নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ বছৰত ৮টা নিৰ্বাচনত পৰাজয় : বিহালীত যুঁজিবলৈ সাজু বিবেক দাস 

নিয়মীয়া বাৰ্তা বৰগাং  ২১ অক্টোবৰ : ৰাজ্যৰ ৰাজনীতিত ভূঁইকপ সৃষ্টি কৰি ৰখা সমষ্টিটো হ’ল বিহালী৷ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা বিহালীৰ প্ৰাৰ্থিত্ব সংঘাত ৰাজনীতিয়ে তোলপাৰ লগাইছে৷ অতিসম্প্ৰতি বিহালীৰ বিৰোধী প্ৰাৰ্থী সংঘাত ৰাজনীতি আকৰ্ষণীয় হৈ পৰিছে৷ যিসময়ত বিৰোধী দল যুঁজিব লাগিছিল শাসকীয় কংগ্ৰেছৰ বিৰূদ্ধে সেই সময়ত বিৰোধী দল চিপিআই(এম-এল) আৰু কংগ্ৰেছ দল যুযুধান ৰূপত অৱৰ্ত্তীণ হৈছে বিহালীত৷ ইতিমধ্যে ১৩ নৱেম্বৰ অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে মাৰাথান প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে সেই সময়ত বিৰোধী দল যুঁজিছে বিৰোধীৰ বিপক্ষে৷ বিৰোধী অসম সন্মিলিত মঞ্চ চমুকৈ অসমৰ মাজত দেখা গৈছে প্ৰাৰ্থীত্বকেন্দ্ৰীক টনা-আঁজোৰা এফালে বিহালী আসনখন চি.পি.আই.এম.এল দলে বিচাৰি কংগ্ৰেছক হেঁচা প্ৰয়োগ কৰিছে আনফালে একাংশ কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটোত দলীয় প্ৰাৰ্থী প্ৰদান কৰিবলৈ দাবী কৰিছে। শেহতীয়াভাৱে বিৰোধী কংগ্ৰেছ দলে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক দলীয় টিকট প্ৰদান বাবে কৰা চিন্তা-চৰ্চাত বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই জয়ন্ত বৰাক টিকট প্ৰদান কৰিলে মুণ্ডন প্ৰতিবাদ কৰাৰ হুংকাৰ দিছে৷ সিফালে বিৰোধী মিত্ৰজোঁটে বিহালী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰক্ষেপ কৰিব বিচৰা চিপিআই(এম-এল)ৰ প্ৰাৰ্থী বিবেক দাস বিগত ২৮ বছৰত অনুষ্ঠিত ৮টাকৈ নির্বাচনত শোচনীয় পৰাজয় বৰণ কৰা নেতা হোৱাৰ বাবে সমষ্টিটোৰ কংগ্ৰেছ নেতা কৰ্মীয়ে আদৰি ল’ৱ বিচৰা নাই বুলি চৰ্চা চলিছে৷ অসম সন্মিলিত মঞ্চৰ সভাত বিহালী উপ-নির্বাচনৰ প্ৰাৰ্থী চূড়ান্ত কৰাত ব্যৰ্থ হোৱাত বিৰোধী অসমৰ নেতা সাংসদ অজিত ভূঞা, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, জন ইংতি কাথাৰক লৈ ‘অসম’-এ গঠন কৰি দিয়া পাঁচজনীয়া সমিতিয়ে চিপি আই (এম এল) দলৰ বিবেক দাসক বিৰোধী মিত্ৰজোঁটৰ তৰফৰ পৰা বিহালীত প্রার্থিত্ব প্রদানৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্রতিবেদন প্ৰেৰণ কৰাৰ লগে লগে বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক সিদ্ধান্তত  ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ তথ্যমতে  চিপিআই(এম-এল) নেতা বিবেক দাসে ১৯৯৬ৰ বিধানসভা নির্বাচনত ৮৫২৮টা ভোট, ২০০১ চনৰ নিৰ্বাচনত  ১২,২৮০টা ভোট, ২০০৬ চনৰ নিৰ্বাচনত ১৮,৪১২টা, ২০১১ চনৰ নিৰ্বাচনত ১২,৭৮৪টা ভোট, ২০১৬ চনৰ নির্বাচনত ৮,০২৫টা ভোট, ২০২১ চনত ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্রেছে বিহালী সমষ্টিটো এৰি দিয়ে চি পি আই (এম এল)ৰ বিবেক দাসে প্ৰতিদ্বন্দিতা কৰি ২২,৫৩১ টা ভোট লাভ কৰিছিল৷ আনহাতে  চি পি আই (এম এল)নেতা বিবেক দাসে ১৯৯৮ চনত অনুষ্ঠিত লোকসভা নির্বাচনত তেজপুৰ লোকসভা সমষ্টি  প্রতিদ্বন্দ্বিতা কৰি মুঠ ৯,২৯২ টা ভোট,  ১৯৯৯ চনত  তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি ৮,৮৫৫টা ভোটে লাভৰে বিগত ২৮টা বছৰত ৮বাৰ নিৰ্বাচনত অৱৰ্ত্তীণ পৰাভূত হৈছে৷ বিগত ২৮ বছৰে বিহালীত ৰাজনীতি কৰাৰ পিছতো বিহালীৰ ভোটাৰ ৰাইজে আকোঁৱালি ল’ৱ নিবিচৰা প্ৰাৰ্থীক বিধায়ক অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞা, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কি কাৰণত অতি দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপত উঠি পৰি লাগিছে বুলি সচেতন মহলৰ মাজত প্ৰশ্ন সৃষ্টি হৈছে৷
প্ৰেৰক দিগন্ত শইকীয়া
You might also like