নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ষ্ট্ৰোক দিৱস : গুৱাহাটীত পাল’ন ৰিৱাকৰ ষ্ট্ৰোক সজাগতা অনুষ্ঠান

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : “বিশ্ব ষ্ট্ৰোক দিৱস” উপলক্ষে বিশ্ব ষ্ট্ৰোক সংস্থাৰ সহযোগত পাল’ন ৰিৱাকে গুৱাহাটীত ষ্ট্ৰোক সজাগতাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে এৰিজ’না স্প’ৰ্টছ কমপ্লেক্সত ‘Let’s Drive awareness on adopting one sport for healthier life’ শীৰ্ষক বিষয়বস্তু লৈ এখন বন্ধুত্বপূৰ্ণ ক্ৰিকেট মেচৰো আয়োজন কৰা হৈছিল, যিখন খেলত চিকিৎসকৰ দলে অংশ লয়। বিজয়ী ট্ৰফী প্ৰদান কৰে অভিনেতা তথা পৰিচালক প্ৰাঞ্জল শইকীয়াই। তদুপৰি হোটেল লিলিত বৰ্তমান সময়ত ষ্ট্ৰোক প্ৰতিৰোধ কিদৰে কৰিব পৰা যায়, সেই সন্দৰ্ভতো আলোচনা কৰা হয়। এই আলোচনাত চিকিৎসক অজয় মহন্ত, অশোক কায়াল, বি কে বৈশ্য, নৱনীল বৰুৱা, আৰ আৰ দাস আৰু আশিস মালাকাৰে অংশ লয়।

You might also like