নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় কাৰাটেত উজলিল চৰাইবাহীৰ দীপিকা বৰা

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰী দীপিকা বৰাই তৃতীয় স্থান লাভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ লগতে মৰিগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। মধ্য প্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী তথা চৰাইবাহী কাৰাটেডো ক্লাৱৰ প্ৰশিক্ষক মতিবুৰ ৰহমানৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত দীপিকা বৰাই বিদ্যা ভাৰতীৰ পূৰ্বোত্তক্ষেত্ৰৰ হৈ অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত সুন্দৰ খেল প্ৰদৰ্শন কৰি তৃতীয় স্থান দখল কৰি উত্তৰ পূৰ্বাঞ্চলৰ লগতে মৰিগাঁও তথা চৰাইবাহীলৈ গৌৰৱ কঢ়িয়াই আনে।
প্ৰেৰক মানস নাথ
You might also like