মাতৃবিচ্ছিন্ন ডেৰমহীয়া হাতীৰ পোৱালি মাজুলীৰ লাচনচাপৰিত উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : মাজুলীত দীৰ্ঘদিনৰ পৰা বিচৰণ কৰি থকা ১৫০ জনীয়া হাতীৰ পালৰ পৰা ফালৰি কাটি জনাঞ্চলত প্ৰৱেশ কৰা এটি হাতীৰ পোৱালিক আজি ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাজুলীৰ লাচনচাপৰিৰ লালমোহন পাংগিঙৰ গোহালিত পুৱাই এটা হাতী পোৱালি সোমাই পৰে। পুৱা মাক আৰু হাতী পুৱালীটো লালমোহন পাংগিংৰ গোহালিৰ কাষেৰে গৈ থকা অৱস্থাত গোহালিত মানুহ দেখা পাই হাতী পোৱালি এৰি হাতীজনী পলায়ন কৰে। যাৰ বাবে জাকটোৰ পৰা পোৱালীটো বিচ্ছিন্ন হৈ পৰে। ইয়াৰ পিছতেই ৰাইজে লালমোহনৰ গৰু গোহালিতে হাতী পোৱালিটোক বন্দী কৰি থৈ বন বিভাগক খবৰ দিয়ে। প্ৰায় ডেৰমহীয়া হাতীৰ পোৱালিটো বহু সময় ধৰি মাকৰ পৰা বিচ্ছিন্ন হৈ থকাত অৱশ হৈ পৰাত পিছত বন বিভাগৰ তৰফৰ পৰা হাতী পোৱালটোক চিকিৎসাৰ ব্যৱস্থা কৰে। বিগত দুটা দিনে মাজুলীত ১৫০ জনীয়া হাতীৰ জাকটোৱে জনাঞ্চলত সন্ত্ৰাস অব্যাহত ৰাখিছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড