নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰদোৎসৱৰ অচিলাৰে হোৰাহোৰে হ্ৰাস কেঁচা চাহপাতৰ দাম

বিশেষ বাৰ্তা, ১৫ অক্টোবৰঃ ৰাজ্যৰ অৰ্থনীতি ক্ষেত্ৰখনলৈ অভূতপূৰ্ব অৰিহণা যোগাই অহা অসমৰ চাহ খেতিৰ লগত জড়িত ক্ষুদ্ৰ চাহ খেতিয়কসকল সম্প্ৰতি ভীষণ সমস্যাৰ সন্মুখীন হৈছে। শাৰদীয় উৎসৱৰ অচিলাৰে ৰাজ্যত সম্প্ৰতি হোৰাহোৰে হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্য। একাংশ অনা-অসমীয়া ব্যৱসায়ীৰ চুড়ান্ত মইমতালিৰ বাবেই ৰাজ্যৰ বহু কেঁচা চাহপাহ ক্ৰয় কৰা ফেক্টৰীয়ে প্ৰতিদিনে ক্ষুদ্ৰ চাহ খেতিয়কক শোষণ আৰু নিৰ্যাতন চলাই কেঁচা চাহপাতৰ দাম হ্ৰাস কৰি আহিছে। ন-অসমীয়াৰ এই শোষণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা। সন্থাৰ সভাপতি ৰাজেন বৰা, সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ দত্ত আৰু সহকাৰী সম্পাদক জগত সন্দিকৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি অনুসৰি, শাৰদীয় দুৰ্গোৎসৱৰ অচিলাৰে একাংশ কেঁঁচাপাত ক্ৰয় কৰা অনা-অসমীয়া ব্যৱসায়ীয়ে নিজৰ খেলায়খুচি মৰ্মে ক্ষুদ্ৰ চাহ খেতিয়কক শোষণ কৰি প্ৰতিদিনে কেঁচা চাহপাতৰ দাম হ্ৰাস কৰি চাহ খেতিয়কক নিৰ্যাতন চলাই আহিছে। এই ক্ষেত্ৰত চাহ বৰ্ডৰ ভূমিকাও অতি সন্দেহজনক আখ্যা প্ৰদান কৰিছে চাহ খেতিয়ক সন্থাই। এই ক্ষেত্ৰত সন্থাই শীঘ্ৰে প্ৰতিখন জিলাতে মনিটৰিং কমিটি বৈঠক অনুষ্ঠিত কৰিবলৈ সন্থাই দাবী জনোৱাৰ লগতে অনা-অসমীয়া ব্যৱসায়ীৰ দপদপনি বন্ধ কৰিবলৈ বিভিন্ন দল সংগঠনক কাতৰ আহ্বান জনাইছে।

প্ৰেৰক দীপাংকৰ পাল

You might also like