সম্পাদকীয় : পোহৰৰ উৎসৱ দীপাৱলী
ধর্মীয় চিন্তা–ভাবনাৰে আৰম্ভ হোৱা দীপাৱলী তথা দেৱালীয়ে সম্প্রতি ধর্ম নির্বিশেষে উদ্যাপনৰ দিন হৈ পৰিছে৷ হিন্দু ধর্মৰ অন্যতম দীপাৱলী হৈছে পোহৰৰ উৎসৱ৷ হিন্দু ধর্মৰ লগতে এই দীপাৱলী জৈন আৰু শিখ ধর্মৰ সৈতেও সম্পর্কিত হৈ আছে৷ পোহৰৰ উৎসৱ দীপাৱলীৰ প্রতীকী অর্থ হৈছে ধর্মৰ জয় অর্থাৎ অধর্মৰ বিপৰীতে আধ্যাত্মিক ৰূপত ধর্মৰ জয়৷ আন্ধাৰক বিনাশ কৰি পোহৰৰ জয়, অশুভ শক্তিক পৰাভূত কৰি শুভ শক্তিৰ জয় আৰু অজ্ঞতাক অতিক্রমি জ্ঞানৰ জয়৷ ধর্মীয় পৰম্পৰাৰে আৰম্ভ হোৱা দীপাৱলীয়ে এতিয়া দেশৰ সর্বস্তৰৰ নাগৰিকৰ আনন্দ–উলাহৰ উৎসৱ হৈ পৰিছে৷ পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত হিন্দু ধর্মৰ সমান্তৰালকৈ আন আন ধর্মৰ লোকেও এই উৎসৱটো মহাধুমধামেৰে পালন কৰে৷ সাধাৰণতে অক্টোবৰ আৰু নৱেম্বৰ মাহত এই দীপাৱলী উদ্যাপন কৰা হয়৷ কিন্তু এই পোহৰৰ উৎসৱৰ দিনটো বছৰভিত্তিক সলনি হৈ যায়৷ চন্দ্র আধাৰিত হিন্দু কেলেণ্ডাৰৰ মতে এই উৎসৱটো কেতিয়াবা অক্টোবৰ মাহত উদ্যাপন কৰা হয় আৰু কেতিয়াবা নৱেম্বৰ মাহত উদ্যাপন কৰা হয়৷ ২০২৪ৰ দীপাৱলী অক্টোবৰ মাহৰ অন্তিম তাৰিখটোত উদ্যাপন কৰা হৈছে৷ ধর্মীয় পৰম্পৰাক আগবঢ়াই নি এই উৎসৱ পালন কৰা হয় যদিও ইয়াৰ লগত এতিয়া বাণিজ্যিক দিশটোও সাঙোৰ খাই পৰিছে৷ আধ্যাত্মিকতাৰ মাজতে দেশজুৰি বাণিজ্যিক দিশটোও দীপাৱলীত জড়িত হৈ পৰিছে৷ দীপাৱলীৰ সময়ত ঘৰত চাকি–বন্তি জ্বলোৱাৰ লগতে বৈদ্যুতিক আলোকসজ্জাৰে ঘৰসমূহ সজাই তোলা হয়৷ পোহৰেৰে উজ্জীৱিত কৰি তোলা হয় বাসগৃহৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানসমূহ৷ হিন্দু ধর্ম মতে ১৪ বছৰ বনবাস সমাপ্ত কৰি ৰাৱণক পৰাজিত কৰি অযোধ্যালৈ ভগৱান শ্রীৰামচন্দ্র উভতি অহাৰ সময়তে অযোধ্যাবাসীয়ে চাকি–বন্তি জ্বলাই তেওঁলোকৰ পৰম পুৰুষক আদৰণি জনাইছিল৷ সেই পৰম্পৰাৰ আধাৰতে আজিও আধুনিকীকৰণ হ’লেও দীপাৱলী উদ্যাপন কৰি থকা হৈছে৷
একবিংশ শতিকাৰ তৃতীয় দশকত দীপাৱলী উদ্যাপন অকল ভাৰততেই সীমাবদ্ধ হৈ থকা নাই, অকল ধর্মীয় ধাৰণাতেই সীমাবদ্ধ হৈ থকা নাই, বিশ্বৰ বিভিন্ন দেশত দীপাৱলী মহাধুমধামেৰে উদ্যাপন কৰা হয়৷ এই দীপাৱলীত বাণিজ্যিক দিশটোতো ইতিবাচক প্রভাৱ পৰে৷ দেশৰ প্রখ্যাত কোম্পানীসমূহে তেওঁলোকৰ উৎপাদিত সামগ্রীত ৰেহাই দি দীপাৱলীৰ সময়ত গ্রাহকক আকর্ষণ কৰি উৎপাদিত সামগ্রীৰ বিক্রী বৃদ্ধি কৰে৷ গাড়ীৰ পৰা সোণ–ৰূপকে ধৰি ইলেক্ট্র’নিকছ সামগ্রীতো ৰেহাই মূল্যৰে দীপাৱলীৰ সময়ত গ্রাহকক আকর্ষণ কৰি আহিছে৷ প্রখ্যাত কোম্পানীসমূহৰ সামগ্রীৰ মূল্য ৰেহাই দি বিক্রী বৃদ্ধি কৰাৰ কৌশল এটা পূজাৰ বতৰত চলি আহিছে৷ দীপাৱলীতো এই প্রক্রিয়া চলে৷ ধর্মীয় পৰম্পৰা মতে দীপাৱলী উদ্যাপনৰ সময়ত দেশৰ মৃৎশিল্প উদ্যোগলৈও ইতিবাচক বার্তা আহে৷ পোহৰৰ উৎসৱত প্রতি ঘৰে ঘৰে, প্রতিটো প্রতিষ্ঠানত মাটিৰ চাকি জ্বলোৱা পৰম্পৰা এটা চলি থকাৰ বাবে এই সময়ছোৱাত গাঁৱে–ভূঞে মাটিৰ চাকি প্রস্তুত কৰা শিল্পীসকলৰো ব্যৱসায় বৃদ্ধি পায়৷ বছৰৰ অধিকাংশ সময় উৎপাদিত সামগ্রীৰ বাবে গ্রাহকৰ অপেক্ষা কৰি থকা মৃৎশিল্পীসকলে দীপাৱলীৰ সময়তে তেওঁলোকৰ উৎপাদিত মাটিৰ চাকিকে ধৰি বিভিন্ন সামগ্রী বিক্রী কৰিবলৈ সুযোগ পায়৷ পোহৰৰ উৎসৱ দীপাৱলীত আলোকসজ্জাৰ সমান্তৰালকৈ আতচবাজী, ফট্কা ফুটোৱা পৰম্পৰা এটাও যেন চলি আহিছে৷ এই সময়ছোৱাত মাত্রাধিক আতচবাজী, ফট্কা ফুটোৱাৰ বাবে শব্দ প্রদূষণৰ নেতিবাচক দিশ এটাও চর্চাৰ মাজলৈ আহে৷ শব্দ প্রদূষণৰ সমান্তৰালকৈ আতচবাজীৰ ফলত বায়ু প্রদূষণেও ভয়াৱহ ৰূপ লয়৷ দেশৰ ৰাজধানী দিল্লীকে ধৰি প্রতিখন মহানগৰ আৰু প্রধান চহৰত বায়ু প্রদূষণৰ মাত্রা দীপাৱলীৰ পাছত বৃদ্ধি পায়৷ বায়ু প্রদূষণ মানৱ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক৷ এনে পৰিপ্রেক্ষিততেই দীপাৱলী উদ্যাপনৰ নামত মাত্রাধিক আতচবাজী, ফট্কা ফুটাই পৰিৱেশ বিনষ্ট কৰা প্রতিগৰাকী নাগৰিক আঁতৰত থাকিব লাগিব৷ ঠিক তেনেদৰে অতিমাত্রা আলোকসজ্জায়ো পৰিৱেশ বিনষ্ট কৰা বুলি ইতিমধ্যে নিশ্চিত হৈছে৷ এনে কাৰণতে দীপাৱলী উদ্যাপনৰ সময়ত প্রতিগৰাকী নাগৰিক সজাগ আৰু সচেতন হোৱা উচিত৷ অন্যথা পোহৰৰ উৎসৱৰ প্রতীকী ৰূপৰ কোনো অর্থই নাথাকিব৷