নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন

বিশ্ববাসীৰ নজৰ এতিয়া আমেৰিকাৰ ওপৰত৷ বিশ্বৰ মহাপৰাক্রমী দেশখনৰ ৰাষ্ট্রপতি নির্বাচনক লৈ আভ্যন্তৰীণ ৰাজনীতি উত্তপ্ত হৈ পৰিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ সৈতে বিশ্বৰ বিভিন্ন বিষয় জড়িত হৈ আছে৷ আন্তজার্তিক ৰাজনীতি, কূটনীতি, অর্থনৈতিক পৰিস্থিতিসহ বিভিন্ন বিষয় নির্ভৰ কৰে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ওপৰত৷ দেশখনৰ ৰাষ্ট্রপতি কোনটো দলৰ হ’ব, তাক লৈ ইতিমধ্যে বিভিন্ন দেশত আৰম্ভ হৈছে চর্চা৷ আগন্তুক ৫ নৱেম্বৰত বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী দেশখনৰ সাধাৰণ নির্বাচন৷ ইতিমধ্যে দেশখনৰ ৫০খন প্রদেশতেই আৰম্ভ হৈছে ৰাজনৈতিক পর্যালোচকসকলৰ বিভিন্ন বিশ্লেষণ৷ মাত্র দুসপ্তাহ বাকী থকা অৱস্থাত শেহতীয়া জনমত সমীক্ষাই এটা কথা স্পষ্ট কৰিছে যে আমেৰিকাত এইবাৰ ৰাষ্ট্রপতি নির্বাচন তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ হ’ব৷ ৰিপাব্লিকান প্রার্থী তথা প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্রার্থী কমলা হেৰিছৰ মাজত এইবাৰ তীব্র প্রতিদ্বন্দ্বিতা হ’ব বুলি শেহতীয়া জনমত সমীক্ষাই সদৰী কৰিছে৷ জনপ্রিয়তাৰ হিচাপত ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পৰ সৈতে ডেম’ক্রেটিক প্রার্থী তথা বর্তমানৰ উপ–ৰাষ্ট্রপতি কমলা হেৰিছৰ ব্যৱধান মাত্র ১ শতাংশ৷ নির্বাচন সমীক্ষা সংস্থা ইমাৰছন কলেজৰ জনমত প্রতিবেদন অনুসৰি আমেৰিকাৰ ৪৯ শতাংশ ভোটদাতাৰ ৰাষ্ট্রপতি পদত পছন্দ বর্তমানৰ উপ–ৰাষ্ট্রপতি কমলা হেৰিছ৷ আনফালে ট্রাম্পৰ প্রতি ৪৮ শতাংশ ভোটাৰৰ সমর্থন থকা বুলি এই সমীক্ষাৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ একে সময়তে এবিচি নিউজৰ জনসমীক্ষাত কমলা হেৰিছে ৪৮ শতাংশ আৰু ট্রাম্পে ৪৬ শতাংশ ভোটদাতাৰ সমর্থন লাভ কৰা বুলি উল্লেখ কৰা হৈছে৷ জনমত সমীক্ষাৰ এই প্রতিবেদনে শেহতীয়াকৈ ডেম’ক্রেটিক শিবিৰত সৃষ্টি কৰিছে চিন্তা৷ ইয়াৰ পূর্বৰ জনমত সমীক্ষাত ডেম’ক্রেটিক পার্টীৰ সমর্থকসকলৰ বাবে সুখবৰ আহিছিল৷ কিন্তু শেহতীয়া সমীক্ষাই উদ্বিগ্ণ কৰি তুলিছে ডেম’ক্রেটিক পার্টীৰ নেতাসকলক৷ আগন্তুক তৃতীয় সপ্তাহত জনমত সমীক্ষাত ট্রাম্পৰ তুলনাত প্রায় ৪.৫ শতাংশ বেছি ভোটদাতাৰ সমর্থন লাভ কৰিছিল কমলা হেৰিছে৷
ভাৰতীয় বংশোদ্ভৱ ডেম’ক্রেটিক নেত্রী কমলা হেৰিছ আমেৰিকাৰ ইতিহাসত প্রথম মহিলা উপ–ৰাষ্ট্রপতি৷ অর্থাৎ বিশ্বৰ সমৃদ্ধিশালী দেশখনত আজিলৈকে উপ–ৰাষ্ট্রপতিৰ আসনত কোনো মহিলাই বহিবলৈ সক্ষম হোৱা নাছিল৷ এইবাৰ ৰাষ্ট্রপতি নির্বাচনত জয়ী হ’লে প্রথম মহিলা ৰাষ্ট্রপতি হিচাপে আমেৰিকাত নজিৰ সৃষ্টি কৰিব কমলা হেৰিছে৷ আজিলৈকে দেশখনত মহিলা ৰাষ্ট্রপতি নির্বাচনত বিজয়ী হোৱা নাই৷ বিগত নির্বাচনৰ পূর্বৰ নির্বাচনটোত ড’নাল্ড ট্রাম্পৰ সৈতে প্রতিদ্বন্দ্বিতাত নামিছিল প্রাক্তন ৰাষ্ট্রপতি বিল ক্লিন্টনৰ পত্নী তথা ডেম’ক্রেটিক নেত্রী হিলাৰী ক্লিণ্টনে৷ সেইবাৰ নির্বাচনত হিলাৰী ক্লিণ্টনে বিজয়ী হৈ অভিলেখ গঢ়িব বুলি বিভিন্ন মহলে ধাৰণা কৰিছিল৷ কিন্তু অবিশ্বাস্যভাৱে ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প বিজয়ী হৈছিল সেইবাৰৰ ৰাষ্ট্রপতি নির্বাচনত৷ এইবাৰ ডেম’ক্রেটিক শিবিৰৰ বাবে কমলা হেৰিছে এক আশা কঢ়িয়াই আনিছে যদিও শেহতীয়া জনমত সমীক্ষা অনুসৰি ট্রাম্প আৰু হেৰিছৰ মাজত যুঁজখন অতি তীব্র হ’ব বুলি সমীক্ষাই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে এইবাৰৰ নির্বাচনত ৭খন প্রদেশে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে৷ এবিচি নিউজৰ হিচাপ অনুসৰি ৭খন প্রদেশৰ ভিতৰত মিচিগান, উইছকনছিন আৰু নেভাডাত ১ শতাংশ ভোটৰ ব্যৱধানত আগবাঢ়িছে কমলাই৷ আনফালে পেঞ্চিলভেনিয়া আৰু উত্তৰ কেৰ’লিনাত ১ শতাংশ ভোটত আগবাঢ়িছে ট্রাম্প৷ জর্জিয়া আৰু আৰিজ’নাত ২ শতাংশ ভোটত আগবাঢ়ি আছে ৰিপাব্লিকান প্রার্থী ট্রাম্প৷ ফক্স নিউজৰ শেহতীয়া সমীক্ষা অনুসৰি কমলাতকৈ ট্রাম্পে ২ শতাংশ ভোট অধিক পাইছে৷ এই সমীক্ষা অনুসৰি ট্রাম্পক সমর্থন জনাইছে ৫০ শতাংশ ভোটাৰে আৰু কমলাক সমর্থন জনাইছে ৪৮ শতাংশ মার্কিন নাগৰিকে৷ এনে পৰিস্থিতিত শেষ মুহূর্তত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত প্রচাৰৰ উষ্ণতা বৃদ্ধি পাইছে৷ ট্রাম্প আৰু হেৰিছ উভয়ে বিভিন্ন সম্প্রদায়ৰ সমর্থন আদায়ৰ চেষ্টা কৰিছে৷ কিন্তু ইয়াৰ মাজতো মধ্যপ্রাচ্যৰ অশান্তিকৰ পৰিস্থিতি আৰু ইউক্রেইন–ৰাছিয়া যুদ্ধই এই নির্বাচনত প্রভাৱ পেলাব বুলি একাংশ বিশ্লেষকে ধাৰণা কৰিছে৷

You might also like