নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিদিনেই নিজৰ ভাষ্য সলনি কৰে ৰকিবুল হুছেইনে

📌  বিহালীৰ প্ৰাৰ্থী হ’ব চিপিআই(এম-এল) দলৰ
📌  যুৱনেতা জয়ন্ত বৰাৰ প্ৰসঙ্গত মৌনব্ৰত পালন সাংসদ ৰঞ্জিত দত্তৰ
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ বিহালীত বিৰোধী শিৱিৰৰ কোনটো দলৰ কোন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব লাভ কৰিব অংক চলি থকাৰ সময়তে  বিজেপি দলৰ নিশ্চিত প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক কাষত লৈ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী বিহালীৰ প্ৰভাৰী পীয়ুষ হাজৰিকাই ৷ আজি ৰাজ্যৰ মন্ত্ৰী, প্ৰভাৰী পীয়ুষ হাজৰিকাই বৰগাং গাঁও পঞ্চায়ত অন্তৰ্গত এলেকাত ৭খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ মন্ত্ৰী হাজৰিকাই নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি কয় যে বিহালীত আমি জিকাটো নিশ্চিত৷ বিৰোধী দলৰ কংগ্ৰেছ অথবা আন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়েই নহওক কিয় আমি শক্তিশালীভীৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম৷ আনহাতে পুনৰ আজি মন্ত্ৰী হাজৰিকা সাংসদ ৰকিবুল হুচেইনৰ বিৰূদ্ধে আক্ৰমণাত্মকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰকিবুল হুছেইনয়ে প্ৰতি দিনেই নিজৰ ভাষ্য সাল-সলনি কৰিছে ৷ প্ৰথম দিনা ৰকিবুল হুছেইনে কৈছে যে তেখেতে গাড়ী দিছে ৷ আজি ৰকিবুল হুছেইনে কৈছে যে তেখেতে মোক  গাড়ী দিয়া নাছিল৷ প্ৰথম দিনা ৰকিবুল হুছেইনে কৈছে যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰকিবুল হুছেইনে কৈ মোক টিকট দিছে ৷ কালি কৈছে যে ৰাহুল গান্ধীক কৈ মোক টিকট দিছে৷ দৰাচলতে ৰকিবুল হুছেইনেই পাহৰি গৈছে ২০১১ চনত ৰাহুল গান্ধীয়ে তেওঁক চিনিয়েই পোৱা নাছিল৷ ৰকিবুল হুছেইনে ৰাহুল গান্ধীক কৈ টিকট প্ৰদান কৰাটো অবান্তৰ কথা৷ ৰকিবুল হুছেইনে বেছি চাপ লৈছে৷ বিহালী উপ নিৰ্বাচনৰ প্ৰভাৰী পিয়ুষ হাজৰিকাই ৰকিবুল হুছেইনৰ সন্দৰ্ভত কয় যে ৰকিবুল হুছেইনে এগৰাকী মন্ত্ৰী হিচাবে মোক যিদৰে সহায় কৰিছিল, ময়ো তেওঁক মন্ত্ৰী হিচাবে তেনেদৰে সহায় কৰিছোঁ৷  মই যদি খাই পাত ফলা তেন্তে ৰকিবুল হুচেইনয়ো খাই পাত ফলা৷ ইপিনে বিহালীৰ প্ৰাক্তন বিজেপিৰ যুৱনেতা জয়ন্ত বৰাৰ দল ত্যাগ সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই মৌনব্ৰত পালন কৰা পৰিলক্ষিত হৈছে৷ যুৱনেতা জয়ন্ত বৰাই সাংসদ ৰঞ্জিত দত্তৰ বিৰূদ্ধে উত্থাপন কৰা একনায়কত্বৱাদ সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই সংবাদ মাধ্যমৰ সন্মুখত মন্তৱ্য প্ৰকাশ কৰাৰ পৰাৰ বিৰত থাকে৷ ইপিনে যুৱনেতা জয়ন্ত বৰাৰ পদত্যাগ সন্দৰ্ভত সাংসদ ৰঞ্জিত দত্তই কয় যে জয়ন্ত বৰা মোৰ সৰু ভাই ৷ তেওঁ পদত্যাগ কৰিছে৷ মই তেওঁৰ ওপৰত একো মন্তব্য নিদিওঁ বুলি কয৷ তদুপৰি সাংসদ তথা বিহালীৰ চাৰিবাৰৰ বিধায়ক ৰঞ্জিত দত্তই বিহালীত বিজেপিৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে৷
বিহালী চিপিআই(এম-এল) দলক গতোৱাক লৈ প্ৰতিক্ৰিয়াঃ ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত অনুষ্ঠিতৱ্য উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত এখোজ দি দুখোজ পিছুৱাইছে শাসকীয় দল বিজেপি কিম্বা বিৰোধী কংগ্ৰেছ দল৷ ইতিমধ্যে শাসকীয় বিজেপি দলৰ বিহালীৰ প্ৰাৰ্থী চূড়ান্ত হৈছে মাথো আনুষ্ঠানিকতা বাকী৷ জানিব পৰামতে, বিহালীৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত দত্তই বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰক বিহালী উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব চূড়ান্ত কৰিছে৷ তাৰ বিপৰীতে বিহালী সমষ্টি বিৰোধী দল কংগ্ৰেছ দলে বাওঁদল চিপিআই(এম-এল) দলক মিত্ৰতা দোহাই প্ৰতিদ্বন্দিতা কৰিৱলৈ এৰি দিয়াটো প্ৰায় নিশ্চিত৷  বিৰোধী কংগ্ৰেছ দলে চিপিআই(এম-এল) দলক বিহালী আসনখন গতোৱাক লৈ বিহালীৰ শিৱিৰ আৰু বিভিন্ন সচেতন ব্যক্তি, কংগ্ৰেছ দল সমৰ্থকৰ মাজত তীব্ৰ অসন্তুষ্টি বহিঃপ্ৰকাশ ঘটিছে৷ তদুপৰি বিহালী উপ নিৰ্বাচনত কংগ্ৰেছ দলে নিজাববীয়া প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে বিহালী কংগ্ৰেছৰ বিহালী আৰু বাঘমৰা ব্লক কংগ্ৰেছ কমিটিয়ে পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বিহালী বিধানসভা সমষ্টিত কোন ৰাজনৈতিক দল প্ৰাৰ্থীয়ে উপ নিৰ্বাচনত অৱৰ্ত্তীণ হ’ব তাৰ সিদ্ধান্ত গ্ৰহণ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞাই৷ সদ্য অনুষ্ঠিতৱ্য উপ নিৰ্বাচনত বিহালী আসনখন মিত্ৰজোঁটৰ সহযোগী দল হিচাপে কংগ্ৰেছ দলৰ পৰা বিচাৰি প্ৰস্তাৱ উত্থাপন কৰে বিধায়ক অখিল গগৈ আৰু সাংসদ অজিত কুমাৰ ভুঞাই৷ কোনো কালে বিহালী সমাজ জীৱনৰ স’তে একাত্ম নোহোৱা, বিহালীৰ মৌলিক সমস্যা সম্পৰ্কে খন্তেক চিন্তা নকৰা অখিল গগৈ আৰু অজিত কুমাৰ ভুঞাই বিহালীৰ জনসাধাৰণৰ মতামত অবিহনে বামপন্থী চিপিআই(এম-এল) দলক এৰি দিৱলৈ বাধ্য কৰোৱা কাৰ্যক বিহালীৰ সচেতন লোকে তীব্ৰ বিৰোধীতা কৰিছে৷ আনকি বিধায়ক অখিল গগৈ আৰু সাংসদ অজিত কুমাৰ ভুঞাই বিহালীক বিজেপিৰ হাতত ৱাক অভাৰ দিৱলৈ বিচাৰিছে নেকি বুলি বিহালীৰ সচেতন মহলে সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰিছে৷
প্ৰেৰক দিগন্ত শইকীয়া
You might also like