নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

🔹 এবিভিপিৰ ঐতিহাসিক বিজয়

🔹 জিএছ-এজিএছ পদত বিজয়ী এবিভিপিৰ প্ৰাৰ্থী

নিয়মীয়া বাৰ্তা,  ৬ অক্টোবৰ : ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ ঐতিহাসিক বিজয়।  সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক পদত বিজয়ী হৈছে ছাত্ৰ সংগঠনটোৰ প্ৰাৰ্থী। উল্লেখ্য যে দিনটো নানা ঘটনা-পৰিঘটনাৰ মাজেৰে হোৱা ভোটগণনাৰ অন্তত আজি সন্ধিয়া মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে ভোটগণনাৰ ফলাফল প্ৰকাশ কৰে। উক্ত ফলাফল অনুসৰি, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক (জিএছ)ৰ পদত এবিভিপিৰ প্ৰাৰ্থী বিবেক প্ৰসাদ বিজয়ী হোৱাৰ বিপৰীতে এবিভিপিৰেই কৌশিক প্ৰসাদ বীণে সহকাৰী সাধাৰণ সম্পাদক (এজিএছ) পদত বিজয় লাভ কৰে। আনহাতে, মহাবিদ্যালয় ছাত্র একতা সভাৰ নিৰ্বাচন ২০২৪-২৫ত এবিভিপিৰ যাদৱ কুণ্ডুই বিতৰ্ক আৰু সাংস্কৃতিক সম্পাদকৰ পদত পূৰ্বেই বিনা প্রতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like