নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত আৰক্ষীৰ জালত চাৰিজনকৈ দুৰ্ধৰ্ষ চোৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে নিশা এক অতৰ্কিত অভিযান চলাই চুৰিকাৰ্যত জড়িত চাৰিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা মণ্ডলপাৰাৰ ছহিদ ইমৰান হুছেইন, চুৰি বাইক কিনাৰ অপৰাধত কল্যাণপুৰৰ আব্দুল হালিম, ২নং পলাহৰটাৰীৰ এটা ডেম্প’ৰ মালিক জেহেৰুল ইছলাম আৰু কল্যাণপুৰ গাঁৱৰ জেহেৰুল ইছলাম নামৰ যুৱক চাৰিজনক নগৰবেৰা আৰক্ষীয়ে আটক কৰে। এইসকলৰ ভিতৰত ছহিদ ইছলাম মুল অপৰাধী, আব্দুল হালিম চুৰি বাইক কিনা, জেহেৰুল ইছলামে নিজৰ ডেম্প’ত স্কুটী কেবাটুকুৰা কৰি কটা আৰু আনজন জেহেৰুল ইছলামে চুৰি ইনভাৰ্টাৰৰ গৰাকী হোৱাৰ উপৰি পূৰ্বেও ড্ৰাগছ’ৰ সতে জড়িত গোচৰত অভিযুক্ত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আৰক্ষীয়ে চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সঁজুলিৰ লগতে কিছু চুৰি সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চাৰিজনকৈ চোৰক আটক কৰাৰ বাবে নগৰবেৰা আৰক্ষীৰ শলাগ লৈছে অঞ্চলবাসীয়ে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like