নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনে টেষ্ট : প্রথম ইনিংছত নিউজিলেণ্ডৰ ২৫৯, ৱাশ্বিংটন ৭টা উইকেট

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ অক্টোবৰঃ ৱাশ্বিংটন সুন্দৰৰ ঘূর্ণীত বন্দী হ’ল নিউজিলেণ্ড৷পুনেত ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত আজিৰে পৰা আৰম্ভ হৈছে শৃংখলাৰ দ্বিতীয়খন টেষ্ট৷ টছত জয়লাভ কৰি প্রথমে বেটিং কৰিবলৈ আহি ৱাশ্বিংটন সুন্দৰৰ বিধ্বংসী স্পিন বলিঙত দিশহাৰা হয় কিৱি বাহিনী৷ ডেভ’ন ক’নৱে আৰু ৰাচিন ৰবীন্দ্রৰ অর্ধশতকৰ সহায়ত নিউজিলেণ্ডে আজি প্রথম দিনা প্রথম ইনিংছত ৭৯.১ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্রহ কৰে৷ ক’নৱে আৰু ৰবীন্দ্রৰ বাহিৰে দলটোৰ বাকী বেটাৰসকলে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ মিচেল ছাণ্টনাৰে ৩৩ ৰানৰ অৱদান আগবঢ়ায়৷ ইনিংছ আৰম্ভণি সুখকৰ নাছিল আলহী দলটোৰ৷ দলীয় স্ক’ৰ ৩২ ৰানত অধিনায়ক ট’ম লাথামৰ ৰূপত নিউজিলেণ্ডে প্রথমটো উইকেট হেৰুৱায়৷ লাথামে ১৫ ৰানৰ অৱদান আগবঢ়ায়৷ অৱশ্যে আনগৰাকী অ’পেনাৰ কনৱেই উইল ইয়ঙৰ সৈতে যুটি বান্ধি দলীয় স্ক’ৰ বৃদ্ধি কৰাৰ চেষ্টা চলোৱা সময়তে ব্যক্তিগত ১৮ ৰানত ইয়ং পেভিলিয়নমুখী হয়৷ ইয়ং আউট হোৱাৰ সময়ত দলটোৰ স্ক’ৰ আছিল ২ উইকেটত ৭৬৷ ব্যক্তিগত ৭৬ ৰানত বিদায় লোৱা ক’নৱেই ৰবীন্দ্রৰ সৈতে তৃতীয় উইকেটত ৬২ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে৷ আনহাতে ৬৫ ৰানত আউট হোৱাৰ পূর্বে ৰবীন্দ্রই ডাৰিল মিচেলৰ সৈতে চতুর্থ উইকেটত ৫৯ ৰান সংগ্রহ কৰে৷ ৰাছিন ৰবীন্দ্র আউট হোৱাৰ পিছত বাকীসকল বেটাৰ ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ দলটোৰ এই বিপর্যয়ৰ মূলতে হ’ল ৱাশ্বিংটন সুন্দৰৰ বিধ্বংসী বলিং৷ ডাৰিলে ১৮ ৰান কৰি বিদায় লয়৷ ইফালে দলটোৰ ৫গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ ট’ম ব্লুণ্ডেলে ৩, গ্লেন ফিলিপছে ৯ আৰু ছাউদীয়ে ৫ ৰানৰ অৰিহণা আগবঢ়ায়৷ ভাৰতীয় দলটোৰ হৈ সুন্দৰে ৭টা উইকেট দখল কৰাৰ বিপৰীতে ৰবিচন্দ্রন অশ্বিনে তিনিটা উইকেট লাভ কৰে৷ ইপিনে প্রথম ইনিংছ মুকলি কৰিবলৈ আহি বিপর্যয়ত পৰে টীম ইণ্ডিয়া৷ আজি প্রথম দিনৰ খেলৰ অন্তলৈকে ঘৰুৱা দলটোৱে প্রথম ইনিংছত এটা উইকেট হেৰুৱাই ১৬ ৰান সংগ্রহ কৰিছে৷ দিনান্তত যশস্বী জয়ছোৱালে ৬ আৰু শুভমন গিলে ১০ ৰান কৰি ক্রিজত আছে৷ অধিনায়ক ৰোহিত শর্মাই কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ ৰোহিত আউট হোৱাৰ সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ১ উইকেটত ১ ৰান৷ নিউজিলেণ্ডৰ হৈ ছাউদীয়ে একমাত্র উইকেটতো লাভ কৰে৷

You might also like