নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ৫৬ বছৰ ধৰি ছয় বন্ধুৰ বীয়েৰৰ আড্ডা

🔹 লকডাউনৰ সময়ত কিদৰে সম্ভৱ হৈছিল এই আড্ডা ?

নিউজ ডেস্ক, ২৫ অক্টোবৰ : বন্ধুত্বৰে নজিৰ গঢ়িছে ব্রিটেইনৰ ছগৰাকী ব্যক্তিয়ে৷ প্রতি সপ্তাহৰ বৃহস্পতিবাৰে তেওঁলোকে একেলগে বীয়েৰ পান কৰে৷ এয়া যেন তেওঁলোকৰ এক আশ্চর্যজনক পৰম্পৰা৷ বিগত ৫৬ বছৰ ধৰি এই বীয়েৰৰ আড্ডা চলি আছে৷ তৰুণৰ পৰা আজি তেওঁলোক আটাইকেইজনেই বৃদ্ধ৷ তথাপি অব্যাহত আছে এই বন্ধুত্বৰ বীয়েৰৰ আড্ডা৷ ১৯৬৮ চনৰ পৰা চলি আহিছে এই সাপ্তাহিক আড্ডা৷ সেই সময়ত কেন আৰু পলে গ’লফ খেলাৰ শেষত পাবলৈ যোৱা কৰিছিল৷ এই পাবৰ পৰাই আড্ডাৰ সূত্রপাত৷ পাবতেই ঘনিষ্ঠ হৈ পৰে ৬জন বন্ধু৷ আজিও চলি আছে সেই আড্ডা৷ পাব সলনি হৈছে, কিন্তু তেওঁলোকৰ আড্ডা সলনি হোৱা নাই৷ সপ্তাহত এদিন বীয়েৰৰ মেজত তেওঁলোক মিলিত হয়৷ কিন্তু ক’ভিড লকডাউনৰ সময়ত কেনেদৰে সম্ভৱ হৈছিল এই আড্ডা? সমগ্র পৃথিৱী যেতিয়া লকডাউনৰ বাবে গৃহবন্দী হৈ পৰিছিল, তেতিয়াও তেওঁলোকে আড্ডা চলাব পাৰিছিলনে? বীয়েৰ ৰসিক এই প্রবীণ ছয় বন্ধুৱে কৈছে যে লকডাউনৰ সময়ত তেওঁলোকে ভিডিঅ’ কলত কথা পাতি একে সময়তে চুমুক দিছিল বীয়েৰৰ গিলাছত৷ বিবিচিৰ সৈতে হোৱা বার্তালাপৰ সময়ত ৬ বন্ধুৱে কয় যে সুদীর্ঘ ৫৬ বছৰ ধৰি কোনো এটা বৃহস্পতিবাৰে তেওঁলোকে মিলিত নোহোৱাকৈ থকা নাই৷ তথাপি এই আড্ডা ইমান বিপুল সময়ৰ হিচাপত তেওঁলোকৰ দৃষ্টিত নিতান্তই নগণ্য৷ পল হেন্স, বিল মাণ্ডেন, কেন কিং, পিটাৰ থার্লৱাল, ব্রায়ান আয়ার্ছ আৰু ডিক কটনে এই সোণালী তৰল গ্রহণ কৰাৰ সময়ত বিভিন্ন আলোচনা কৰে৷ ছয় বন্ধুৱে বিশেষকৈ ফুটবল আৰু যৌনতাক লৈ প্রতি বৃহস্পতিবাৰে আড্ডাত মত বিনিময় কৰে৷ এই ছয় বন্ধুৰ আছে ১৭ সন্তান, ৩৩ নাতি, আনকি ৬ আজোনাতিও৷ কিন্তু আড্ডা তেতিয়াও বন্ধ হোৱা নাই৷ সংবাদ সংস্থা বিবিচিৰ মতে সুদীর্ঘ সময় ধৰি এনেদৰে এটা নির্দিষ্ট দিনত বিয়েৰৰ আড্ডা ছয় বন্ধুৱে চলাই থাকি নজিৰ গঢ়িবলৈ সক্ষম হৈছে৷ বিষয়টোৱে এতিয়া আন্তর্জাতিক সংবাদ মাধ্যমত বিশেষ চর্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে৷ ছগৰাকী প্রবীণ বন্ধুৰ এনে কাহিনীয়ে ব্রিটেইনতো খলকনি তুলিছে৷ কেনেদৰে বিভিন্ন পাৰিবাৰিক সমস্যা সত্ত্বেও ৫৬ বছৰ ধৰি এটা নির্দিষ্ট দিনত ছগৰাকী বন্ধু মিলিত হ’ব পাৰে, সেয়া সঁচাকৈয়ে আশ্চর্যৰ বিষয় বুলি বিভিন্ন মহলে অভিহিত কৰিছে৷

You might also like