শ্রদ্ধাৰ হোমেন বৰগোহাঞিয়ে তেখেতৰ ‘কাম কৰাৰ আনন্দ’ নামৰ পুথিখনত উল্লেখ কৰিছে– বেছিভাগ মানুহেই হতাশাৰ দ্বাৰা জর্জৰিত হৈ গোটেই জীৱন ধৰি ভিতৰি ভিতৰি ছটফটাই থাকে আৰু সেইটো কৰি কৰিয়েই তেওঁলোকে এদিন জীৱনটো শেষ কৰে৷ প্রকৃত অর্থত তেওঁলোক কেতিয়াও জীয়াই নাথাকে৷ কেৱল মৰিবৰ সময়ত তেওঁলোকৰ বহুতৰ মনলৈ হয়তো এনে এটা ভাব আহে আৰু কেইমুহূর্তমানৰ পিছতে মই দেখোন মৰিমেই কিন্তু মই জীয়াই আছিলো কেতিয়া?
আমাৰ অসমীয়া কবিয়ে কাহানিবাই কৈ গৈছে ‘সুখ দুখৰ মনেই কাৰণ মনক কৰিবা থিত’৷ পশু আৰু মানৱৰ পার্থক্য এইখিনিতেই যে মানুহৰ সুখ–দুখৰ অনুভূতি আছে, মানুহৰ চিন্তাশক্তি আছে৷ জীৱশ্রেষ্ঠ মানুহে সেয়ে জীৱনটো সুন্দৰ কৰিবলৈ হ’লে হতাশাক প্রশ্রয় নিদি, দুখবোৰ উপেক্ষা কৰি সুখী হৈ থাকিবলৈ যত্ন কৰিব লাগে৷ লগতে জীৱনত ঘটি থকা প্রতিটো বিষয়কে ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰিব লাগে৷ সুখ–দুখৰ অনুভূতিবিহীন হোৱা বাবেই হয়তো জীৱ–জন্তুৰ বেমাৰ–আজাৰ মানুহতকৈ কম৷ কম মানে মানুহৰ তুলনাত বন্য জীৱন–জন্তুৰ বেমাৰ–আজাৰ নাই বুলিয়েই ক’ব পাৰি৷ আনকি সন্তান প্রসৱৰ ক্ষেত্রতো জীৱ–জন্তুতকৈ মানুহে বেছি কষ্ট পায়৷ বর্তমান এনেকুৱা পৰিস্থিতি হৈছে যে প্রসৱ যন্ত্রণাৰ ভয়ত একাংশ মহিলাই আগতীয়াকৈ কৃত্রিম উপায়েৰে অপাৰেচন কৰি সন্তান জন্ম দিছে৷ আমাৰেই আত্মীয় কেইবাগৰাকী মহিলাই একাধিক সন্তান জন্ম দিয়াৰ পিছতো প্রসৱ যন্ত্রণানো কেনেকুৱা উপলব্ধি কৰিয়েই নাপালে৷ কিয়নো আজিকালি চিকিৎসক আৰু প্রসূতিৰ সময় সুবিধা মিলাই এটা বিশেষ দিন ঠিক কৰি ছিজাৰিয়ান অপাৰেচনৰ দ্বাৰা সন্তান প্রসৱ কৰোৱা হয়৷ এনেবোৰ ঘটনা চকুৰ আগত সদায় দেখিয়েই আহিছো৷ সন্তান জন্ম দিয়া প্রক্রিয়াটো যে প্রকৃতিৰ নিয়ম সেই কথা আমি এবাৰলৈও ভাবি নাচাওঁ৷ ঘৰখনলৈ এটি দেৱশিশুৰ আগমন হ’ব, সেই সুন্দৰ অনুভূতিৰ পৰা আঁতৰি আহি আমি অনবৰত প্রসৱ যন্ত্রণাৰ কথা চিন্তা কৰি বিষণ্ণ মনেৰে চিকিৎসকৰ পিছে পিছে দৌৰি ফুৰো৷ এই ঘটনাবোৰ ঘটাৰ মূলতেই হৈছে দুখ–কষ্টৰ সন্মুখীন হ’বলৈ আমি প্রস্তুত নহয়৷ অৱশ্যে এটা কথা ঠিক যে চিকিৎসা শাস্ত্রৰ উন্নতিৰ ফলত বর্তমান সময়ত প্রসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ পূর্বতকৈ যথেষ্ট কমি গৈছে৷ গতিকে গর্ভৱতী মহিলাৰ শৰীৰত কিবা বিসংগতি অনুভূত হ’লে আমি অতি সোনকালে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷
উপৰিউক্ত কথাখিনি অৱতাৰণা কৰি আমি জীৱশ্রেষ্ঠ মানৱক পশুৰ দৰে জীৱন–যাপন কৰিবলৈ কোৱা নাই৷ এইখিনি কথা অৱতাৰণা কৰাৰ মূলতেই হৈছে দুখ–কষ্টৰ কথা অনবৰতে ভাবি থকাটো হৈছে শাৰীৰিক আৰু মানসিক অৱসাদৰ ঘাই কাৰণ সেয়ে জীৱনটোক ইতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰি পার্যমানে দুখ–কষ্টক আওকাণ কৰিবলৈ যত্ন কৰিব লাগে৷ জীৱন মাত্রেই সুখ–দুখ, ঘাত–প্রতিঘাতৰ সমষ্টি৷ ঘাত–প্রতিঘাতৰ মাজতেই থাকে জীৱনৰ সৌন্দর্য৷ অনবৰতে সুখৰ প্রতি হাবিয়াস কৰি থকাটোৱেই হৈছে আমাৰ দুখৰ মূল কাৰণ৷ সুখৰ প্রতি আমি ইমানেই আকৃষ্ট হৈ পৰিছো যে দুখদায়ক পৰিস্থিতি চম্ভালি ল’বলৈ আমি অক্ষম হৈ পৰিছোঁ৷ দুখ সহিব পৰাজনেই ভৱিষ্যতে সুখী হ’ব পাৰে৷ বেমাৰ–আজাৰ নাইবা জীৱনত ঘটি যোৱা দুখৰ কথা চিন্তা কৰি বিষণ্ণ মনেৰে থকাজনক বেমাৰ–আজাৰে হেঁচা মাৰি ধৰে৷ আমি উপলব্ধি কৰা উচিত যে জীৱনৰ উকা কেনভাছ সুখ–দুখৰ অনুভূতিৰেহে ৰঙীন হয়৷
বর্তমান যান্ত্রিক যুগৰ জিৰণিবিহীন মানুহৰ মানসিক হেঁচা Stress) ইমান বৃদ্ধি পাইছে যে ইয়ে মানুহৰ শৰীৰত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ ষ্ট্রেছৰ ফলত মানুহৰ হূদপিণ্ড আৰু পেশীৰ কোষবোৰ আঘাতপ্রাপ্ত হয়৷ ষ্ট্রেছৰ পৰা হাত সাৰি থাকিবলৈ আমি নিয়মিত আসন প্রাণায়াম, ধ্যান আদি কৰাৰ উপৰি নিজকে সৎ কর্মত নিয়োজিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগে৷ প্রতিদিনে ৩০ মিনিটকৈ সপ্তাহত পাঁচ দিন ব্যায়াম কৰাৰ অভ্যাস কৰিব পাৰিলে শৰীৰটো পাতল পাতল অনুভৱ হোৱাৰ লগতে মন প্রফুল্ল হয় আৰু টোপনি গভীৰ হয়৷ লগ–সমনীয়াৰ লগত কথা–বতৰা পাতি কিছুসময় হাঁহি–স্ফূর্তিৰে কটাব লাগে৷ মুখৰ হাঁহি আৰু প্রফুল্ল মনে আমাৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট অৰিহণা যোগায়৷ সৰু সৰু কথাতে মন বিষণ্ণ নকৰি হাঁহি–স্ফূর্তিৰে জীৱনটো যাপন কৰিব পাৰিলেহে মনুষ্য জনম সফল হয়৷
Prev Post
Next Post
You might also like