নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলাইৰ উপ-নিৰ্বাচনৰ বাবে নীহাৰ ৰঞ্জন দাসৰ মনোনয়ন দাখিল

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : ধলাই সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে ৫০ৰ পৰা ৬০ হাজাৰ ভোট বেছি লাভ কৰি বিজয়ী হ’ব। আজি তেওঁ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজন বিজেপি নেতাৰ সৈতে কাছাৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰ পূৰ্বে কাছাৰ জিলা সমিতিৰ উদ্যোগত শিলচৰৰ টাউন ক্লাব খেলপথাৰত মনোনয়ন দাখিল উপলক্ষে এক বিশাল মনোনয়ন সভা অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি হৰিশ দ্বিবেদী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়, জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়, সাংসদ পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মালা, কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য, শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী, উধাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোম, কনাদ পুৰকায়স্থ আৰু কাছাৰ জিলাৰ দলীয় বিষয়ববীয়া আৰু আগন্তুক উপ-নিৰ্বাচনত ধলাই বিধানসভা সমষ্টিৰ দায়িত্বত থকা কেইবাগৰাকীও ব্যক্তি উপস্থিত আছিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী নীহাৰঞ্জন দাসক ৭০ হাজাৰতকৈ বেছি ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনাইছোঁ। নীহাৰ ৰঞ্জন দাস বিজয়ী হলে ধলাইৰ জনসাধাৰণে ধলাই বিধানসভা সমষ্টিৰ পৰা সাংসদ আৰু বিধায়ক উভয়কে পাব। বৰ্তমানে সাংসদগৰাকীয়ে যেনেকৈ ধলাইৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰিছে, ঠিক তেনেদৰে নীহাৰঞ্জন দাসে বিধায়ক পদত বৃহৎ সংখ্যক ভোট লাভ কৰি বিজয়ী হৈ ধলাইৰ উন্নয়ন ত্বৰান্বিত কৰাত সক্ৰিয় ভূমিকা পালন কৰিব। অসম বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত ধলাই বিধানসভা সমষ্টিৰ বিজেপিৰ প্রার্থী নীহাৰ ৰঞ্জন দাসেৰ মনোনয়ন পত্র দাখিল পৰ্বত উপস্থিত থাকি প্রার্থীগৰাকীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ দৃঢ় বিশ্বাস, নীহাৰ দাসে বিশাল ব্যৱধানত জয়যুক্ত হৈ বিধানসভালৈ নিৰ্বাচিত হ’ব।এদিনীয়া সভাৰ শেষত প্ৰায় ৫ হাজাৰ সমৰ্থকৰে বিশাল শোভাযাত্ৰাৰ জৰিয়তে বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰে। পিছত সাংবাদিকৰ আগত প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে কয়, কোনো ৰাজনৈতিক দলৰ সৈতে প্ৰতিদ্বন্দিতা নহ’ব। ধলাইত কংগ্ৰেছ দলৰ কোনো ধৰণৰ ভেটি নাই। নিৰ্দলীয় প্ৰাৰ্থী অমিয় কান্তি দাস কোনো ধৰণৰ ফেক্টৰ নহয়। ৫০ৰ পৰা ৬০ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰিব বুলি ঘোষণা কৰে তেওঁ। ইপিনে আজি ভাৰতীয় জনতা পাৰ্টী, কাছাৰ জিলা কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা অংশ গ্ৰহণ কৰি আগন্তুক ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু ৰণনীতি সন্দৰ্ভত বিস্তৃত আলোচনা কৰে।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like