প্রাচীন মানৱ সভ্যতাৰ বহুতেই ভাবিছিল যে মঙল গ্রহত মানুহৰ দৰেই উন্নত জীৱৰ বসতি আছে৷ কিন্তু মঙল গ্রহ সম্পর্কত বিজ্ঞান–প্রযুক্তিৰ আধুনিক উপকৰণসমূহৰ দ্বাৰা লাভ কৰা তথ্যৰ পৰা আমি নিশ্চিত হ’লোঁ যে মঙল গ্রহত তেনে কোনো উন্নত জীৱৰ অস্তিত্ব নাই৷ হয়তো আজিৰ পৰা বহু কোটি বছৰৰ আগত উন্নত জীৱৰ অস্তিত্ব আছিল৷ বিভিন্ন মহাজাগতিক পৰিঘটনাৰ ফলত হয়তো সেই সকলোবোৰ ধ্বংস হৈ গৈছিল৷ যি কি নহওক, ই এটা বেলেগ বিষয়৷ আৰু অধিক গৱেষণাৰো প্রয়োজন আছে৷ আমি সেই বিষয়ে ক’ব খোজা নাই৷ আমি ক’ব বিচাৰিছোঁ মানৱ সভ্যতাৰ অনুসন্ধিৎসু স্বভাৱটোৰ বিষয়ে৷ আমি মানৱ সমাজে সদায় এটা গুৰুত্বপূর্ণ প্রশ্ণৰ অনুসন্ধান কৰিবৰ চেষ্টা কৰি আহিছোঁ– আমি এই ব্রহ্মাণ্ডত সঁচাকৈয়ে অকলশৰীয়া নেকি? মহান বিজ্ঞানী ষ্টিফেন হকিঙক এবাৰ সোধা হৈছিল– ‘মহাবিশ্বৰ আন গ্রহত যদি সঁচাকৈয়ে উন্নত প্রাণী আছে, তেন্তে ই আমাৰ পৃথিৱীৰ সৈতে কিয় যোগাযোগ নকৰে?’ ইয়াৰ উত্তৰত হকিঙে কৈছিল– ‘যেতিয়া এটা উন্নত সভ্যতাৰ বিকাশৰ গতি ত্বৰান্বিত হয়, তেতিয়া নিজৰ মাজতেই হোৱা যুদ্ধ তথা মহামাৰী আদিয়ে সিহঁতবোৰক শেষ কৰি পেলায়৷’ হকিঙৰ মতে পৃথিৱীতো এটা সময়ত মানুহৰ বসতি এনেবোৰ কাৰণতেই শেষ হ’ব৷ বর্ধিত জনবিস্ফোৰণৰ বাবে পৃথিৱীখন আমাৰ বাবে বহু সৰু হৈ গৈছে, ইয়াৰ প্রাকৃতিক সম্পদৰ ওপৰতো আমি নিয়ন্ত্রণ হেৰুৱাই পেলাইছোঁ৷ তদুপৰি জলবায়ু পৰিৱর্তন অথবা অন্য গ্রহাণুৰ সংঘর্ষৰ দ্বাৰা আমাৰ পৃথিৱী তথা মানৱ সভ্যতা শেষ হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ যাৰ বাবেই আমি পৃথিৱীসদৃশ আন গ্রহৰ সন্ধান কৰিব লাগিব৷ আন এচাম বিজ্ঞানীৰ মতে আমাৰ সৌৰজগতত এনে একো বিশেষ নাই যে যি ব্রহ্মাণ্ডৰ আন ঠাইবোৰত থাকিব নোৱাৰিব৷ আমাৰ তাৰকাৰাজ্যত সূর্যৰ দৰে প্রায় ১০০ৰ পৰা ৪০০ কোটি তৰা আছে, যাক অতিকমেও ২০০ কোটি গ্রহ–উপগ্রহই পৰিভ্রমণ কৰি আছে৷ আমাৰ তাৰকাৰাজ্যখনতেই যদি ইমানবোৰ গ্রহ–নক্ষত্র আছে, তেন্তে অনন্ত ব্রহ্মাণ্ডত আমাৰ পৃথিৱীৰ দৰে আৰু কিমান গ্রহ থাকিব লাগিব? এইটোৱে এনে এটা কাৰণ যাৰ বাবেই আমি জীৱৰ বাবে সম্ভাব্যপূর্ণ গ্রহ এটাৰ সন্ধান কৰাৰ নিৰন্তৰ প্রয়াস কৰি আছোঁ৷ এইক্ষেত্রত বিগত বর্ষবোৰত আমি বহুখিনি সফলতা অর্জন কৰিছোঁ৷ যিয়ে আমাক অনাগত গৱেষণাৰ বাবে আৰু অধিক উৎসাহিত কৰিব পাৰিছে৷ কিন্তু দুর্ভাগ্য এই যে পৃথিৱীৰ দৰেHabitable Zoneত থকা এই গ্রহবোৰ আমাৰ পৰা বহু দূৰত্বত অৱস্থিত৷
২০১৬ চনৰ ২৪ আগষ্টত সন্ধান ওলোৱা তেনে এটা গ্রহ আছিল ‘প্রক্সিমা চেঞ্চুৰী বি’(Proxima Century B)৷ যিয়ে প্রক্সিমা চেঞ্চুৰী নামৰ এটা ৰঙা বাওনা তৰাক(Red dwarf planet) পৰিভ্রমণ কৰি আছে৷ পৃথিৱীৰ দৰেHabitable Zone থকা গ্রহটোৰ দূৰত্ব আমাৰ পৰা প্রায় ৪.৩৭ আলোকবর্ষ৷ (আলোকবর্ষ হৈছে শূন্য মাধ্যমেৰে এবছৰত পোহৰে অতিক্রম কৰা দূৰত্ব প্রায় ৯.৪X১^১২ কিঃমি)৷ আমাৰ আলোচনাৰ কেন্দ্রবিন্দু এই বিশেষ তৰাটো বা গ্রহটো নহয়, হাজাৰ কোটি দূৰত্বত অৱস্থিত এই গ্রহবোৰক অধ্যয়ন কৰিবলৈ বিজ্ঞানীসকলে কেনেধৰণেৰে চিন্তা–চর্চা কৰিছে তথা কেনেধৰণৰ মহাকাশযান নির্মাণৰ পৰিকল্পনা চলিছে, তেনে এক নতুন প্রযুক্তিৰ কথা আলোচনা কৰাহে এই লেখাৰ মূল উদ্দেশ্য৷
বর্তমান যিধৰণৰ মহাকাশযানৰ দ্বাৰা আমি মহাকাশ অভিযান চলাই আছোঁ, তেনেধৰণৰ মহাকাশযানৰ দ্বাৰা আমাৰ পৰা বহু কোটি দূৰত্বত অৱস্থিত গ্রহ–নক্ষত্রৰ তথ্য সংগ্রহ কৰাটো অসম্ভৱ৷ সেইসমূহৰ দূৰত্ব আমাৰ পৰা ইমানেই বেছি যে সেই গ্রহ–নক্ষত্রবোৰলৈ মানৱবিহীন যান পঠিয়াবলৈকে প্রয়োজন হ’ব প্রায় ৫০ হাজাৰ বছৰৰ পৰা ৬০ হাজাৰ বছৰৰো অধিক সময়৷ নাছাৰ বৃহস্পতি অভিমুখে যোৱা মানৱবিহীন মহাকাশযান জুন’ (Juno) সর্বোচ্চ বেগ আছিল প্রতি ঘণ্টাত ২,৬৫,০০০ কিলোমিটাৰ৷ সেই বেগেৰে যানখনক ‘প্রক্সিমা চেঞ্চুৰী’লৈ যাবলৈ সময় লাগিব প্রায় ১৭,১৫৭ বছৰ৷ গতিকে বর্তমানৰ মহাকাশযানসমূহত ব্যৱহূত প্রযুক্তিৰ দ্বাৰা আমি ‘প্রক্সিমা চেঞ্চুৰী বি’ৰ দৰে বিশাল দূৰত্বত অৱস্থান কৰা গ্রহবোৰলৈ যান পঠিওৱাটো অসম্ভৱ৷ সেই বেগত গৈ গ্রহটোৰ পৰা তথ্য সংগ্রহ কৰি পৃথিৱীলৈ পঠিওৱা মানে সমগ্র মানৱ জাতি ধ্বংস হ’ব পাৰে৷
গতিকে মহাকাশৰ এনে বিশাল দূৰত্ব অতিক্রম কৰিবলৈ আমাক লাগিব এখন অত্যন্ত বেগী মহাকাশযান৷ যাৰ বেগ পোহৰৰ বেগৰ প্রতি ছেকেণ্ডত তিনি লাখ কিলোমিটাৰৰ প্রায় ওচৰা–উচৰি হ’ব লাগিব৷ ২০১৬ চনত ষ্টিফেন হকিং, য়ুৰি মিলনাৰ(Yuri milner) তথা নাছাৰ বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰখা এটা বিশেষ প্রজেক্টৰ বিষয়ে অৱগত কৰাইছিল৷ সেই প্রজেক্টটোৰ নাম ৰখা হৈছিলBreakthrough Starshot৷ প্রজেক্টটো আছিল এনে এখন মহাকাশযানৰ বিষয়ে, যাৰ দ্বাৰা অতি কম সময়ৰ ব্যৱধানতেই ব্রহ্মাণ্ডীয় ভ্রমণ সম্ভৱ হৈ উঠিব পাৰে৷ বিজ্ঞানীসকলে এনে এখন মহাকাশযানৰ কথা ভাবিছে, যিখন মাত্র এটা ডাক টিকটৰ সমান৷ আচলতে মহাকাশযান বুলি ক’লে আমাৰ মনত সচৰাচৰ যেনেকুৱা এটা ভাব আহে,Starshot প্রজেক্টৰ ক্ষেত্রত কিন্তু তেনে নহয়, মহাকাশযানৰ ৰূপত তৈয়াৰ কৰা হ’ব কিছুমান ক্ষুদ্র ‘ছিলিকন চিপ’হে৷ অর্থাৎ কেইচেণ্টিমিটাৰমান দীঘল মহাকাশযানখনৰ গাটোত অতি ক্ষুদ্রকায়ী ছিলিকন চিপ একোট (Nano chip) সংযুক্ত হৈ থাকিব, য’ত লাখৰো অধিক ড্রেছিট’ৰৰ এখন নেটৱর্ক থাকিব৷ আশ্চর্যজনক কথা যে এই যানখনক ত্বৰান্বিত কৰিবলৈ কোনো ৰাসায়নিক ইন্ধনৰ প্রয়োজন নহ’ব৷ ইয়াৰ বাবে পৃথিৱীত কেইবাটাও শক্তিশালী লেজাৰ ৰশ্মি উৎপন্ন কৰিব পৰা ‘মেচিন’ সংস্থাপিত কৰা হ’ব৷ আৰু এই শক্তিশালী লেজাৰৰ ৰশ্মিবোৰে যানখনক (চিপবোৰক) ত্বৰান্বিবত কৰিব৷ বিশেষ ব্যৱস্থাৰে এনে ধৰণৰ চিপবোৰক প্রথমে পৃথিৱীৰ মধ্যাকর্ষণ বলৰ পৰা মুক্ত কৰি মহাকাশত এৰি দিয়া হ’ব৷ তাৰ পাছতেই মহাকাশত ওপঙি থকা এই চিপবোৰক লেজাৰ ৰশ্মিৰ দ্বাৰা ত্বৰান্বিত কৰি সঠিক গতিপথ দিয়া হ’ব৷ এনেদৰে এটা গ্রহলৈ কেইবাহাজাৰো ‘নেন’ চিপ’ পঠিওৱা হ’ব, কাৰণ মহাকাশৰ বিপদসংকুল পৰিৱেশত কিছুসংখ্যক বিকল হৈ পৰিলেও যাতে বাকীবোৰে তথ্য সংগ্রহ কৰি যাব পাৰে৷ বিজ্ঞানীসকলৰ মতে যানখনে পোহৰৰ বেগৰ ২% গতিবেগ লাভ কৰাত সক্ষম হ’ব৷ অর্থাৎ প্রতি ঘণ্টাত ২১৫.৮৫ মিলিয়ন কিলোমিটাৰ বেগেৰে যাবলৈ সক্ষম হ’ব৷ আৰু এই বেগেৰে যানখনক ‘প্রক্সিমা চেঞ্চুৰী’ পাবলৈ সময় লাগিব মাত্র ২০–২৫ বছৰ৷ কিন্তু লেজাৰৰ পোহৰেনো যানখনক কেনেকৈ ত্বৰান্বিত কৰিব?
আমি জানো পোহৰ ফ’টন কণিকাৰে গঠিত৷ যেতিয়া এই ফ’টন কণিকাবোৰে কোনো বস্তুক খুন্দিয়ায়, ই বস্তুটোত ক্ষুদ্র চাপৰ সৃষ্টি কৰে৷ যিহেতু পোহৰৰ চাপ অতি সামান্য, যাৰ বাবে গধুৰ বস্তুক ই খুন্দিয়ালে বিশেষ কোনো প্রভাৱ দেখা নাযায়৷ জোহান্স কেপলাৰে এই পৰিঘটনাটোক প্রথমে প্রত্যক্ষ কৰিছিল৷ কেপলাৰে সঠিকভাৱেই বুজাইছিল যে এই পৰিঘটনাৰ বাবেই সূর্যৰ পোহৰৰ চাপে ধূমকেতুবোৰৰ পৰা ধূলি আৰু বৰফৰ টুকুৰাবোৰ আঁতৰাই নেজৰ দৰে সৃষ্টি কৰি সূর্যৰ পৰা আঁতৰাই পঠিয়ায়৷ বর্তমান কম্পিউটাৰ প্রযুক্তি এনেধৰণে আগবাঢ়ি গৈছে যে বৈজ্ঞানিক গৱেষণাগাৰ এটাৰ সকলো তথ্যক আমি এটা ক্ষুদ্র ছিলিকন চিপতে সংৰক্ষিত কৰি ৰাখিব পাৰোঁ৷ গতিকে ‘নেন’ চিপ’ ৰ মহাকাশযানৰ ধাৰণাটো বাস্তৱত পৰিণত কৰিবলৈ হয়তো বেছি সময় নালাগিব৷ ‘নেন’ চিপ’টোত কেমেৰা, সৌৰকোষ, সংবেদকসহ সকলো যাৱতীয় বৈজ্ঞানিক উপকৰণ থাকিব, যি গ্রহটোৰ বাতাৱৰণ তথা ৰেডি’ তৰংগবোৰ বিশ্লেষণ কৰি পৃথিৱীলৈ পঠিয়াব পাৰিব৷
ৰকেটবোৰৰ নিজৰ ওজনটো দাঙিবলৈয়েবহু পৰিমাণৰ শক্তিৰ অপচয় হয়৷ কিন্তু ‘নেন’ চিপ’বোৰত তেনেধৰণৰ কোনো সমস্যা নাই৷ কাৰণ ইয়াক পৃথিৱীৰ পৰা লেজাৰৰ পোহৰে গতিবেগ প্রদান কৰিব৷এই চিপবোৰত কোনোধৰণৰ যান্ত্রিক উপকৰণ নাথাকে বাবেই যান্ত্রিক বিজুতিৰ কথাও নাহে৷ সেই হিচাপে যানখনৰ উৎক্ষেপণত বহু অসুবিধাও আছে৷ যিহেতু ইয়াক লেজাৰ ৰশ্মিয়ে নিয়ন্ত্রণ কৰিব, গতিকে যানখনৰ গতিবেগ নিয়ন্ত্রণৰ ক্ষেত্রত বহুখিনি অসুবিধা আহিব পাৰে৷ তদুপৰি পৃথিৱীৰ বায়ুমণ্ডলে লেজাৰ পোহৰৰ ৬% পোহৰ শোষণ কৰি ল’ব, যাৰ বাবে যানখনৰ গতিবেগতো বিচ্ছুতি আহিব৷ বহু বিজ্ঞানীৰ মতে শক্তিশালী লেজাৰৰ পোহৰৰ বাবে বায়ুমণ্ডলবিহীন চন্দ্রপৃষ্ঠতো লেজাৰৰ উৎস কিছুমান বনাব লাগিব৷ সমস্যা কিন্তু ইয়াতো আছে, অর্থাৎ লেজাৰৰ পোহৰ যদি সঠিক দিশত যাব নোৱাৰে, তেন্তে যানখনৰ গতিপথটোত সালসলনি হৈ লক্ষ্যস্থানৰ পৰা বিচ্ছুতি ঘটিব পাৰে৷ গতিকে ‘নেন’ চিপ’ক মহাকাশযান হিচাপে বাস্তৱত ৰূপান্তৰ কৰিবলৈ বিজ্ঞানীসকলে এই দিশবোৰত কাম কৰিব লাগিব৷ আৰু অধিক গৱেষণাৰো প্রয়োজন আছে৷ হয়তো ২০৩৫ চনলৈকে এই ‘নেন’ চিপ’ৰ ধাৰণাটো বাস্তৱত পৰিণত হ’ব পাৰে৷ ইয়াৰ উপৰিIon Engines, Nuclear Rockets, Fusion Rockets, Antimatter Starships, Space Elevators আদিৰ দৰে বহু নতুন প্রযুক্তিৰ দ্রুতবেগী ৰকেট আৰু মহাকাশযানৰ বিষয়ে গৱেষণা অব্যাহত আছে৷ এই গৱেষণাবোৰ বাস্তৱায়িত হ’লে এক নতুন বৈজ্ঞানিক যুগৰো শুভাৰম্ভ হ’ব৷