নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত শ্ৰেণীকোঠাত সপ্তম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জ্বানত কৰা জঘন্য ঘটনা পোহৰলৈ আহিছে বাক্সাত। গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কক কালিমা সানিলে এগৰাকী লম্পট শিক্ষকে, ছাত্ৰীৰ লগত লীলা কৰি বাক্সা আৰক্ষীৰ জালত লম্পট শিক্ষক লীলাধৰ পাঠক। এই ঘটনাটো সংঘটিত হৈছে বাক্সাৰ বগলামাৰী আঞ্চলিক হাইস্কুলত। বিদ্যালয়খনৰ সপ্তম শ্ৰেনীৰ দুগৰাকী ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা কৰে লম্পট শিক্ষকজনে। ছাত্ৰী দুগৰাকীয়ে পিতৃ-মাতৃৰ আগত সকলো কথা বৰ্ননা কৰাত পোহৰলৈ আহে লম্পট শিক্ষক জনৰ ঘৃননীয় কাণ্ড। পিচত পৰিয়ালৰ লোকে স্থানীয় বৰবৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত লম্পট শিক্ষক জনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাত এজাহাৰৰ ভিত্তিত বাক্সাৰ বৰবৰী আৰক্ষীয়ে নলবাৰীৰ মুকালমুৱা আৰক্ষীৰ সহযোগত দৌলাশালৰ নিজগৃহৰ পৰা যোৱা ৩০ অক্টোবৰৰ নিশা লম্পট শিক্ষক লীলাধৰ পাঠকক গ্ৰেপ্তাৰ কৰে বৰবৰী আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰা এই গৰাকী লম্পট শিক্ষকে কন কন ছাত্ৰী সকলক অশ্লীল ইংগিত দি আহিছিল৷ অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হবলগীয়া হয় শিক্ষকজন। ছাত্ৰী দুগৰাকীৰ অভিভাৱকে শিক্ষক জনৰ উচিত শাস্তি বিচৰাৰ লগতে জেলৰ ভাত খাই অহাৰ পিচত এইখন বিদ্যালয়ৰ পৰা বদলি কৰিবলৈ দাবী জনায়। শিক্ষকগৰাকীৰ বাবে কনকন ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ ভয় খাইছিল৷ জেলৰ পৰা অহাৰ পিচত লম্পট শিক্ষকজনে পুনৰ এইখন বিদ্যালয়ত যোগদান কৰে তেতিয়া অভিভাৱকসকলে নিজৰ সন্তানক অন্য বিদ্যালয়ত নামভৰ্তি কৰি দিবলৈ বাধ্য হব বুলি মন্তব্য কৰে। সম্প্ৰতি লম্পট শিক্ষক লীলাধৰ পাঠকক বৰবৰী আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক চাণক্য বৈশ্য

You might also like