নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আন্তঃৰাষ্ট্রীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে দেশৰ বিভিন্ন ক্ষেত্রত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ১৫গৰাকী মহিলাক প্রদান কৰিলে নাৰী শক্তি পুৰস্কাৰ ৷ এইসকলৰ তালিকাত আছে আঠগৰাকীকৈ প্রেৰণাদায়ী মহিলা, দুগৰাকী বয়োবৃদ্ধ মহিলা আৰু বাকীসকল ক্রীড়াৰে জড়িত, যুঁজাৰু পাইলট আৰু সমাজকর্মী ৷ দেওবাৰে নতুন দিল্লীত অনুষ্ঠিত এক বর্ণাঢ্য অনুষ্ঠানত এইসকল মহিলাক ৰাষ্ট্রপতিগৰাকীয়ে পুৰস্কাৰসমূহ প্রদান কৰে ৷ অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু মহিলা আৰু শিশু কল্যাণ মন্ত্রী স্মৃতি ইৰাণী ৷ অন্ধ্রপ্রদেশৰ শ্রীকাকুকাম অঞ্চলৰ পাদালা ভূদেৱী মহিলা কৃষক আৰু গ্রামীণ মহিলা উদ্যোগীসকলৰ বাবে এক ৰোল মডেল ৷ ৰাষ্ট্রপতিৰ নাৰী শক্তি পুৰস্কাৰ লাভ কৰা এই ৪০ বছৰীয়া মহিলাগৰাকীয়ে দীর্ঘদিন ধৰি মাতৃ আৰু শিশুৰ পৰিপুষ্টি সন্দর্ভত সজাগতা সৃষ্টি কৰি আহিছে ৷ বিহাৰৰ মুনগেৰ অঞ্চলৰ ৪৩ বছৰীয়া মহিলা বীণা দেৱীক ‘মাশ্বৰুম মহিলা’ হিচাপে জনা যায়৷ আজি নাৰী দিৱসত সন্মানিত হোৱা এই মহিলাগৰাকীয়ে মাশ্বৰুম খেতিয়কসকলৰ কাৰণে বিভিন্ন কাম কৰি আহিছে৷ আজি ৰাষ্ট্রপতিৰ পৰা বঁটা লাভ কৰা তৃতীয়গৰাকী মহিলা জম্মু–কাশ্মীৰ ৰাজ্যৰ শ্রীনগৰৰ ৩৩ বছৰীয়া আৰিফা জান ৷ তেওঁ হ’ল নামধা হেণ্ডিক্রাফ্টছৰ প্রতিষ্ঠাতা ৷ আৰিফা জানে কাশ্মীৰৰ ১০০গৰাকী মহিলাক প্রশিক্ষণ দিয়াৰ লগতে ২৫গৰাকী মহিলাক সংস্থাপনো দিছে ৷ ইফালে ঝাৰখণ্ডৰ ৰাজনগৰৰ ৪৭ বয়সীয়া চামি মুৰুম হ’ল এগৰাকী পৰিৱেশ কর্মী ৷ তেওঁ ঝাৰখণ্ডত ২৪ বছৰ ধৰি পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু ২৫ লাখ গছ ৰোপণ কৰিছে ৷ নাৰী শক্তি পুৰস্কাৰপ্রাপ্ত পঞ্চমগৰাকী মহিলা লাডাখ জিলাৰ লেহ অঞ্চলৰ ৪০ বছৰীয়া নীলজা ৱাংমো ৷ তেওঁ লাডাখৰ এগৰাকী উদ্যোগী নাৰী ৷ মহিলাগৰাকীয়ে আলচী কিটচেন ৰেষ্টুৰেণ্ট পৰিচালনা কৰি আহিছে৷ লগতে তেওঁ ৰাজ্যখনৰ পিছপৰা অঞ্চলৰ ২০গৰাকী মহিলাক প্রশিক্ষণ দি ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত নিয়োজিত কৰিছে৷ মধ্যপ্রদেশৰ পুনে নিৱাসী ৬০ বছৰীয়া ৰশ্মি উধ্বাৰদেশী নামৰ মহিলাগৰাকীয়ে যোৱা ৩৬ বছৰ ধৰি অটোমেটিভ আৰ এণ্ড ডি প্রফেচনেল হিচাপে কাম কৰি আহিছে৷ তেওঁ ২০১৪ চনৰ পৰা অটোমেটিভ ৰিছার্চ এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সঞ্চালক হিচাপে কাম কৰি আহিছিল৷ আজি নাৰী দিৱসত সন্মানিত হোৱা সপ্তমগৰাকী মহিলা পঞ্জাবৰ পাতিয়ালাৰ ১০৩ বছৰীয়া মান ক’ৰ ৷ তেওঁক ‘মীৰাকল ফ্রম চণ্ডীগড়’ বুলি জনা যায় ৷ ৯৩ বছৰ বয়সত তেওঁ এথলেটিক কেৰিয়াৰ আৰম্ভ কৰে আৰু পোলেণ্ডত অনুষ্ঠিত ৱর্ল্ড মাষ্টার্ছ এথলেটিক্ছ চেম্পিয়নশ্বিপত ট্রেক এণ্ড ফিল্ডত চাৰিটাকৈ স্বর্ণ জয় কৰিছিল ৷ অষ্টমগৰাকী মহিলা উত্তৰ প্রদেশৰ কানপুৰৰ কালাৱতী দেৱী৷ ৫৮ বছৰীয়া মহিলা ৰাজমিস্ত্রীগৰাকীয়ে চাৰি হাজাৰতকৈও অধিক গৃহ নির্মাণ কৰিছে কানপুৰৰ বিভিন্ন গাঁও অঞ্চলত৷ ইফালে পর্বতাৰোহণত সফলতা অর্জন কৰা উত্তৰাখণ্ডৰ ডেৰাডুনৰ তাচি আৰু নাংচি মালিকে (দুয়ো ২৮ বছৰীয়া) প্রথম যমজ মহিলা হিচাপে ২০১৩ চনত এভাৰেষ্টত আৰোহণ কৰিছিল৷ আজি ৰাষ্ট্রপতিয়ে সন্মানিত কৰা আন এগৰাকী মহিলা হ’ল পশ্চিমবংগৰ কলকাতাৰ কৌশিকী চক্রৱর্তী৷ ৩৮ বছৰীয়া মহিলাগৰাকী হ’ল ভাৰতীয় ধ্রুপদী সংগীতৰ এগৰাকী গায়িকা৷ তেওঁ যোৱা ১৫ বছৰে খেয়াল আৰু থুমৰী চর্চা কৰি আহিছে আৰু দেশ–বিদেশত প্রশংসিত হৈছে৷ দেশৰ বায়ুসেনাৰ তিনিগৰাকী প্রথম মহিলা যুঁজাৰু পাইলট হিচাপে অভিলেখ ৰচা অৱনী চতুর্বেদী (২৬), ভাবনা কণ্ঠ (২৭) আৰু মোহনা সিং জিতাৰুৱালক (২৮) আজি ৰাষ্ট্রপতিয়ে সন্মানিত কৰে৷ ইফালে কেৰালাৰ কোল্লাম আৰু আলাপ্পুজাৰ ভাগীৰথী আম্মা (১০৫) আৰু কাত্যায়নী আম্মাই (৯৮) বৃদ্ধ বয়সতো শিক্ষা গ্রহণৰ প্রতি দেখুওৱা আগ্রহ আৰু প্রেৰণাদায়ক আদর্শৰ বাবে আজি আন্তঃৰাষ্ট্রীয় নাৰী দিৱসত ৰাষ্ট্রপতিয়ে সন্মানিত কৰে ৷