নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্ৰিকেটত ৰান মেচিন বিৰাট কোহলিৰ অনন্য কৃতিত্ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ অক্টোবৰঃ বর্ণিল কেৰিয়াৰত আন এক কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ টেষ্ট ক্রিকেটত ৯০০০ ৰান সম্পূর্ণ কৰি ভাৰতৰ চতুর্থগৰাকী বেটাৰৰূপে গৌৰৱ অর্জন কৰে কোহলিয়ে৷ সম্প্রতি বেংগালুৰুত নিউজিলেণ্ডৰ বিপক্ষে খেলি থকা প্রথমখন টেষ্টৰ আজি তৃতীয় দিনা দ্বিতীয় ইনিংছত ৫৩ ৰান কৰাৰ লগে লগে টেষ্ট ক্রিকেটত ৯,০০০ ৰান সম্পূর্ণ কৰে তাৰকা বেটাৰগৰাকীয়ে৷ ১১৬খন টেষ্ট মেচৰ ১৯৭টা ইনিংছত কোহলিয়ে এই মাইলষ্ট’নত প্রৱেশ কৰে৷ ২০০খন টেষ্টত ১৫,৯২১ ৰান কৰি এই তালিকাৰ শীর্ষত আছে কিংবদন্তি ক্রিকেটাৰ শচীন তেণ্ডুলকাৰ৷ আনহাতে ১৬৩খন টেষ্টত ১৩,২৮৮ ৰান কৰি ৰাহুল দ্রাবিড়ে দ্বিতীয় আৰু ১২৫খন টেষ্টত ১০,১২২ ৰান কৰি সুনীল গাভাস্কাৰে তৃতীয় স্থান অধিকাৰ কৰি আছে৷ আজি ব্যক্তিগত ৭০ ৰানত পেভিলিয়নমুখী হোৱা কোহলিয়ে ৯,০১৭ৰান সংগ্রহ কৰি চতুর্থ স্থানত আছে৷

You might also like