ইউক্রেইন যুদ্ধত ৰাছিয়াক সহায় ! ১৯ ভাৰতীয় সংস্থাক নিষিদ্ধ
🔹 মিত্রতা সত্ত্বেও ভাৰতৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আমেৰিকাৰ
নিউজ ডেস্ক, ২ নৱেম্বৰ : আন্তর্জাতিক কূটনীতিক আমেৰিকা আৰু ৰাছিয়াৰ শীতল যুদ্ধ সর্বজনবিদিত৷ দুয়োখন দেশে পৰস্পৰৰ বিৰুদ্ধে সামৰিক পদক্ষেপ গ্রহণ নকৰিলেও বাণিজ্যিক ক্ষেত্রত পৰস্পৰে পৰস্পৰক সংকটত পেলোৱাৰ সদায় চেষ্টা চলাই আহিছে৷ এইবাৰো তেনে ঘটনা প্রত্যক্ষ কৰা গৈছে বিশ্ব ৰাজনীতিত৷ ইয়াৰ পূর্বে দুটা ভাৰতীয় শ্বিপিং কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই৷ অভিযোগ আছিল যে ৰাছিয়াৰ গেছ উৎপাদনকাৰী প্রতিষ্ঠান ন’ভাটেকৰ ‘আর্কটিক এল এন জি–২’ প্রকল্পত জড়িত আছিল এই কোম্পানী দুটা৷ এইবাৰ অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰিছে আমেৰিকাই৷ ৰাছিয়াৰ বিৰুদ্ধে নতুন কৌশল হিচাপে বিভিন্ন সামগ্রী, ব্যক্তি তথা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই৷ ইউক্রেইনৰ সৈতে যুদ্ধত ৰাছিয়াক সহায় কৰাৰ অভিযোগত বিভিন্ন দেশৰ মুঠ ৩৯৮টা সংস্থা আৰু ব্যক্তিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাৰ বাইডেন প্রশাসনে৷ ইয়াৰ ভিতৰত আছে ১৯টা ভাৰতীয় সংস্থা৷ দুগৰাকী ভাৰতীয় নাগৰিকৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই৷ অৱশ্যে তাৎক্ষণিকভাৱে এই ব্যক্তি দুগৰাকীৰ নাম জানিব পৰা হোৱা নাই৷ আমেৰিকাৰ বিদেশ দপ্তৰে ঘোষণা কৰিছে যে ইউক্রেইন যুদ্ধৰ পৰিস্থিতিত ৰাছিয়াৰ অস্ত্র আৰু সামৰিক সৰঞ্জাম সৰবৰাহৰ প্রক্রিয়াত অংশ লোৱা, আর্থিক লেনদেন আৰু কূটনৈতিক যোগাযোগত সহায় কৰাৰ অভিযোগত ১২০ ব্যক্তি আৰু সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ইফালে, বাইডেন চৰকাৰৰ কোষাগাৰ বিভাগে ২৭০ ব্যক্তি আৰু সংস্থাক চিহ্ণিত কৰি নিষেধাজ্ঞা আৰোপ কৰিছে৷ ইয়াৰ উপৰি বাণিজ্য বিভাগে ৪০টা সংস্থাক অভিযুক্ত ঘোষণা কৰিছে৷ অর্থাৎ তিনিওটা বিভাগৰ পৰা এই ব্যক্তি আৰু প্রতিষ্ঠানসমূহক নিষিদ্ধ কৰা হৈছে৷ ভাৰত আৰু ৰাছিয়াৰ উপৰি নিষেধাজ্ঞাৰ তালিকাত আছে চীন, তুৰস্ক, হংকং, থাইলেণ্ড, মালয়েছিয়া, সংযুক্ত আৰব আমিৰ শ্বাহী (ইউএই), ছুইজাৰলেণ্ডৰ দৰে বিভিন্ন দেশৰ সংস্থা আৰু ব্যক্তি৷ প্রকাশিত প্রতিবেদন অনুসৰি, এছেণ্ট এভিয়েছন ইণ্ডিয়া প্রাইভেট লিমিটেড, মাস্ক ট্রান্স, ফিউট্রেভ’ আৰু শ্রেয়া লাইফ ছায়েন্স প্রাইভেট লিমিটেডৰ দৰে চাৰিটা ভাৰতীয় সংস্থাক মূলতঃ লক্ষ্য কৰি লৈছে আমেৰিকাই৷