নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন ট্ৰেডিঙৰ দৰে ৰামঠগন অসম সন্মিলিত মৰ্চাক : বিবেক দাস

🔹 কংগ্ৰেছৰ মিত্ৰতাৰ আঁ‌ৰৰ আত্মকেন্দ্ৰিক চৰিত্ৰ উদঙালে বাঁওপন্থী নেতাই

🔹 বিহালীত চিপিআই (এম এল)ৰ প্ৰাৰ্থী লক্ষী কুৰ্মী !

বিশেষ বাৰ্তা, ২৪ অক্টোবৰ : কংগ্ৰেছে এইবাৰ অনলাইন ট্ৰেডিঙৰ দৰে ৰামঠগন দিলে অসম সন্মিলিত মৰ্চাক। কাৰ্যতঃ কংগ্ৰেছৰ এই ঠগবাজিক সম্প্ৰতি সংবাদ শিৰোনামত থকা ৱাই বি ৱাইৰ লগত ৰিজাইছে  ‘অ. স. ম.’ৰ উপেক্ষিত প্ৰাৰ্থী তথা বাঁওপন্থী নেতা বিবেক দাসে। কংগ্ৰেছৰ মিত্ৰতাৰ আঁ‌ৰৰ আত্মকেন্দ্ৰিক চৰিত্ৰ উদঙালে বাঁওপন্থী নেতা বিবেক দাসে। প্ৰতাৰণা ব্যতিৰেকে আৰু সন্মিলিত ৰূপত বিজেপিক প্ৰতিহত কৰাৰ পক্ষত যে কংগ্ৰেছ নাই, সেয়া যোৱানিশা নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চিপিআই (এম এল) নেতা বিবেক দাসে। দাসে আজি কংগ্ৰেছৰ প্ৰতাৰণাৰ দস্তাবেজ দাঙি ধৰি কয় যে এক বিশেষ উদ্দেশ্য লৈ অসম সন্মিলিত মৰ্চা গঠন কৰা হৈছিল। কংগ্ৰেছে উপ-নিৰ্বাচনত ৪খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল আৰু আন অংশীদাৰক এখন আসন এৰি দিছিল। কিন্তু চাৰিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিও বিহালীৰ প্ৰাৰ্থী ঘোষণাত বিলম্ব  কৰি চিপিআই (এম এল)ৰ প্ৰাৰ্থী সলনিৰ দাবী জনায়। চিপিআই (এম এল)-এ বিৰোধী ঐক্য ৰক্ষাৰ স্বাৰ্থত বিবেক দাসৰ নাম প্ৰত্যাহাৰ কৰি লক্ষী কুৰ্মীক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে। কিন্তু ইমানৰ পিছতো কংগ্ৰেছে ‘অ. স. ম.’ৰ লগত যোগাযোগ নকৰাকৈ যোৱানিশা নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি অনলাইন ট্ৰেডিঙৰ দৰে ৰামঠগন দিয়ে।গণতান্ত্ৰিক প্ৰমূল্যৰ বাবে ধনসৰ্বস্ব ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ নেতৃত্বত এনে কুটিল ৰাজনীতি অব্যাহত থকা কাৰ্যৰো বিৰোধিতা বাঁওপন্থী নেতাজনৰ। ইতিমধ্যে বিৰোধী ঐক্যক নস্যাৎ কৰি চিপিআই (এম এল)-এ নিজাববীয়াকৈ বিহালীত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।কাইলৈ দলটোৰ নিষ্ঠাৱান নেতা লক্ষী কুৰ্মীয়ে মনোনয়ন দাখিল কৰিব। মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰাত ব্যৰ্থ কংগ্ৰেছৰ বিৰুদ্ধে মিত্ৰজোঁ‌টৰেই প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা কাৰ্যই ৰাজনৈতিক মহলত কংগ্ৰেছৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন তুলিছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like