নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ পাগ্লাদিয়া জৈৱিক কৃষি ফাৰ্ম পৰিদৰ্শন ফণীন্দ্ৰ নাথ শৰ্মাৰ 

নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ অক্টোবৰঃ হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছত ফণীন্দ্ৰ নাথ শৰ্মা আজি নলবাৰীত উপস্থিত হৈ পাগ্লাদিয়া ৰিজৰ্টৰ শঙ্কৰদেৱ জৈৱিক কৃষি ফাৰ্মত উপস্থিত হৈ ফাৰ্মখন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁৰ লগত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক জগদীশ দত্ত, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভৰালী, নলবাৰী উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ বনদ্বীপ ডেকা, নলবাৰী ক্ৰীড়া সন্থাৰ উপ সভাপতি হেমেন্দ্ৰ মহন্ত‌‌‌, বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সম্পাদক ভাস্কৰ ডেকা, উপ সভাপতি মানস পাটগিৰি, আৰতী বৈশ্য, ৰুবী মহন্ত, জোন বৰ্মন, অপূৰ্ব দাস আদি। ফণীন্দ্ৰ নাথ শৰ্মাই ফাৰ্মখন পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে। অসমীয়া যুৱকৰ এনে স্বাৱলম্বী আদৰ্শক সকলোৰে প্ৰেৰণা হোৱা উচিত বুলি মন্তব্য কৰে।

You might also like