নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ভাৰত বিকাশ পৰিষদৰ শাখা পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : দেওবাৰে ভাৰত বিকাশ পৰিষদৰ ধুবুৰী শাখাৰ উদ্যোগত ধুবুৰীত অনুষ্ঠিত হৈ যায় শাখা পৰ্যায়ৰ ‘ভাৰত কো জানো’ কুইজ প্ৰতিযোগিতা। ধুবুৰীৰ টাউন হোটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে কুইজ মাষ্টৰ ধৰ্মৰাজ যোশীয়ে। প্ৰতিযোগিতাখনত বিভিন্ন বিদ্যালয়ৰ পৰা ৪৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৰ্বমুঠ ২২টা দলে অংশগ্ৰহণ কৰে।  ছিনিয়ৰ শাখাত প্ৰথম স্থান লাভ কৰে ধুবৰীৰ এছ পি ইংলিছ মিডিয়াম হাইস্কুলৰ দশম শ্ৰেণীৰ দুই ছাত্ৰ সৌমল্য পাল আৰু নিয়াজ ৰাব্বিয়ে।  জুনিয়ৰ শাখাত বেনজিৰ চৌধুৰী আৰু ইয়াচিন ইলহানে প্ৰথম স্থান লাভ কৰে।  দুয়ো এপ’ল’ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী।  শীর্ষস্থান লাভ কৰা এই দুটা দলে আগন্তুক ৰাজ্যিক পর্যায়ৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব৷  উল্লেখ্য যে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনো পৰিষদৰ ধুবুৰী শাখাৰ তত্ত্বাৱধানত ২০২৪ চনৰ ১০ নৱেম্বৰত ধুবুৰী চহৰতে অনুষ্ঠিত হ’ব।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like