নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জ্ঞাননি ফুংখা এপ্‌ছ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ সুবিধাৰ্থে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ বড়ো আৰু অসমীয়া ভাষাত গণিত আৰু বিজ্ঞানৰ ভিত্তিত’ ’জ্ঞাননি ফুংখা’ জ্ঞানৰ নিজৰা নামৰ এণ্ড্ৰইড মোবাইল এপছটি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ওদালগুৰিৰ ডিমাকুছিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ বোন্দাৰাম দৈমাৰী সোঁৱৰণী ট্ৰাষ্টৰ তত্বাৱধানত “আহক একেলগে শিকোঁ” নামৰ সংস্থাৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা এপ্‌ছটোৰ মুকলি অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকি দিল্লী ইষ্টিটিউট অৱ এডমিষ্টেটিভ চাৰ্ভিচৰ কাৰ্যকৰী সঞ্চালক ৰাজীৱ বৰুৱাই এপটোৰ কাৰ্যকৰিতাৰ বিষয়ত অৱগত কৰি কয় সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰাত সকলোৱে গুৰুত্ব দিয়াৰ বাবে অভিভাৱক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়৷ এই এপছটো সমগ্ৰ অসমজুৰি প্ৰসাৰ-প্ৰচাৰ কৰাৰ বাবেও আহ্বান জনায় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ জিলা আয়ুক্ত পুলক পাটগিৰিয়ে ভাষণত মোবাইল এপটোৱে ছাত্ৰ-ছাত্ৰীক যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰে ৷ অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এপ্‌টোৰ বিষয়ে বিশদভাৱে অৱগত কৰি কয় ছাত্ৰ-ছাত্ৰীসকলক অবাবত মোবাইলত ব্যস্ত নাথাকি যুৱ-উশৃংখলতাৰ পৰা বিৰত থাকি নিজৰ শৈক্ষিক কেৰিয়াৰ শক্তিশালী ৰূপত গঢ়ি তোলাৰ বাবে পৰামৰ্শ দিয়ে৷ এই মোবাইল এপটোৱে নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰসকলক অসমীয়া আৰু বড়ো ভাষাত গনিত আৰু বিজ্ঞান শিক্ষা দিয়াৰ উপৰি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ প্ৰাৰ্থীসকলৰ উপযোগীকৈ পাঠ্যক্ৰম আৰু তথ্য উপলব্ধ হ’ব বুলি ব্যক্ত কৰে৷ অৱশ্যে সম্প্ৰতি সময়ত টংলা আৰু ভেৰগাঁও বিধানসভাৰ ছাত্ৰছাত্ৰীসকলেহে ব্যৱহাৰ কৰিব পাৰিব বুলি প্ৰকাশ কৰে ৷

প্ৰেৰক পিংকু কলিতা

You might also like