নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাপ্রৱঞ্চক দীপাংকৰ বর্মনক গোৱাত গ্রেপ্তাৰ

🔹 ডিবি ষ্টকৰ নামত হাজাৰ হাজাৰ কোটি লুণ্ঠন কৰি দুমাহে পলাতক

🔹 দীপাংকৰৰ বেগত উদ্ধাৰ ২৭ লক্ষাধিক টকাসহ সোণৰ অলংকাৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : শ্বেয়াৰ মার্কেটৰ অনলাইন ট্রেডিঙেৰে নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ অলীক স্বপ্ণ দেখুৱাই ৰাইজৰ পৰা এক–দুই হাজাৰ নহয়, ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰি পলাতক হৈ থকা ডিবি ষ্টক ব্র’কিঙৰ স্বত্বাধিকাৰী মহাপ্রৱঞ্চক দীপাংকৰ বর্মনক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল মহানগৰ আৰক্ষী৷ দুমাহ ৭ দিনৰ অন্তত বহু কষ্টৰ মূৰত অৱশেষত গোৱাৰ পানাজীত মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে ২৩ ৰাজ্যৰ ১৬ সহস্রাধিকক প্রতাৰণা কৰা মহাপ্রৱঞ্চক দীপাংকৰ বর্মনক৷ কালি সন্ধিয়া প্রায় ৭ বজাত পাণবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত যোৱা এটা দলে গোৱাৰ পানাজীৰ ৰাজপথৰ পৰা কৰায়ত্ত কৰে প্রৱঞ্চকটোক৷ উল্লেখ্য যে দীর্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি অজ্ঞাত স্থানত আত্মগোপন কৰি থকা দীপাংকৰ বর্মনক বিচাৰি বহু অভিযান চলোৱা হৈছিল যদিও সফল হ’ব পৰা নাছিল মহানগৰ আৰক্ষী৷ শেহতীয়াকৈ গোপন সূত্রৰ খবৰৰ ভিত্তিত মহাপ্রৱঞ্চকটো গোৱাত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ লগতে অপৰাধ শাখাৰ এটা দলে কিছুদিন ধৰি গোৱাত বাহৰ পাতি প্রৱঞ্চকটোৰ সন্ধান অব্যাহত ৰাখিছিল৷ কিন্তু প্রথম অৱস্থাত তেওঁলোকে সফল হ’ব নোৱাৰি পুনৰ উভতি আহিছিল৷ তাৰ পাছতে আন এক সূত্রই গোৱাৰ পানাজীত দীপাংকৰ বর্মনে আত্মগোপন কৰি থকা সন্দর্ভত সঠিক খবৰ দিয়াৰ পাছতে পুনৰ মহানগৰ আৰক্ষীৰ এটা দলে গোৱালৈ ৰাওনা হৈ এসপ্তাহ ধৰি তাত বাহৰ পাতে৷ গোৱাত উপস্থিত হৈয়ে এইবাৰ মহানগৰ আৰক্ষীৰ দলটোৱে গোৱাৰ স্থানীয় আৰক্ষীৰ সহায় লয়৷ সেইমর্মে মহাপ্রৱঞ্চকটোক হাতে–লোটে কৰায়ত্ত কৰাৰ বাবে বেহু ৰচনা কৰে আৰু তাৰ পাছতে কালি সন্ধিয়া পানাজীৰ বজাৰ এলেকাত ফুৰা–চকা কৰি থকা অৱস্থাতে পূর্বৰে পৰা অনুসৰণ কৰি থকা আৰক্ষীৰ দলটোৱে লগে লগে কৰায়ত্ত কৰে দীপাংকৰ বর্মনক৷ ইয়াৰ পাছতে দলটোৱে মহাপ্রৱঞ্চকটোক আত্মগোপন কৰা স্থানলৈ নি তালাচী চলায়৷ আৰক্ষীৰ সন্মুখতে মহাপ্রৱঞ্চকটোৱে নিজৰ সৈতে থকা দুটাকৈ বেগৰ পৰা এটা এটাকৈ মুঠ ১৩টা ৫০০ টকীয়া নোটৰ বাণ্ডিল উলিয়াই দিয়ে৷ এই ১৩টা বাণ্ডিলত সর্বমুঠ ২৭,০৬,৭৫০ টকা থকা বুলি ইতিমধ্যে মহানগৰ আৰক্ষীৰ শীর্ষৰ পৰা সদৰী কৰা হৈছে৷ তদুপৰি, মহাপ্রৱঞ্চকটোৰ লগত থকা সোণৰ আ–অলংকাৰো অভিযানকাৰী দলটোৱে জব্দ কৰিছে৷ জব্দকৃত ধন তথা অংলকাৰৰ সৈতে আৰক্ষীৰ দলটোৱে দীপাংকৰ বর্মনক পানাজী থানালৈ লৈ যায়৷ আৰক্ষী সূত্রই সদৰী কৰা মতে, আজি দীপাংকৰ বর্মনক গোৱাৰ স্থানীয় আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে৷ তাৰ পাছতে ট্রেনজিট ৰিমাণ্ডত মহাপ্রৱঞ্চকটোক লৈ আৰক্ষীৰ দলটো গুৱাহাটীত উপস্থিত হ’ব৷ আজি নিশাৰ ভিতৰতে মহাপ্রৱঞ্চকটোক লৈ আৰক্ষীৰ দলটো গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ডিবি ষ্টক ব্র’কিং নামেৰে অবৈধ প্রতিষ্ঠান খুলি অসমৰ লগতে মুঠ ২৩খন ৰাজ্যৰ ১৬ সহস্রাধিক লোকক প্রতাৰণা কৰাৰ কৌশল ৰচিছিল মহাপ্রৱঞ্চক দীপাংকৰ বর্মনে৷ প্রৱঞ্চকটোৰ এই কৌশলৰ আৰম্ভণিৰ পৰাই সহযোগ কৰিছিল পিতৃ–মাতৃ তথা বাগ্দত্তা মনালিছা দাসসহ ঘনিষ্ঠ একাংশই৷ ২০১৮ চনৰ গুৱাহাটীৰ বৰা ছার্ভিচত স্থাপন কৰা ডিবি ষ্টক ব্র’কিঙৰ কার্যালয়টোৰ জৰিয়তে শ্বেয়াৰ মার্কেটত ধন বিনিয়োগ কৰি দুগুণ মুনাফা আদায় দিয়াৰ লোভ দিছিল বর্মন এণ্ড কোম্পানীয়ে৷ প্রতিষ্ঠানটোৰ জৰিয়তে শ্বেয়াৰ মার্কেটত ধন বিনিয়োগ কৰিলে বিনিয়োগকাৰীক মাহেকত শতকৰা ৭ শতাংশ, দুমাহত ১৪ শতাংশ, ৬ মাহত ৬৯ শতাংশ আৰু এবছৰত ১২০ শতাংশ পর্যন্ত মুনাফা লাভৰ টোপ দিছিল৷ প্রথম অৱস্থাত বিনিয়োগকাৰীক বিশ্বাস দিয়াবলৈ মাহেকত ১৩ শতাংশ পর্যন্ত লাভৰ প্রলোভন দিয়া দীপাংকৰ বর্মনে লভ্যাংশও কিছুসংখ্যক বিনিয়োগকাৰীক আদায় দিছিল৷ যাৰ বাবে শ্বেয়াৰ মার্কেটত ডিবি ষ্টক ব্র’কিঙৰ জৰিয়তে বিনিয়োগ কৰা বিনিয়োগকাৰীৰ গ্রাফডাল ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু পৰৱর্তী সময়ত ইয়াৰেই সুবিধা গ্রহণ কৰিছিল দীপাংকৰ বর্মনে৷ প্রৱঞ্চনাৰে লুণ্ঠন কৰা ধনেৰে এটা আভিজাত জীৱনো যাপন কৰিছিল মহাপ্রৱঞ্চকটোৱে৷ অতি পৰিকল্পিতভাৱে এটা সময়ত ধন আদায় দিয়া বন্ধ কৰি দিছিল দীপাংকৰ বর্মনে৷ বিগত ১৯ আগষ্টত শেষবাৰৰ বাবে বৰা ছার্ভিচৰ কার্যালয়ত বিনিয়োগকাৰীয়ে লগ পাইছিল দীপাংকৰ বর্মনক৷ তাৰ পাছত সেইদিনা সন্ধিয়াৰ পৰাই আত্মগোপন কৰিছিল প্রৱঞ্চকটোৱে৷ হঠাতে দীপাংকৰ বর্মনৰ কোনো শুংসূত্র নোপোৱাত বিনিয়োগকাৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়৷ বহু বিনিয়োগকাৰীয়ে তাৰ পাছত নিজৰ প্রাপ্য ধন বিচাৰি বৰা ছার্ভিচৰ কার্যালয়ত ভিৰ কৰাৰ লগতে জালুকবাৰীৰ তেতেলীয়াত থকা দীপাংকৰ বর্মনৰ বাসগৃহতো উপস্থিত হৈছিল৷ লক্ষণীয় যে দীপাংকৰ বর্মনে পিতৃ–মাতৃৰ লগতে প্রৱঞ্চনাৰ সংগী কৰি লৈছিল বাগ্দত্তা মনালিছা দাসক৷ বিগত ২০ আগষ্টত পাণবজাৰ মহিলা আৰক্ষীয়ে মনালিছা দাসক গ্রেপ্তাৰ কৰাৰ পাছতে প্রৱঞ্চনাৰ বহু ৰহস্য ওলাই পৰে৷ ৰাইজৰ ধনেৰে বিলাসী জীৱন যাপন কৰা দীপাংকৰ বর্মনে আসন্ন বিপদৰ কথা পূর্বৰে পৰা উমান পাই পিতৃ–মাতৃসহ ৰাছিয়ালৈ পলাই যোৱাৰ পৰিকল্পনাও কৰিছিল৷ ইয়াৰ বাবে ভিছাৰো আবেদন কৰিছিল৷ কিন্তু কাকতলীয়ভাৱে ভিছাৰ আবেদন বাতিল হোৱাত উক্ত পৰিকল্পনা বাস্তৱায়িত নহ’ল৷ অসমৰ গুৱাহাটী, নলবাৰীসহ বিভিন্ন প্রান্তত ডিবি ষ্টক ব্র’কিঙৰ কার্যালয় খুলি বিনিয়োগকাৰীৰ পৰা ধন সংগ্রহ কৰা দীপাংকৰ বর্মনে দেশৰ ২৩খন ৰাজ্যৰ ১৬ হাজাৰতকৈও অধিক লোকৰ ধনো সংগ্রহ কৰিছিল৷ অষ্ট্রেলিয়াৰো এজন বিনিয়োগকাৰীয়ে ডিবি ষ্টক ব্র’কিঙত ৬০ লাখ টকা বিনিয়োগ কৰিছিল৷ হায়দৰাবাদৰ এজন ব্যৱসায়ীয়ে প্রায় ডেৰশ কোটি টকা বিনিয়োগ কৰিছিল৷ বেংগালুৰু, মুম্বাই, বিহাৰ, জম্মুু–কাশ্মীৰ পর্যন্ত মানুহক শ্বেয়াৰ মার্কেটত ধন বিনিয়োগ কৰাৰ প্রলোভনেৰে লুণ্ঠন চলাইছিল মহাপ্রৱঞ্চকটোৱে৷ এইক্ষেত্রত ডিবি ষ্টক ব্র’কিঙে শ্বেয়াৰ মার্কেটত ধন বিনিয়োগ প্রক্রিয়া এঞ্জেল ৱান এপটোৰ জৰিয়তে কৰা হয় বুলি গ্রাহকক জনাইছিল যদিও পৰৱর্তী সময়ত উক্ত এপটোৰ তৰফৰ পৰাও এই কথা নস্যাৎ কৰা হৈছিল৷ অকল গুৱাহাটীতে নহয়, হায়দৰাবাদৰ শ্বামাই পাঞ্জাকশ্বাৰে নামৰ এজন যুৱকে চাইবাৰাবাদ থানাৰ অর্থনৈতিক অপৰাধ উইঙত এটা গোচৰ ৰুজু কৰাৰ পাছত হায়দৰাবাদ আৰক্ষীৰো ম’ষ্ট ৱাণ্টেড আছিল দীপাংকৰ বর্মন৷ এনেদৰে সংগ্রহ কৰা ধনেৰে মহাপ্রৱঞ্চকজনে অসমৰ উপৰি বহিঃৰাজ্যতো নামে–বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল৷ গুৱাহাটীৰ জালুকবাৰীৰ তেতেলীয়া আৰু দিছপুৰত দুটা বিলাসী ফ্লেট, বাইহাটা চাৰিআলিত ২০ বিঘা ভূমিৰ লগতে হায়দৰাবাদ আৰু গোৱাত দীপাংকৰ বর্মনৰ আছিল বিলাসী ফ্লেট৷ হায়দৰাবাদত থকা ভিনীহিয়েকৰ সহযোগত ৰিয়েল ইষ্টেট কোম্পানীতো মহাপ্রৱঞ্চকটোৱে কেইবাশ কোটি টকা বিনিয়োগ কৰা বুলি অভিযোগ উঠিছে৷ মুঠতে ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰা দীপাংকৰ বর্মনৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে ৰাজ্য চৰকাৰে বর্ধিত অনলাইন ট্রেডিং কেলেংকাৰি সন্দর্ভত মুঠ ৪১টা গোচৰ কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইলৈ হস্তান্তৰ কৰাৰ পাছতে বর্তমানে চিবিআয়ে আন গোচৰৰ লগতে দীপাংকৰ বর্মনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰো তদন্ত অব্যাহত ৰাখিছে৷ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে দীপাংকৰ বর্মনৰ পিতৃ–মাতৃ, প্রেয়সী মনালিছা দাস আৰু তেওঁৰ ভগ্ণী, ডিবি ষ্টক ব্র’কিঙৰ চিএকে ধৰি মুঠ ৫জন লোকক গ্রেপ্তাৰ কৰিছে৷ গুৱাহাটীলৈ মহাপ্রৱঞ্চক দীপাংকৰ বর্মনক আৰক্ষীৰ দলটোৱে লৈ অনাৰ পাছতে কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআয়ে প্রৱঞ্চকটোক নিজৰ জিম্মাত লৈ পুনৰ তদন্ত আৰম্ভ কৰিব৷ তদন্তও অব্যাহত থাকিব৷ কিন্তু প্রশ্ণ হৈছে প্রৱঞ্চনাৰে লুটি নিয়া ৭ হাজাৰ কোটি টকা দীপাংকৰ বর্মনৰ পৰা বিনিয়োগকাৰীয়ে ওভতাই পাবনে? কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইৰ কঠোৰ তদন্তৰ পাছত সকলো স্পষ্ট হ’ব৷

You might also like