নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত বৃহৎ সাফল্য বাইহাটা চাৰিআলিৰ ৰাহুল ইছলামৰ

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : মনত অদম্য হেঁপাহ আৰু একগ্ৰতা থাকিলে কিদৰে সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি তাকেই প্রতিপন্ন কৰি দেখুৱালে বাইহাটা চাৰিআলিৰ সমীপৰ ৰাধাকুছি গাঁৱৰ অতি মেধাসম্পন্ন গবেষক ৰাহুল ইছলামে। নিজৰ কৰ্মদক্ষতাৰে আমেৰিকাৰ ষ্টিভেন্স ইনষ্টিটিউট অৱ টেকনোলজি কৰা গৱেষণাৰ জৰিয়তে হতাশাত ভোগা ব্যক্তিসকলক চিনাক্তকৰণৰ বাবে মোবাইল এপ্লিকেচন উদ্ভাবন  উলিয়াছে  ৰাহুল ইছলামে। যিটো এপচৰ জৰিয়তে চকু আৰু মুখৰ স্কেন কৰি মানুহ এজন কিমান হতাশাত ভুগি আছে সেয়া নিৰ্নয় কৰিব পৰা যাব বুলি উল্লেখ কৰে অসমৰ এইগৰাকী যুৱ গৱেষকে। অধ্যাপক ছাং বন বায়েৰ নামৰ অধ্যাপকগৰাকীৰ নেতৃত্বত চলা গৱেষণাত সহযোগী গৱেষক আছিল বইহাটা চাৰিআলিৰ ৰাধাকুছি গাঁৱৰ যুৱক ৰাহুল ইছলাম। সৰুৰে পৰা অতি মেধাসম্পন্ন ৰাহুলৰ সফলতাত উৎফুল্লিত পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অঞ্চলৰ গাঁও এখনৰ পৰা গৈ এতিয়া এনেদৰে সাফল্যৰ শিখৰত আৰোহণ কৰিব পৰা কাৰ্য্যত এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে ৰাহুল ইছলামৰ অভিভাৱকৰ লগতে বৃহৎতৰ বাইহাটা চাৰিআলি অঞ্চলবাসী।
প্ৰেৰক হীৰকজ্যোতি ডেকা
You might also like