নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ তালিকা প্ৰকাশৰ পিছতে ক্ষুব্ধ বড়ো লোক

নিয়মীযা বাৰ্তা, ১৮ অক্টোবৰঃ পঞ্চায়তৰ পুনঃনিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে জাঙুৰ খাই উঠিছে বড়ো সমন্বয়ৰক্ষী সমিতি ৷ আজি আবেলি দুধনৈস্থিত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ত আয়োজন কৰা সংবাদ মেল বড়ো সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা তুলসীধৰ বড়োই আঁত ধৰি তীব্ৰ ক্ষোভ উজাৰে ৷ উল্লেখ্য যে পঞ্চায়তৰ পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিছতে সংবাদ মেলযোগে গোৱালপাৰা জিলাৰ বিভিন্ন ৰাজহ গাঁৱৰ পঞ্চায়ত সলনি হোৱাৰ বিৰুদ্ধাচৰণ কৰি পঞ্চায়ত সলনি নকৰাকৈ পূৰ্বৰ দৰেই ৰাখিবলৈ চৰকাৰ প্ৰশাসনক ২৯ ছেপ্টেম্বৰত সংবাদ মেলযোগে আহ্বান জনাইছিল বুলি উপদেষ্টা তুলসীধৰ বড়োই সংবাদ মেলখনত উল্লেখ কৰে৷ আনকি গোৱালপাৰা জিলা আয়ুক্তক এই বিষয়ে আপত্তিও দৰ্শাইছিল সংগঠনটোয়ে৷ কিন্তু ১৭ অক্টোবৰত পঞ্চায়তৰ পুনঃনিৰ্ধাৰণৰ চুড়ান্ত তালিকা প্ৰকাশ পোৱাত আপত্তি থকা এলেকা বা গাওঁসমূহ খচৰাত প্ৰকাশ কৰাৰ অনুৰূপ ধৰণে চুড়ান্ত তালিকা প্ৰকাশ কৰাত জাঙুৰ খাই উঠে বড়ো সমন্বয়ৰক্ষী সমিতি ৷ ইফালে পাঁচখন গাঁৱৰে গঠিত ৯৫০গৰাকী ভোটাৰ থকা ৰম্বুক ৰাজহ গাঁৱৰ ৰাইজেও হুংকাৰ প্ৰদান কৰি চুড়ান্ত তালিকাৰ পৰা যদি নতুনকৈ চামিল কৰা মাজ-জাখিলী পঞ্চায়তৰ সলনি পূৰ্বৰ লেলা পঞ্চায়ত চামিল নকৰিলে আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত ৯৫০গৰাকী ভোটাৰে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে৷ আনহাতে আগন্তুক এক সপ্তাহৰ ভিতৰত বড়ো সমন্বয়ৰক্ষী সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ওজৰ-আপত্তি দাখিল কৰি পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ চুড়ান্ত তালিকা সংশোধনীৰ বাবে আহ্বান জনাব৷ যদি তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অতি সোনকালে এলানি জংগী গণতান্ত্ৰিক আন্দোলোনৰ কাৰ্যসূচী হাতত লোৱাৰ কথা আজিৰ সংবাদমেল যোগে প্ৰকাশ কৰে বড়ো সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বই। পঞ্চায়তৰ পুনঃনিৰ্ধাৰণ চুড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত তেওঁলোকে দাবীসমূহ ক্ৰমে দুধনৈ গাঁও পঞ্চায়তৰ কোনো ধৰণৰ সালসলনি কৰিব নালাগে৷ ৰংম্বুক ৰাজহ গাঁও মাজ-জাখিলী পঞ্চায়তলৈ স্থানান্তৰিত কৰা হৈছে যদিও তেওঁলোকে মাজ-জাখিলীত নহয় লেলা গাওঁ পঞ্চায়ততে থাকিব বিচাৰিছে৷ আনহাতে বাখৰা পাৰা ১ম খণ্ড আৰু ২য় খণ্ড ৰাজহ গাঁৱক ধূপধৰা আমবাৰী পঞ্চায়তত চামিল কৰিব বিচাৰিছে, সেই সিদ্ধান্তও সলনি কৰি দুয়োখন ৰাজহ গাঁৱক পূৰ্বৰ দৰে ৰংজুলি গাঁও পঞ্চায়ততে ৰাখিবলৈ দাবী জনায়৷ ইয়াৰ উপৰি আমবাৰী ৰাজহ গাঁও খুটাবাৰী পঞ্চায়তৰ সলনি আমবাৰী পঞ্চায়ত, আমবাৰী পঞ্চায়ত ৰংজুলি পঞ্চায়তত নাথাকি ধুপধৰাতে থাকিব আৰু মেলোপাৰা দ্বিতীয় খণ্ড আৰু ৰৌমাৰী প্ৰথমখণ্ড ৰংজুলিত নাথাকি পুৰ্বৰ দৰে দৰংগিৰি পঞ্চায়ত থকাৰ বাবে দাবী জনায়। সংবাদ মেলত বড়ো সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াৰ লগতে কেবাটাও বড়ো জাতীয় সংগঠনৰ নেতৃত্বই উপস্থিত থাকে ৷

প্ৰেৰক বেনজিন বড়ো 

You might also like