নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনলাইন প্র-পত্র পূৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ অক্টোবৰঃ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) ভংগ হোৱাৰ পাছত প্রথমবাৰলৈ ২০২৫ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব নৱগঠিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ডিভিজন–১ৰ পৰিচালনাত৷ ইতিমধ্যে ২০২৫ বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্র–পত্র পূৰণৰ সময়সূচী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ডিভিজন–১ৰ সচিবে ঘোষণা কৰিছে৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্র–পত্রসমূহ অনলাইনযোগে পূৰণ কৰিব লাগিব৷ সেইদৰে নির্দিষ্ট মাচুলো জমা দিব লাগিব অনলাইনযোগে৷ অহা ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ অনলাইনযোগে আবেদন পত্র পূৰণৰ সময়সীমা নির্ধাৰণ কৰা হৈছে৷ অনলাইনযোগে মাচুল জমা তথা চালান জেনেৰেচনৰ অন্তিম দিন হৈছে ১৫ নৱেম্বৰ৷ ভাৰতীয় ষ্টেট বেংকত চালানযোগে অহা ১৮ নৱেম্বৰত মাচুল জমা দিব পাৰিব৷ যদিহে চেকলিষ্টত কিবা সংশোধনী থাকে, সেয়া অনলাইনযোগে কৰিব পাৰিব অহা ৩০ নৱেম্বৰলৈ৷ প্র–পত্রসমূহ নির্দিষ্ট প’র্টেলsevaregistration.org যোগে পূৰণ কৰিব লাগিব৷ অনলাইন পর্টেলৰ ক্ষেত্রত ইউজাৰ আইডি আৰু পাছৱর্ড নৱম শ্রেণীৰ পর্টেলৰ সৈতে একে থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে৷ যদিহে কোনোবাই ইউজাৰ আইডি আৰু পাছৱর্ড পাহৰি গৈছে, তেন্তে তেওঁলোকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ ডিভিজন–১ৰ আঞ্চলিক কার্যালয়ত সদস্য সচিবৰ সৈতে যোগাযোগ কৰিব পাৰিব৷

You might also like