নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চোৰ-ডকাইতৰ ধাৰাবাহিক উপদ্ৰৱত অতিষ্ঠ সৰ্থেবাৰীৰ জনতা

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰ : ঐতিহাসিক কাঁহ শিল্প নগৰীৰ লগতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চল এতিয়া চোৰ ডকাইতৰ কৱলত পৰিছে। চোৰ ডকাইতৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। বিগত কিছুদিনৰ পৰা চোৰ ডকাইতৰ উপদ্ৰৱে সমগ্ৰ অঞ্চলটোৰ ৰাইজক অতিষ্ঠ কৰিছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে দিন দুপৰতে বতিয়াৰ পথাৰত ঘাঁহ খাই থকা অৱস্থাত বতিয়াৰ ৰাইজৰ ষাঁড় গৰু এটা চোৰে চুৰ কৰি লৈ যায়। কেইদিনমান পিছত বতিয়াতে অনুৰূপ ঘটনা সংঘটিত কৰি আন এটা ষাঁড় গৰু চোৰে চুৰি কৰি লৈ যায়।প্ৰায় এমাহমান পূৰ্বে কাৰাকুছি গাঁৱৰ পৰা নিশা গোহালীৰ পৰাই দুটাকৈ গৰু চোৰ কৰি লৈ যায়।ইয়াৰ পিছতেই বৰকাপলাৰ পৰা দিনতে বিলাসী বাহনেৰে ছাগলী চুৰি হোৱাৰ লগতে নিশাও বৰকাপলাৰ পৰা বিলাসী বাহনত অহা চোৰে ছাগলী চুৰি কৰে।এই দৃশ্য চি চি কেমেৰাত আবদ্ধ হৈ পৰে। একেদৰে যোৱা ১৩ তাৰিখে বৰকাপলাৰ দশৰথ নাথৰ ঘৰত সন্ধিয়া কোনো নথকাৰ সুযোগত চোৰে দুৱাৰৰ টলা ভাঙি ঘৰত প্ৰবেশ কৰি সোণৰ অলংকাৰ, লেপটপ, মোবাইল ফোন, নগদ ধন আৰু বাচন বৰ্তন চুৰ কৰি লৈ যায়। দশৰথ নাথে তেওঁৰ ঘৰত ৰং কৰা ৰং মিস্ত্ৰি জাহিদুল ইচলামক সন্দেহ কৰি গোচৰ দাখিল কৰাত সৰ্থেবাৰী আৰক্ষীয়ে জাহিদুল ইচলাম নামৰ লোক জনক আটক কৰে। জানিব পৰা মতে জাহিদুলে এই চুৰি কাৰ্য সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। সেই দিনাই বেলবাৰী ব্যাসকুছি পথৰ বৰকাপলাৰ সমীপত ব্যাসকুছিৰ ফালৰ পৰা ই ৰিক্সাত আহি থকা মহিলাৰ দলক ডকাইতি কৰে।বাইকত অহা তিনিজনীয়া ডকাইতৰ দলে ই ৰিক্সাত থকা এগৰাকী মহিলাৰ টকাৰ বেগ কাঢ়ি লৈ যায়। ৰেখা দাস নামৰ মহিলা গৰাকীৰ বেগত নগদ ধন থকাৰ লগতে মোবাইল ফোন আছিল। শেহতীয়া ভাৱে যোৱা ১৭ তাৰিখে দুপৰীয়াৰ ভাগত সৰ্থেবাৰী আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ নিলগৰ পৰা চোৰে চুৰি কৰি নিয়ে চাৰিটাকৈ ছাগলী। ছাগলী কেইটা সৰ্থেবাৰীৰ মহৎ ডেকা নামৰ এগৰাকী ব্যক্তিৰ আছিল। মহৎ ডেকাই জানিবলৈ দিয়া মতে ছাগলী কেইটা দিন দুপৰতে চৰি থকা সময়তে চুৰি হৈছে। এইদৰে এটাৰ পিছত আনটো চুৰি কাৰ্য সংঘটিত হোৱাত এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ গঞা। নিশা নহয় দিনতো ঘৰ এৰিব নোৱাৰা হৈছে স্থানীয় লোকে।চোৰৰ উপদ্ৰৱ ৰোধ কৰাত যেন ব্যৰ্থ হৈছে সৰ্থেবাৰী আৰক্ষী।

প্ৰেৰক নকুল তালুকদাৰ

You might also like