নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ ভিন্ন প্ৰান্তত অবৈধ কাঠৰ মুকলি ছিণ্ডিকেট চলি থকাৰ খবৰ পোৱা গৈছে | বন বিভাগৰ জ্ঞাতসাৰেই দিনে-নিশাই মুকলিকৈ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছে | নগৰবেৰাৰ জাউকাটাদিয়া গাঁৱত আজিও অবৈধ কাঠফলা মিল চলি থকাৰ তথ্য পোৱা গৈছে | বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি নিতৌ মিলত বকো, মালিবাৰী, হাহিম আদি দক্ষিণাঞ্চলৰ পৰা অহা বৃহৎ পৰিমাণৰ মূল্যৱান শাল, চেগুন আদি কাঠ ফলা হয়। শীঘ্ৰেই এই অবৈধ মিল বন্ধ কৰাৰ দাবী জনাইছে সচেতন ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস