আফগানিস্তানত মহিলাৰ কোৰান পাঠত নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ আফগানিস্তানত তালিবানৰ নাৰী নির্যাতন বৃদ্ধি পাইছে৷ ২০২১ চনত নতুনকৈ আফগানিস্তান দখল কৰাৰ পিছত নিজৰ পূর্বৰ চৰিত্র সলনি হ’ব বুলি ঘোষণা কৰিছিল তালিবানে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে তালিবানৰ নাৰীবিদ্বেষী নীতি প্রকট হৈ পৰে৷ এইবাৰ দেখিবলৈ পোৱা গ’ল আগ্রাসনৰ নতুন ছবি৷ তালিবানে নতুনকৈ ফতোৱা জাৰি কৰিছে যে এগৰাকী মহিলাৰ উপস্থিতিত অন্য কোনো মহিলাই জোৰে কোৰান পাঠ কৰিব নোৱাৰে৷ তালিবানৰ মহম্মদ খালিদ হানাফিয়ে এই সন্দর্ভত যোৱা সপ্তাহতে অডি’ বিবৃতি দিয়ে৷ এই বিবৃতিত নতুন ফতোৱা সন্দর্ভত সবিশেষ জনোৱা হয়৷ লক্ষণীয়ভাৱে মহিলাৰ কণ্ঠস্বৰ গোপনে ৰখা উচিত বুলি উল্লেখ কৰিছে মন্ত্রীগৰাকীয়ে৷ মহিলাৰ কণ্ঠস্বৰ অন্য কোনেও শুনিব নালাগে বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে এয়া ইছলামৰ পৰিপন্থী৷