নিয়মীয়া বাৰ্তা, ৯ মার্চঃ দিল্লীত চলি থকা ‘কা’বিৰোধী প্রতিবাদৰ সুযোগ লৈ ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা কৰিছিল সন্ত্রাসবাদীয়ে ৷ দেওবাৰে দক্ষিণ–পূব দিল্লীৰ পৰা আৰক্ষীয়ে এটা দম্পতীক আটক কৰাৰ পাছতে এই কথা স্পষ্ট হৈ পৰিছে ৷ বিশ্বৰ দুর্ধর্ষ সন্ত্রাসবাদী সংগঠন আই এছৰ এটা গোটৰ সৈতে সম্পর্ক আছিল দম্পতীটোৰ ৷ আফগানিস্তানৰ খোৰাচান প্রদেশৰ পৰা ইছলামিক ষ্টেটছৰ গোটটোৱে দেওবাৰে আৰক্ষীয়ে আটক কৰা দম্পতীৰ জৰিয়তে দিল্লীত আত্মঘাতী আক্রমণৰ পৰিকল্পনা কৰিছিল ৷ আৰক্ষী সূত্রই জানিব পৰা মতে, তেওঁলোকে দিল্লীত ভয়ংকৰ আক্রমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ উপৰি মুছলিম যুৱকক সন্ত্রাসবাদী আক্রমণত নিয়োজিত কৰিবলৈ উচটাইছিল ৷ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ বিৰোধিতাৰ নামত চলি থকা প্রতিবাদ আৰু হিংসাত্মক ঘটনাত আইছিছে বৃহৎ উদ্যোগ লৈছিল ৷
দেওবাৰে পুৱা এক গোপন সূত্রৰ পম খেদি দিল্লী আৰক্ষীয়ে দিল্লীৰ জামিয়া নগৰৰ গৃহৰ পৰা আটক কৰি নিজৰ জিম্মাত লয় ৷ দিল্লীৰ ডি চি পি প্রমোদ সিং খুছৱাহাই জনোৱা মতে, এই পতি–পত্নীহালক জাহানজেব ছামি আৰু হিনা ৱাছিৰ বেগ বুলি চিনাক্ত কৰা হৈছে ৷ উল্লেখ্য যে শ্বাহিনবাগৰ পাছত জামিয়া নগৰো ‘কা’বিৰোধী প্রতিবাদকাৰীসকলৰ বাবে বৃহৎ ঘাটিত পৰিণত হৈছিল ৷ আটক হোৱা জাহানজেব ছামিয়ে এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰিছিল ৷ দম্পতীটোৱে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ‘ইণ্ডিয়ান মুছলিম ইউনিট’ গঠন কৰিছিল ৷ তেওঁলোকে এই গোটৰ জৰিয়তে ‘কা’ আৰু এন আৰ চিবিৰোধী প্রতিবাদত ইন্ধন যোগাইছিল ৷ শেহতীয়া ‘কা’বিৰোধী প্রতিবাদৰ নামত দিল্লীত ৫৩জন লোকে প্রাণ হেৰুওৱাৰ লগতে ২০০তকৈও অধিক লোক আহত হৈছিল ৷ উত্তৰ–পূব দিল্লীৰ মাজুপুৰ, গকুলপুৰী, ভাজনাপুৰা, জাফ্রাবাদ, চান্দবাগ আৰু খুৰেজীখাচ অঞ্চলত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ এনে ঘটনাৰ আলম লৈয়ে সন্ত্রাসবাদী সংগঠন আই এছে আফগানিস্তানৰ পৰা দিল্লীত হিংসা আৰু কূটাঘাতমূলক কার্য বৃদ্ধিৰ চেষ্টা চলোৱাৰ লগতে এই দম্পতীৰ জৰিয়তে ভয়ংকৰ আত্মঘাতী আক্রমণৰ পৰিকল্পনা কৰিছিল ৷