নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিকিতা–খুচী–বেবী-মিনুমাৰ জীৱন গঢ়াৰ অক্লান্ত আন্দোলন

🔹 নিজৰ অধিকাৰ আঁজুৰি আনিবলৈ সক্ষম

🔹 ড০ সীমান্ত বৰুৱা

আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই মানুহৰ চিন্তাধাৰা দিগন্তমুখী যাত্রাত ক্রমান্বয়ে বিকশাই তুলিছে৷ যোৱা কেইটামান বছৰৰ পৰা লিংগ–বৈষম্য আমাৰ দেশৰ নগৰ–চহৰসমূহৰ লগতে গাঁওসমূহতো কম–বেছি পৰিমাণে কমি আহিবলৈ ধৰাটো সমাজৰ বাবে শুভ লক্ষণ৷ দেশৰ বহুবোৰ ক্ষেত্র মহিলাৰ নেতৃত্বত আগবাঢ়ি যোৱাত এখন লিংগ–বৈষম্যহীন সমাজ ভৱিষ্যতে কল্পনা কৰাটো অমূলক নহ’ব৷ পুৰুষৰ সমানে সমানে প্রগতিৰ দিশেৰে নাৰীসকলকো আগবঢ়াই লৈ যোৱাটো প্রতিজন নাগৰিকৰে কর্তব্য হোৱাও উচিত৷ প্রাক্–বৈদিক যুগত নাৰী আৰু পুৰুষৰ মাজত শাৰীৰিক পার্থক্যহে আছিল৷ তাৰ বাদে নাৰী পুৰুষতকৈ কোনোগুণে কম নাছিল৷ বৈদিক যুগত ‘মনু’ নামৰ ঋষি এজনে তেওঁৰ নিজৰ চিন্তা–চর্চাৰে লিখি উলিওৱা ‘মনু সংহিতা’ত প্রথমতে মহিলাৰ সামাজিক স্থান নিম্ন স্তৰলৈ নি পুৰুষৰ ভোগৰ সামগ্রীলৈ ৰূপান্তৰিত কৰে৷ ‘মনুবাদ’ৰ কু–সংস্কাৰৰ পৰিণতিত ভাৰতীয় সমাজত পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাই গা কৰি উঠে৷ ঔপনিৱেশিক শাসনকালত ব্রিটিছে আধুনিক শিক্ষা ব্যৱস্থা প্রৱর্তন কৰি নাৰী শিক্ষা আৰু সুৰক্ষাৰ ক্ষেত্রত প্রভূত অৱদান আগবঢ়াই থৈ গৈছে৷ সতীদাহ প্রথা বিলুপ্তকৰণ, বাল্যবিবাহ নিষিদ্ধকৰণ আৰু বিধৱা বিবাহ আদিৰ জৰিয়তে নাৰীক মানৱীয় দৃষ্টিকোণেৰে চোৱাৰ প্রৱণতা গঢ়ি তুলি আইন প্রণয়ন কৰিছিল৷ এইক্ষেত্রত কু–সংস্কাৰত ডুবি থকা ভাৰতীয় সমাজক পৰিৱর্তনৰ বাবে গঠিত হোৱা ব্রহ্ম সমাজ, প্রার্থনা সমাজ, আর্য সমাজ আৰু ৰামকৃষ মিছনৰ প্রতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়, কেশৱ চন্দ্র সেন, স্বামী দয়ানন্দ সৰস্বতী আৰু স্বামী বিবেকানন্দই কু–সংস্কাৰ বিলুপ্তিৰ চেষ্টা কৰিছিল৷ তেখেতসকলে নাৰীৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ স্বামী বিবেকানন্দই কৈছিল, ‘যি দেশ তথা জাতিয়ে নাৰীক সন্মান নকৰে, সেই দেশ বা জাতি মহান হ’ব পৰা নাই আৰু ভৱিষ্যতেও হ’ব নোৱাৰে৷’
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত অসমৰ কেইবাগৰাকী নাৰীয়ে কর্মক সন্মান জনাই আগবাঢ়ি গৈ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ আনে যোৱা বাটে নোযোৱা তিনিগৰাকী ছাত্রী আৰু এগৰাকী মহিলাই বর্তমান অসমৰ সামাজিক মাধ্যমত বহুলভাৱে চর্চিত কর্মযোগী হিচাপে পৰিগণিত হৈছে৷ আমাৰ সমাজ ব্যৱস্থাত দেখি থকা বাহিৰে ৰংচঙীয়া ভিতৰি কোৱাভাতুৰীলৈ পর্যবসিত হোৱা সমাজখনৰ বিপৰীতে একাগ্রতা, অধ্যৱসায়, চেষ্টা আৰু কর্মস্পৃহা জগাই তুলি ৰাজ্যখনৰ ভিতৰত অনন্য ৰূপত নিজক চিনাকি দিবলৈ সক্ষম হৈছে জোনাইৰ খুচী দে’, দেৰগাঁৱৰ নিকিতা নেওগ আৰু শিমলুগুৰিৰ বেবী কোঁৱৰ৷ এওঁলোকে ৰাজ্যখনত হৈ থকা ৪১ ডিগ্রী চেলছিয়াছৰ প্রচণ্ড গৰমকো প্রত্যাহ্বান জনাই ৰ’দ–বৰষুণৰ বাধা নেওচি নিজৰ কর্তব্য সম্পাদন কৰি সকলোৰে আশীর্বাদ আৰু প্রশংসা বুলিবলৈ সক্ষম হৈছে৷ আনহাতে, ৰাজ্যখনৰ পৰা ৰাষ্ট্রীয় পর্যায়লৈ সাহসিকতাৰ পৰিচয় দিয়া তেজপুৰৰ মিনুমা বড়োৰ ধৈর্য, সাহস আৰু উপস্থিত বুদ্ধিক সকলোৱে একমুখে প্রশংসাৰে ওপচাই পেলাইছে৷
আনে যোৱা বাটে নোযোৱা ছোৱালীকেইজনীৰ এজনী হ’ল অসমৰ ধেমাজি জিলাৰ জোনাইৰ ২০২২–২৩ বর্ষৰ জোনাই বালিকা মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র একতা সভাৰ সাংস্কৃতিক সম্পাদিকা খুচী দে’৷ সমাজতত্ত্ব বিভাগত ৬৮ শতাংশ নম্বৰ পাই প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল ছাত্রীগৰাকী৷ স্নাতক ডিগ্রী লাভ কৰাৰ পিছত স্বাধীনমনা ছোৱালীজনীয়ে চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ লোভত ঘৰত শুই–বহি সময় কটোৱা নাছিল৷ সদ্যসমাপ্ত চৰকাৰী চাকৰিৰ বাছনি পৰীক্ষাৰ ১২,৫০০ চাকৰিৰ বাবে ১১,০০,০০০ আবেদনৰ ওপৰত আস্থা নাৰাখি নিজ স্বাধীনচিতীয়া ব্যৱসায়ত গুৰুত্ব আৰোপ কৰি আর্থিক স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিবলৈ সক্ষম হোৱাই নহয়, সকলোৰে আদর্শ হৈ পৰিছে খুচী দে’৷ সৰুৰে পৰা আনে যোৱা বাটে নোযোৱা ছোৱালীজনীয়ে এতিয়া অসমৰ প্রচাৰ মাধ্যমত সকলোৰে আশীর্বাদ আৰু প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ যি সময়ত নিজক প্রচাৰৰ বাবে সামাজিক মাধ্যমত কিছুমান ছাত্র–ছাত্রীয়ে চৌব্বিছ ঘণ্টা নিজৰ ম’বাইলত ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্রামত ৰীলছ বনাই ব্যস্ত হৈ থাকে, সেই সময়তে খুচীয়ে সকলোকে এক অনন্য আদর্শ দেখুৱাই প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ জোনাইৰ তাকিৰ গাঁৱৰ বাসিন্দা খুচীয়ে কাহিলিপুৱাতে নিজৰ ঘৰৰ সকলো কাম সামৰি এখন স্কুটী লৈ ওলাই গৈ দাঁতি–কাষৰীয়া অঞ্চলসমূহত থকা গাঁৱৰ সৰু সৰু দোকানবিলাকত বিক্রীৰ বাবে প্রয়োজনীয় সামগ্রীসমূহ যোগান ধৰে৷ এখন স্কুটীৰে সমগ্র অঞ্চল ঘূৰি ক্ষুদ্র ক্ষুদ্র দোকানত প্রয়োজনীয় সামগ্রীসমূহ দি স্বাধীন ব্যৱসায় কৰি ঘৰখনৰ আর্থিক অৱস্থা টনকিয়াল কৰি গৈছে৷ কর্মক সন্মান জনাই পুৰুষ–মহিলাৰ কামক বিশেষীকৰণ নকৰি সকলো কর্মক শ্রদ্ধা কৰি আগুৱাই যোৱাটোৱেই তেওঁ জীৱনৰ লক্ষ্য বান্ধি লৈছে৷ পুৰুষৰ সমানে সমানে যুৱতীসকলকো কর্মত পার্থক্য নাৰাখি আত্মনির্ভৰশীল হ’বলৈ আহ্বান জনালে স্বাধীন ব্যৱসায়ী খুচী দে’ই৷
শিক্ষার্থীসকলৰ মাজত অসম চৰকাৰে প্রথমবাৰৰ বাবে অনুষ্ঠিত কৰা মুখ্যমন্ত্রী বিজ্ঞান প্রতিভাসন্ধানী প্রতিযোগিতাত হাজাৰ হাজাৰ ছাত্র–ছাত্রীৰ মাজৰ পৰা সাতোটাকৈ ৰাউণ্ড অতিক্রম কৰি সর্বশেষত মূল পাঁচটা স্থানৰ শীর্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে দেৰগাঁৱৰ ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি থকা ছাত্রী নিশিতা নেওগে৷ তেওঁ এই প্রতিভাৰ দ্বাৰা সম্পূর্ণৰূপে অসম চৰকাৰৰ খৰচত আমেৰিকাৰ ‘নাছা’ আৰু ‘ইংলেণ্ডৰ কেম্ব্রিজ বিশ্ববিদ্যালয়’ ভ্রমণ কৰিবলৈ সুযোগ লাভ কৰিছে৷ দেউতাক প্রাঞ্জল নেওগ আৰু মাতৃ বৈজয়ন্তী নেওগৰ কন্যা নিকিতাই মিছামৰা শংকৰদেৱ শিশু নিকেতনত শিক্ষা জীৱন আৰম্ভ কৰি নৱম শ্রেণীৰ পৰা মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল৷ এই বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ বর্তমান ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি আছে৷ হাজাৰ হাজাৰ প্রতিযোগীৰ মাজত নিজক যোগ্য বিবেচিত কৰিবলৈ দেউতাকৰ সৰু বাছ কণ্ডাক্টৰৰ চাকৰিটোৰ সীমিত উপার্জন যথেষ্ট নাছিল যদিও নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ বলত লক্ষ্যত উপনীত হোৱাটোত পৰিয়ালেই নহয়, জন্মস্থান মিছামৰা বাহৰুৱা গাঁৱৰ অঞ্চলবাসীও উৎফুল্লিত হৈ পৰিছে৷ নিকিতাই ভৱিষ্যতে এগৰাকী সফল মহাকাশ বিজ্ঞানী হোৱাৰ উদ্দেশ্যে পঢ়া–শুনা কৰি আছে৷ ভৱিষ্যতে লক্ষ্যত উপনীত হোৱাটো সকলোৱে কামনা কৰিছে৷
শিৱসাগৰ জিলাৰ শিমলুগুৰি ভৰলুৱা গাঁৱৰ সাধাৰণ পৰিয়ালৰ ছাত্রী বেবী কোঁৱৰ৷ জিলাখনৰ ঐতিহাসিক বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্রী বেবী কোঁৱৰে দেখুৱাইছে অনন্য পথ৷ পিতৃ এজন সাধাৰণ সৰু গাড়ীচালক আৰু মাতৃ ঘৰুৱা গৃহিণী৷ এগৰাকী বায়েক আৰু এটা সৰু ভায়েকৰ সৈতে জীৱন নির্বাহ কৰা বেবীয়ে সদায় কেনেদৰে স্বনির্ভৰশীল হ’ব পাৰি সেই সম্পর্কে সজাগ হৈ আছিল৷ গড়মূৰ বাঁহগড় ৰূপজ্যোতি হাইস্কুলৰ পৰা হাহস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ শিমলুগুৰি কাজিৰঙা একাডেমীত উচ্চতৰ মাধ্যমিকত শিক্ষাগ্রহণ কৰে৷ নিম্ন মধ্যবিত্ত পৰিয়ালটোৰ ছাত্রীগৰাকীক মাক–দেউতাকে উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হোৱাৰ পিছত নগাঁও ঔদ্যোগিক প্রশিক্ষণ কেন্দ্রৰ পৰা শিক্ষাগ্রহণ কৰিবলৈ সুবিধা কৰি দিছিল৷ উক্ত প্রতিষ্ঠানৰ পৰা উত্তীর্ণ হৈ এটা স্থায়ী সংস্থাপন নোপোৱাত পুনৰ শিৱসাগৰ জিলাৰ উচ্চ শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগত নামভর্তি কৰি পঞ্চম ষাণ্মাসিকত অধ্যয়ন কৰে৷ পঢ়ি থকা সময়তে ঘৰখনৰ একমাত্র উপার্জনকাৰী দেউতাক কৃষ্ণ কোঁৱৰ বেমাৰত পৰাত অর্থনৈতিকভাৱে যথেষ্ট বিপদৰ সন্মুখীন হৈছিল৷ আনহাতে, বৃদ্ধা আইতাকৰ দৰব–পাতিকে ধৰি খোৱা–লোৱাৰ তত্ত্বাৱধান ল’ব লগা হৈছিল বেবীয়ে৷ সৰু ভায়েকৰো বেমাৰৰ সু–চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিব লগা হৈ আছে৷ বেবী কিন্তু ভাগৰি পৰা নাই৷ কাৰো দয়াৰ পাত্র নহৈ এদিন কলেজলৈ আহি আমাক জনাইছিল যে ঘৰৰ পৰা কেইকিলোমিটাৰমান আঁতৰত কোম্পানী এটাৰ সামগ্রী লৈ ঘৰে ঘৰে ইকার্ট কোৰিয়াৰ ডেলিভাৰী গার্ল হিচাপে কর্মৰত হ’ব বিচাৰে৷ তেওঁৰ এগৰাকী শিক্ষক হিচাপে আমি কর্মস্পৃহাৰ দেখি উদ্গনি যোগাবলৈ চেষ্টা কৰিছিলোঁ৷ এতিয়া তেওঁ নিজকে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰি ছাত্রীসকলৰ আদর্শ হৈ পৰিছে৷ মহামানৱ মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ যি বাণী প্রচাৰ কৰিছিল সেই আদর্শ বেবী কোঁৱৰে গ্রহণ কৰিছে৷ শিক্ষাগ্রহণৰ সময়তে অর্থ উপার্জনৰ পথৰ সন্ধান পোৱাটো তেওঁৰ ভৱিষ্যৎ জীৱনৰ বাবেই মংগলজনক৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও পৰীক্ষাত অৱতীর্ণ হোৱা বেবী কোঁৱৰৰ এই পথৰ যাত্রা অবিৰতভাৱে বৈ থাকক৷
অসমৰ তেজপুৰ জিলাৰ এগৰাকী উদ্যমী সাহসী মহিলা মিনুমা বড়োৱে কেৱল অসমতেই নহয়, সমগ্র ভাৰতবর্ষলৈ বিশেষ বার্তা কঢ়িয়াবলৈ সক্ষম হৈছে৷ তেওঁৰ নেতৃত্বত তেজপুৰ চহৰৰ পৰা ১৮জনীয়া এদল মহিলাৰ গোট হিমালয়ৰ পাদদেশত অৱস্থিত হিন্দু ধর্মাৱলম্বী পৱিত্র স্থান কেদাৰনাথ, বদ্রীনাথ আৰু হৰিদ্বাৰ ভ্রমণৰ বাবে গৈছিল৷ তেওঁলোকে দিনটোৰ বাবে নির্দিষ্ট কৰি এখন ট্ৰেভেলাৰ গাড়ী ভাৰালৈ লয়৷ তেওঁৰ নেতৃত্বত যোৱা দলটোৱে তীর্থস্থান কেদাৰনাথ দর্শন কৰি বদ্রীনাথলৈ গৈ থাকোঁতে গাড়ীখনৰ চালকজনৰ ষ্ট্র’ক হৈ ড্রাহভিং ছিটতে অকাল মৃত্যুক সাবটি লয়৷ পাহাৰীয়া অঞ্চলৰ একা–বেঁকা পথেদি গৈ থাকোঁতে ঘটনাটো প্রত্যক্ষ কৰি মিনুমা বড়োৱে হঠাৎ গাড়ীখনৰ হেণ্ডব্রেক মাৰি গাড়ীখন পথৰ দাঁতিত ৰখাবলৈ সক্ষম হয়৷ গাড়ীচালক গোপাল শর্মাক কাষতে থকা এটা ছিটত শুৱাই লৈ গাডী় চলোৱাত পাকৈত মিনুমা বড়োৱে নিজে পাহাৰীয়া একা–বেঁকা পথেদি ৩০ কিলোমিটাৰ গাড়ীখন চলাই এখন চিকিৎসালয়ত সুমুৱাই আন ১৮গৰাকী তীর্থযাত্রীৰ জীৱন ৰক্ষা কৰে৷
ছেপ্টেম্বৰ মাহত অসমৰ নাৰীশক্তিৰ দ্বাৰা সংঘটিত ৰাজ্যৰ পৰা ৰাষ্ট্রীয় পর্যায়লৈকৈ সংবাদ শিৰোনাম আৰু সামাজিক মাধ্যমত বহুলভাৱে চর্চিত ঘটনাকেহটা সকলোৰে বাবে প্রেৰণাৰ উৎস হৈ ৰ’ব৷ তেওঁলোকৰ আদর্শৰে সমাজৰ প্রতিগৰাকী মহিলাই নিজক সবল কৰিব লাগিব৷ পৰৰ আশাত ৰৈ থকা আৰু ভটিয়নি নাৱত যোৱা একে কথা৷ অতীতৰে পৰা মহিলাসকল বিভিন্ন দিশত বিভিন্ন ধৰণেৰে অৱনমিত, শোষিত, নির্যাতিত আৰু নিষ্পেষিত হৈ আহিছে৷ নাৰীৰ মনত ভৰি থকা অজান শংকা ইয়াৰ বাবে দায়ী৷ এই শংকা নাৰী সমাজে দূৰ কৰি নিজৰ অধিকাৰ আঁজুৰি আনিবলৈ সক্ষম নহ’লে কোনোৱেই তেওঁলোকক আগবঢ়াই নিব নোৱাৰে৷ সেয়েহে খুচী দে’, নিকিতা নেওগ, বেবী কোঁৱৰ আৰু মিনুমা বড়ো নাৰীশক্তিৰ আদর্শ হৈ সমাজত জিলিকি উঠক৷

ফোন : ৯৯৫৭৮–৯০৬৫৮

You might also like