷ আনফালে অন্য মানচিত্রখনৰ ওপৰত লিখা আছিল ‘দ্য ব্লেছিং’৷ সেউজ ৰঙেৰে এই মানচিত্রখনত কেইবাখনো দেশক চিহ্ণিত কৰা আছিল৷ স্বাভাৱিকভাৱে নেতান্যেহুৰ বাবে অভিশাপ হৈ উঠা দেশৰ অন্যতম হিচাপে দেখুওৱা হৈছে ইৰানক৷ ভাৰতক বন্ধুৰ তালিকাতে ৰাখিছে ইজৰাইলৰ প্রধানমন্ত্রীগৰাকীয়ে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত ইৰানক প্রত্যক্ষভাৱে আক্রমণ কৰি নেতান্যেহুৱে কয় যে ইজৰাইলৰ ওপৰত আক্রমণ চলালে ইৰানক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব৷

You might also like