নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দু:খজনক : এটি দুবছৰীয়া শিশুৰ কৰুণ মৃত্যু, দুজন আহত

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ টিংখাঙৰ পানীবুৰা গাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এগৰাকী দুবছৰীয়া শিশু। গুৰুতৰভাৱে আহত হয় এগৰাকী কিশোৰীসহ আন এজন। শিৱসাগৰ পৰা  দুলীয়াজানৰ অভিমুখে ধমন আঘোণীবাৰী হৈ  গৈ থকা অৱস্থাত টিংখাং থানাৰ অন্তৰ্গত পানীবুৰাত এএছ ০৬ এএফ ৮৬০০ নম্বৰৰ এখন  এখন Ignis গাড়ীয়ে চাইকেলেৰে গৈ থকা এগৰাকী কিশোৰীক খুন্দা মৰাৰ লগতে ঘৰৰ পদুলিমুখত ককাক নাতিয়েক ৰৈ থকা অৱস্থাত গাড়ীখনে প্ৰচণ্ড বেগত খুন্দা মাৰি পথৰ কাষৰ এটা ঘৰত খুন্দা মাৰি বাহনখন ৰৈ যায়। আহত আটাইকেইজনক ততাতৈয়াকৈ নাহৰণি প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত ২ বছৰীয়া শিশু মৃদুষ্মিতা তাঁতিৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত কিশোৰী ৰুনু কুৰ্মী (১৩) আৰু দেৱেন্দ্ৰ তাঁতি (৫৫) বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। কালি বিয়লি সংঘটিত হোৱা এই ঘটনাৰ সন্দৰ্ভত টিংখাং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। নিহত শিশুটিৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে আহত কেইজনৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যয় বহন কৰিব লাগিব বুলি দাবী তুলে স্থানীয় ৰাইজে। আনহাতে টিংখাং আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালক পংকজ দিহিঙীয়াক আটক কৰিছে। এই কৰুণ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like