নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫২ বছৰে মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰা বালিপৰাৰ পাটগাঁৱৰ মৃৎশিল্পীজন…

🔹 চৰকাৰী সাহায্যৰ পৰা বঞ্চিত জানকী সৰকাৰ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : ৰাজ্যৰ চুকে-কোণে এতিয়া শাৰদীয় দুৰ্গোৎসৱক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। পূজাত আধ্যাত্মিক ভাব আৰু জাকজমকতা সৃষ্টি কৰিবলৈ সকলো উঠি-পৰি লাগিছে। এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই শোণিতপুৰ জিলাৰ বালিপৰাৰ সমীপৱৰ্তী পাটগাঁৱৰ এজন মৃৎশিল্পী । মৃৎশিল্পীজনৰ নাম জানকী সৰকাৰ । “জানকী শিল্পালয়”ৰ স্বত্বাধিকাৰী জানকী সৰকাৰে বিগত ৫২টা বছৰে নিজ হাতে তৈয়াৰ কৰি আহিছে হাজাৰ হাজাৰ দুৰ্গা প্ৰতিমা, গণেশৰ মূৰ্তি, বিশ্বকৰ্মাৰ মূৰ্তিৰ লগতে অন্যান্য দেৱ-দেৱীৰ বিভিন্ন আকাৰৰ প্ৰতিমা । গাঁঠিৰ ধন ভাঙি প্ৰতিমা নিৰ্মাণৰ বাবে লাগতিয়াল মাটি, ৰং, সাজ-পোছাক, অলংকাৰ ইত্যাদি বিভিন্ন সামগ্ৰী ক্ৰয় কৰি বছৰ বছৰ ধৰি মৃৎশিল্পীজনে নিৰ্মাণ কৰি আহিছে প্ৰতিমা। প্ৰতিমা নিৰ্মাণৰ কামত তেওঁক সহযোগ কৰি আহিছে তেওঁৰ পুত্ৰ আৰু পৰিয়ালৰ লোকে । কেৱল মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰিয়েই লোকজনে অশেষ কষ্টেৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে  জনাইছে। আনহাতে, এইবাৰৰ দুৰ্গাপূজাৰ বাবে সাজি উলিয়াইছে ৩১টাকৈ দুৰ্গা প্ৰতিমা । জানকী সৰকাৰে নিৰ্মাণ কৰা প্ৰতিমা বালিপৰা, চাৰিদুৱাৰ, মানশিৰি, লোক্ৰা ,তেজপুৰ ইত্যাদি বিভিন্ন ঠাইৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও ক্ৰয় কৰি নিয়ে বুলি লোকজনে জনাইছে । নিজ হাতে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰি এইজন জানকী সৰকাৰে লাভ কৰে প্ৰশান্তি । এই প্ৰশান্তিৰ বাবেই ৫২টাকৈ বছৰে প্ৰতিমা নিৰ্মাণত নিমগ্ন হৈ থকা বুলি অৱগত কৰিছে । তেওঁৰ মতে, মূল্যবৃদ্ধিৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে মৃৎশিল্প ক্ষেত্ৰত । জানিব পৰা মতে, জানকী সৰকাৰৰ দৰে অভিজ্ঞ মৃৎশিল্পীয়ে আজিপৰ্যন্ত লাভ কৰা নাই চৰকাৰী সাহায্য । লোকজনে চৰকাৰীভাৱে আৰ্থিক সাহায্য লাভ কৰিলে অৰ্থনৈতিকভাৱে সবল হোৱাৰ উপৰি প্ৰতিমা নিৰ্মাণকাৰ্য বৃদ্ধি কৰিবলৈ সাহস লাভ কৰিব বুলি ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ূষ হাজৰিকাক অনুৰোধ জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like