নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহপুৰীয়াত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু : শোকস্তব্ধ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় 

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : বিহপুৰীয়াৰ জাপজুপ হমাৰ সংযোগী পথত সংঘটিত এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত সুমন্ত বৰা নামৰ এজন ছাত্ৰৰ আজি মৃত্যু হয় ৷ যোৱা ২১ অক্টোবৰত সংঘটিত এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা বিহপুৰীয়াৰ নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সুমন্ত বৰাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে সুমন্তই। জানিব পৰা মতে, ২১ অক্টোবৰৰ বিয়লি সুমন্তই লগৰীয়া ভাৰ্গৱ শইকীয়াৰ সৈতে স্কুটীৰে ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যোৱাৰ পথতেই পথৰ কাষৰ এটা গৰুক খুন্দা মৰাৰ ফলত ছিটিকি পৰে সুমন্ত। ঘটনাত সুমন্তসহ স্কুটীচালক ভাৰ্গৱ গুৰুতৰভাৱে আহত হয়। লগে লগে পৰিয়ালৰ লোকে ততাতৈয়াকৈ দুয়োকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে সুমন্তক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু হয় সুমন্তৰ ৷ সুমন্তৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। অমায়িক তথা মৰমিয়াল স্বভাৱৰ সুমন্ত নোহোৱা হৈ যোৱা বিষয়টো সহজে ল’ব পৰা নাই বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে। শোকাকুল পৰিৱেশৰ মাজতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এখন শোকসভা অনুষ্ঠিত কৰি সুমন্তৰ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । বিহপুৰীয়াৰ হমৰা গাঁও নিৱাসী ললিত বৰাৰ পুত্ৰ সুমন্ত বৰাৰ শিক্ষাগ্ৰহণৰ লগতে অভিনয় জগতখনতো যথেষ্ট দখল আছিল। নাট ভাওনাত বলিষ্ঠ অভিনয়েৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা সুমন্ত বিদ্যালয়খনৰ শিক্ষকসকলৰো অতি প্ৰিয় ছাত্ৰ আছিল ৷ সুমন্তৰ মৃত্যুৰ খবৰে হমৰা গাঁওখনতো গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত্যুৰ সময়ত সুমন্তই পিতৃ-মাতৃসহ কাকায়েকক এৰি থৈ গৈছে।
প্ৰেৰক সঞ্জীৱ দত্ত
You might also like