নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৮০গৰাকী শিল্পীৰ শিল্পকর্ম প্রদর্শন

🔹 অসম তথা উত্তৰ–পূবৰ স্থাপত্য, ভাস্কর্য, চিত্রশিল্পীৰ শিল্পকর্মক ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় পর্যায়লৈ নিয়াৰ প্রয়াস আর্টস্কেপ গেলেৰীৰ

🔹 আর্ট ইক’ ৰিভলিউচন প্রদর্শনী

🔹 উৎপল বৰুৱা

অসমৰ স্থাপত্য, ভাস্কর্য, চিত্রশিল্পৰ এক গৌৰৱ উজ্জ্বল ইতিহাস আছে৷ বহুকেইগৰাকী প্রতিষ্ঠিত আৰু প্রতিভাশালী চিত্র–ভাস্কর্য শিল্পীয়ে তেওঁলোকৰ শিল্পকর্মৰে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ নাম উজলাই তুলিছে৷ অসমৰ আধুনিক শিল্পকলাৰ পথ প্রদর্শকসকলৰ শিল্পকর্ম আজিও উপযুক্তভাৱে সংৰক্ষিত হোৱা নাই৷ শিল্পীসকলৰ সৃষ্টিৰাজি, শিল্পকর্ম, চৰকাৰী আৰু বেচৰকাৰীভাৱে বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ, প্রদর্শন আৰু বিক্রীৰ ব্যৱস্থা কৰিলে অসমৰ কলা ইতিহাস সমৃদ্ধ হোৱাৰ লগতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়তো বিশেষ মর্যাদা লাভ কৰাৰ সম্ভাৱনা আছে৷ ৰাজ্যৰ বহু প্রতিভাৱান শিল্পীয়ে নিৰলসভাৱে শিল্প সাধনা কৰি আহিছে৷ কিন্তু এখন উপযুক্ত মঞ্চৰ অভাৱত শিল্পীসকলৰ শিল্পকর্মৰ প্রদর্শন আৰু বিক্রীৰ ব্যৱস্থা হোৱা নাই৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ চিত্র–ভাস্কর্য শিল্পীসকলক এখন উপযুক্ত মঞ্চ দি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত চিনাকি কৰি দিয়াৰ প্রচেষ্টা লৈছে গুৱাহাটীৰ আর্টস্কেপ গেলেৰীয়ে৷ বিগত ৩০ বছৰ ধৰি চিত্রশিল্পৰে জড়িত শিল্পী কাবেৰী বণিক্যই একক প্রচেষ্টাৰে স্থাপন কৰা আর্টস্কেপ গেলেৰীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ শিল্পীসকলক একত্রিত কৰি এখন মঞ্চ প্রদান কৰি প্রথমবাৰৰ বাবে গুৱাহাটীত ‘আর্ট ইক’ ৰিভলিউচন’ শীর্ষক এখন চিত্র, ভাস্কর্য, স্থাপত্য শিল্পকর্মৰ প্রদর্শনী অনুষ্ঠিত কৰে৷ গুৱাহাটী চৰ’কী চেলেব্রেচনত ১১ পৰা ১৩ অক্টোবৰলৈ আর্টস্কেপ গেলেৰীয়ে অনুষ্ঠিত কৰা এই প্রদর্শনীত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ৮০গৰাকী প্রতিভাৱান শিল্পীৰ শিল্পকর্ম প্রদর্শন কৰা হয়৷ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, অৰুণাচলৰ বহুকেইগৰাকী নবীন–প্রবীণ শিল্পীৰ লগতে বশিষ্ঠৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয় আৰু ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ চিত্র আৰু শিল্পকর্ম প্রদর্শন কৰাৰ লগতে বিক্রীৰ ব্যৱস্থা কৰা হয়৷ প্রদর্শনীৰ লগত সংগতি ৰাখি অসম তথা উত্তৰ–পূবৰ চিত্র–ভাস্কর্য শিল্পক কেনেদৰে আগুৱাই নিব পাৰি সেই সন্দর্ভতো আলোচনা–চক্র অনুষ্ঠিত হয়৷ আলোচনা–চক্রত অসমৰ মেনুস্ক্রিপ, শিল্প আৰু মানসিক স্বাস্থ্য, শিল্প আৰু আভিজাত্য, অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আর্ট লেণ্ডস্কেপ আদি বিভিন্ন বিষয়ৰ ওপৰত বহুকেইগৰাকী বিশেষজ্ঞ ব্যক্তিয়ে নবীন–প্রবীণ শিল্পীসকলৰ সৈতে আলোচনা কৰে৷ আর্ট ইক’ ৰিভলিউচন নামৰ এই শিল্পকলা প্রদর্শনীত শিল্পীসকলৰ অনন্য সৃষ্টি ব্যতিক্রমী ৰূপত প্রদর্শন কৰা হয়৷ এই প্রদর্শনীত নবীন–প্রবীণ শিল্পীসকলৰ সৃষ্টিৰাজি আৰু শিল্পকর্ম উপভোগ কৰে দুই সহস্রাধিক কলা অনুৰাগীয়ে৷ আর্ট ইক’ ৰিভলিউচন শীর্ষক এই প্রদর্শনীত ড০ সঞ্জীৱ কুমাৰ সন্দিকৈ, ড০ চাহিল ৰফিক, ৰাকুয়ো আৰিক’, পিমালী চুইল’, অপূর্ব, নিৰূপম কোঁৱৰ, নীলাক্ষি শর্মা, অনুভূতি দাস, হিমান বৰুৱা, কুইন জি তালুকদাৰ, ছুহিনী ৰয়, দয়ানীতা বৈশ্য, আস্থা ছাহাল, আদর্শ ছেত্রী, পিনাকী দাস, স্বাগত দাস, সম্প্রীতি ওজা, সুপ্রিয়া ঘোষ, মানসী খেমানি, আলী ৰাজা, নীলকমল কাশ্যপ, ডিম্পী বৰা, পল্লৱপ্রাণ বৰা, সুভাষ ছোনী, হূষীকেশ দাস, মনজ্যোতি ৰাজখোৱা, বটচ’ মেকৰো’ তপন বৰা, বিতুপন বাছাক, নিকিতা পীৰটুহ, বিকাশ বর্মন, অভিজ্ঞান দত্ত, লংগাং কন্যাক, ৰাজদীপ বর্মন, সাগৰিকা শর্মা, টিনামণি ৰাজবংশী, শতাব্দী গগৈ, ডিম্পল নাথ, হিমাংশু কলিতা, ছানেনটি লংচাৰি, চি লালৰেমতুলাংগা, আদিত্য ঠাকুৰীয়া, গৰিমা আগৰৱাল, সাৰহ পো, টিনাট আটিফা মাছুদ, কৌশিক শর্মা, তবচুম চিৰিম, নীলপর্ণা বর্মন, খুংছাৰ ব্রহ্ম, য়ছৰাজ দেৱ, হর্ষিতা বৰুৱা, হিমাংশু হালৈ, বিকুমণি মালাকাৰ, শিল্পী ময়ূৰী ভট্টাচার্য, দেৱ বেজবৰুৱা আৰু ভাস্কর্য শিল্পী প্রজ্ঞান শর্মাৰ লগতে অসমৰ বহুকেইগৰাকী প্রতিষ্ঠিত শিল্পীৰ সৃষ্টিৰাজি প্রদর্শন কৰা হয়৷ চিত্র প্রদর্শনীৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোচনা–চক্রত বিশিষ্ট শিল্পী সাত্যকী ডিকম ভূঞা, অতুল চন্দ্র বৰুৱা, শ্রীপর্ণা বি বৰুৱা, সমুজ্জ্বল কাশ্যপ, লীমা দাস, টিনাট আতিফা মাছুদ, ৰঞ্জনা ভজংকা, ছহিল ৰফিক, সুভাষ ছোনী, পলাশ বৰা, কৃষ্ণাকী শর্মা, ৰাণা মহন্ত, অল্পনা বৰদলৈ, ৰাজেন তালুকদাৰ, অভিক তালুকদাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ গুৱাহাটীত আর্টস্কেপ গেলেৰীয়ে অনুষ্ঠিত কৰা আর্ট ইক’ ৰিভলিউচন শীর্ষক এই চিত্র–ভাস্কর্য আলোকচিত্র শিল্পীৰ প্রদর্শনীখনে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতিভাৱান নবীন–প্রবীণ শিল্পীসকলক উৎসাহিত কৰাৰ লগতে শিল্পীসকলৰ শিল্পকর্মক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়লৈ নিয়াৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰিছে আর্টস্কেপ গেলেৰীৰ প্রতিষ্ঠাপক শিল্পী কাবেৰী বণিক্যই৷ প্রদর্শনীখনলৈ অহা কলা অনুৰাগীৰ পৰা বহুকেইগৰাকী শিল্পীয়ে চিত্র আৰু ভাস্কর্য শিল্পীয়ে অর্ডাৰ লাভ কৰিছে বুলি কাবেৰী বণিক্যই জানিবলৈ দিছে৷ আর্টস্কেপ গেলেৰীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ শিল্পীসকলক ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় চিত্রকলা প্রদর্শনীত শিল্পকলাৰ প্রদর্শন আৰু বিক্রীৰ সুবিধা প্রদান কৰি আহিছে৷ আর্টস্কেপ গেলেৰীৰ এই ব্যতিক্রমী পদক্ষেপে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ শিল্পকলাৰ উত্তৰণত বিশেষ অৰিহণা যোগোৱাৰ সম্ভাৱনা আছে৷

ফোন : ৮৭৬১৮–৫৬৯৭৯

You might also like