নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জটিল ৰোগত আক্ৰান্ত বাক্সাৰ ভেৱলা বুনবাৰীৰ ৰাজীৱ নাথ

🔹 মুখ্যমন্ত্ৰী-বিটিআৰপ্ৰধানক সহায় ভিক্ষা দুৰ্ভগীয়া পৰিয়ালৰ
নিয়মীয়া বাৰ্তা,  ২৪ অক্টোবৰ : বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভেৱলা বুনবাৰীৰ দৰিদ্ৰ পৰিয়ালৰ ৰাজীৱ নাথ নামৰ লোকজন জটিল ৰোগত আক্ৰান্ত হৈছে।  এটি ৪ বছৰীয়া কন্যা সন্তানৰ পিতৃ ৰাজীৱ দীৰ্ঘদিন ধৰি শয্যাগত হৈ বিছনাত পৰি আছে। নিজ গাঁৱৰ লগতে আত্মীয়-কুটুম্বৰ পৰা কিছু ধনৰ সহায় লাভ কৰিছে যদিও সেই ধন উন্নত চিকিৎসাৰ বাবে যথেষ্ট নোহোৱাত ৰাজীৱ নাথৰ মাতৃ-পত্নী তথা গাঁওবাসীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজীৱৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে। বৰ্তমান ৰাজীৱৰ মাতৃয়ে চাহ দোকানত কাম কৰি পৰিয়ালটো কোনোমতে চলাই আহিছে যদিও উপাৰ্জন কৰা একমাত্ৰ ব্যক্তিগৰাকী জটিল ৰোগত আক্ৰান্ত হোৱাত সমস্যাত পৰিছে পৰিয়ালটো। ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ শয্যাগত হৈ থকা ৰাজীৱ নাথক চিকিৎসাৰ ক্ষেত্ৰত  অসমবাসীৰ লগতে বিটিআৰপ্ৰধান প্ৰমোদ বড়ো আৰু ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়োক সহায় কৰাৰ বাবে পৰিয়ালৰ লগতে গাঁওবাসীয়ে আহ্বান জনাইছে।
প্ৰেৰক দিগন্ত নাথ
You might also like