নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত ১৫৭গৰাকী ছাত্ৰীলৈ নিযুত মইনাৰ চেক

🔹 স্ত্ৰী শিক্ষা বৃদ্ধি-বাল্য বিবাহ প্ৰতিৰোধৰ বাবে নিযুত মইনাৰ ব্যৱস্থা : পদ্ম হাজৰিকা

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ নদুৱাৰ বিধানসভা সমষ্টিৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ নিযুত মইনা আঁচনিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয় । এই উপলক্ষে আজি বিদ্যালয়খনৰ সভাকক্ষত বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় বিতৰণ কাৰ্যসূচী । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক, গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু সন্মানীয় অতিথি হিচাপে চতিয়া পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈয়ে ক্ৰমে নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰ্বমুঠ ১৫৭গৰাকীকৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীক অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ কৰা হয় । অনুষ্ঠানৰ মুখ্য অতিথি বিধায়ক পদ্ম হাজৰিকাই ভাষণ প্ৰসংগত কয় যে অসম চৰকাৰে স্ত্ৰী শিক্ষা বৃদ্ধি কৰা আৰু বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপে নিযুত মইনা আঁচনি ৰূপায়ণ কৰিছে । এই আঁচনিৰ যোগেদি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি পাব, লগতে অভিভাৱকসকলেও সকাহ পাব । ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বাবে এই আঁচনিৰ পৰা লাভ কৰা ধনেৰে আৰ্থিকভাৱে সক্ষম হ’ব । কংগ্ৰেছে চৰকাৰৰ প্ৰতিটো কামতে ৰাজনীতি কৰিব বিচাৰিছে, তেওঁলোকে কংসৰ দৰে চৰকাৰৰ প্ৰতিটো কামকে কৃষ্ণ দেখে ভয়তে । কংগ্ৰেছে শৈক্ষিক আঁচনিকো ৰাজনীতিৰ মাজলৈ টানি নি নিকৃষ্ট ৰাজনীতিৰ পৰিচয় দি নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে, কংগ্ৰেছ এনেকৈয়ে ধ্বংস হৈছে । অনুষ্ঠানৰ সন্মানীয় অতিথিগৰাকীয়ে ভাষণ প্ৰসংগত নিজৰ শৈক্ষিক জীৱনৰ মধুৰ স্মৃতি সুঁৱৰি কয় যে ছাত্ৰীসকল স্বাৱলম্বী হওক । জীৱনত সফল হ’বলৈ স্বাৱলম্বী হোৱাটো খুবেই জৰুৰী । চৰকাৰৰ নিযুত মইনা আঁচনিৰ দ্বাৰা ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হোৱাটো নিশ্চিত। অনুষ্ঠানটোত চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষিৰোদ কমল হাজৰিকা, নদুৱাৰ ৰাজহ চক্ৰ বিষয়া সুজাতা গোস্বামী, নদুৱাৰ ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া, নদুৱাৰ শিক্ষাখণ্ডৰ শিক্ষা বিষয়া, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ মেধি, নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উৎপল দাস, সমাজকৰ্মী অৰুণ ভূঞাৰ লগতে অঞ্চলবাসী ৰাইজ, ছাত্ৰী, শিক্ষাগুৰুসকল উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like