কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰি আৰম্ভ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : দেশী বিদেশী পৰ্যটকৰ বাবে আন এক সুখবৰ। অৱশেষত দেশী বিদেশী পয্যটকৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হল হাতী ছাফাৰি। প্রত্যক বছৰৰ দৰে এইবাৰো ১ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে হাতী ছাফাৰি। যোৱা ১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জীপ ছাফাৰিৰ বাবে মুকলি কৰা হয় যদিও হাতী ছাফাৰিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ পৰ্যটকে আজিৰ পৰা দৰ্শন কৰিব পাৰিব। কাজিৰঙাৰ কহঁৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰি মুকলি কৰাৰ লগতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰি মুকলি কৰা হয়। পুৱাই প্ৰথমতে পৰম্পৰাগত হস্তীপূজা কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষ আৰু পুব অসম বন সংমণ্ডল প্ৰাধিকাৰী অৰুন বিঘ্নেছৰ সহযোগত মন্ত্ৰী অতুল বৰাই নাৰিকল ভাঙি আৰু ফিটা কাটি হাতী চাফাৰিৰ শুভাৰম্ভ কৰে। আজি প্ৰথম দিনাই হাতীৰ পিঠিত উঠি কাজিৰঙাৰ মনোমোহা দৃশ্য তথা কাষৰ পৰা অসম গৌৰৱ দৰ্শন কৰি পৰ্য্যটক সকল আনন্দিত হৈ পৰে। ইংলেণ্ড, বেলজিয়াম আদি ৰাষ্ট্ৰৰ বিদেশী পয্যটকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পয্যটকে প্ৰথম দিনাই হাতীৰ পিঠিত উঠি কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে। মিহিমুখ নিৰীক্ষণ চূড়াৰ পৰা প্ৰথমটো হাতী চাফাৰীৰ শুভাৰম্ভ কৰা হয়। বনবিভাগৰ বিশালকায় দতাঁল হাতী “প্ৰদ্যুন্ন”ৰ পিঠিত উঠি কাজিৰঙাৰ বন্যপ্ৰাণীৰ অপূৰ্ব দৃশ্য উপভোগ কৰে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই।একেটা হাতী সংগ দিয়ে ডি এফ অ’. অৰুণ ভিগ্নিশ য়ে। উল্লেখযোগ্য যে এই প্ৰদ্যুন্ন নামৰ বন বিভাগৰ হাটীটোৰ পিঠিত উঠিয়েই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ই ৰাজ্যত পয্যটন ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবেই কাজিৰঙা লৈ ক্ৰমাৎ বৃদ্ধি পাইছে দেশী বিদেশী পয্যটকৰ সংখ্যা।বিগত বৰ্ষৰ অভিলেখ এইবাৰ ভংগ কৰি পুনৰ এক নতুন অভিলেখ গঢ়িব বুলি মন্ত্ৰী অতুল বৰাই কয়। উল্লেখযোগ্য যে যোৱা এক অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পয্যটকৰ বাবে মুকলি কৰা হৈছিল। মাত্ৰ এটা মাহতে কেৱল জীপ চাফাৰীৰ জড়িয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ২৮,৯৮০ গৰাকী পয্যটকে। য’ত বিদেশী পয্যটকৰ সংখ্যা আছিল ৫৭৯গৰাকী। আনহাতে কেৱল অক্টোবৰ মাহটোতে বনবিভাগে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৬৫ লাখ টকাৰ ৰাজহ।
প্ৰেৰক ৰঞ্জিত ৰজক