নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষ্ণু খাৰঘৰীয়া-কৰুণা বৰালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

বিশেষ বাৰ্তা, ২৩ অক্টোবৰ : মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এক অন্যতম খোজস্বৰূপে বিশ্ববিদ্যালয়খনৰ প্ৰথম দীক্ষান্ত সমাৰোহখনি ৮ নৱেম্বৰত অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই সঞ্চালনা কৰাৰ লগতে বিভিন্ন বিষয়ত স্নাতকোত্তৰ আৰু অন্যান্য ডিপ্ল’মাৰ বাবে অৰ্হতা আহৰণ কৰা ১৮২গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব। তদুপৰি বিশ্ববিদ্যালয়খনৰ বৰ্ড অৱ মেনেজমেণ্টে জনোৱা প্ৰস্তাৱ অনুসৰি ৰাজ্যপাল তথা বিশ্ববিদ্যালয় আচাৰ্যই ইতিমধ্যে বিশিষ্ট শিল্পী আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ শিল্পী, গৱেষক তথা লিখক, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক কৰুণা বৰাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ বাবে অনুমোদন জনাইছে। অসমৰ বহুকেইগৰাকী বৰেণ্য শিক্ষাবিদ, বিশিষ্ট সাহিত্যিক, শিল্পী আৰু সমাজকৰ্মীয়ে বিভিন্ন দায়িত্বৰে অংশ ল’বলগীয়া এই দীক্ষান্ত সমাৰোহৰ প্ৰস্তুতি আৰু অন্যান্য কাৰ্যসূচীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে জিলা প্ৰশাসন, সংবাদ মাধ্যম আৰু সমূহ ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।
প্ৰেৰক জীৱন বৰুৱা
You might also like