নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাইট হাউছত ৰাষ্ট্ৰপতিৰ উপস্থিতিত দীপাৱলী উদযাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউছত (আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী কাৰ্যালয় আৰু বাসগৃহ) দীপাৱলী উদযাপনৰ আয়োজন কৰে, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ সাংসদ, বিষয়া আৰু কৰ্পৰেট নেতাকে ধৰি ৬০০ৰো অধিক বিশিষ্ট ভাৰতীয় আমেৰিকান লোকে অংশগ্ৰহণ কৰে। হোৱাইট হাউছৰ ইষ্ট ৰুমত বাইডেনে কয়, ৰাষ্ট্ৰপতি হিচাপে মই হোয়াৱাট হাউছত এতিয়ালৈকে হোৱা সৰ্ববৃহৎ দীপাৱলী উদযাপনৰ আয়োজন কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। মোৰ বাবে ইয়াৰ অৰ্থ বহুত আছিল। দক্ষিণ এছিয়ান আমেৰিকানসকল চিনেটৰ, উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি হিচাপে মোৰ কৰ্মচাৰীসকলৰ মূল সদস্য হৈ আহিছে। নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ আৰু বাইডেনৰ পত্নী জিল বাইডেন এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। বাইডেনৰ ভাষণৰ পূৰ্বে আমেৰিকাৰ চাৰ্জন জেনেৰেল ভাইচ এডমিৰেল বিবেক এইচ মূৰ্তি আৰু ‘ভাৰতীয়-আমেৰিকান যুৱ কৰ্মী’ শ্ৰুতি আমুলায়ো ভাষণ প্ৰদান কৰে। এই সময়ত সুনীতাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ৰেকৰ্ড কৰা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে। হোৱাইট হাউছৰ ‘ব্লু ৰুম’ত আনুষ্ঠানিকভাৱে লেম্প জ্বলাই বাইডেনে কয় যে দক্ষিণ এছিয়ান আমেৰিকান সম্প্ৰদায়ে আমেৰিকাৰ জীৱনৰ প্ৰতিটো অংশক সমৃদ্ধ কৰি তুলিছে। ২০০৩ চনত তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে হোৱাইট হাউছত দীপাৱলী উদযাপনৰ পৰম্পৰা আৰম্ভ কৰিছিল। অৱশ্যে তেওঁ কেতিয়াও ব্যক্তিগতভাৱে দীপাৱলী উদযাপনত অংশগ্ৰহণ কৰা নাছিল। ২০০৯ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত বাৰাক ওবামাই ব্যক্তিগতভাৱে হোৱাইট হাউছত অনুষ্ঠিত হোৱা দীপাৱলী পাৰ্টিত অংশ লৈছিল। তেওঁ হোৱাইট হাউছত লেম্প জ্বলাই দীপাৱলী উদযাপন কৰে। ইয়াৰ পিছত ২০১৭ চনত যেতিয়া ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈছিল, তেতিয়া তেওঁ এই পৰম্পৰাক আৰু আগুৱাই লৈ গৈছিল। ২০২২ চনত ৰাষ্ট্ৰপতি জো বাইডেনে ফাৰ্ষ্ট লেডী জিল বাইডেনৰ সৈতে হোৱাইট হাউছত এতিয়ালৈকে সৰ্ববৃহৎ দীপাৱলী পাৰ্টি আয়োজন কৰিছিল। এই সময়ছোৱাত ২০০ৰো অধিক লোকক আমন্ত্ৰণ জনোৱা হৈছিল।

You might also like