🔹 মিণ্টু শইকীয়াৰে অঘটন
🔹 মোৰ ল’ৰাৰ ঢেকীয়াজুলিৰ সকলোৰে লগত শত্ৰুতা আছিল, মই কাক দোষী বুলি ক’ম : অসহায় মাতৃ
বিশেষ বাৰ্তা, ২ নৱেম্বৰ : ঢেকীয়াজুলিত দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে মাজনিশা সংঘটিত হোৱা এক লোমহৰ্ষক কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঢেকীয়াজুলিৰ মনোজুলীস্থিত দেৱেন্দ্ৰ গ্ৰীন গ্ৰোভ হাইস্কুলৰ কাষৰীয়া বাসিন্দা, ইতিমধ্যে বহুকেইটা হ*ত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ থকা মিন্টু শইকীয়া নামৰ যুৱক এজনক কোনো অজ্ঞাত লোকে চোকা অ*স্ত্ৰৰে হানি-খুঁচি নিৰ্মমভাৱে হ*ত্যা কৰে। ঘটনা সংঘটিত হোৱাৰ পিছত আজি মিন্টু শইকীয়াৰ মাতৃয়ে সাংবাদিকৰ আগত নিজৰ দুখৰ প্ৰকাশ কৰি কয়- “মোৰ ল’ৰাৰ ঢেকীয়াজুলিৰ সকলোৰে লগত শত্ৰুতা আছিল, মই কাক দোষী বুলি ক’ম”। তদুপৰি মিন্টুৰ ককায়েকে কয়- “মোকেই সি কা*টিবলৈ খেদি ফুৰিছিল৷ মই তাৰ উৎপাতত ঘৰ এৰি বেলেগত থাকিব লগা হৈছিল । আজি তাৰেই মৃ*ত্যু হ’ল ৷ মই কাক দোষ ধৰিম বুলি।’ কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে এয়াই হয়তো কোনো এগৰাকী অসহায় মাতৃ আৰু ককায়েকে অকপট স্বীকাৰোক্তি দিয়ে । ইতিমধ্যে বহুকেইটা হ*ত্যাকাণ্ড সংঘটিত কৰা মিন্টু শইকীয়া নামৰ যুৱকজনে দুদিন পূৰ্বে নিজ মাতৃকো মাৰিবলৈ খেদি যোৱাত মাতৃ মামণি শইকীয়াই ঘৰ এৰি তেজপুৰৰ আধ্যাত্মিক ঔম শান্তিত আশ্ৰয় লৈছিল। ইফালে, ককায়েক জিণ্টু শইকীয়াকো ঘৰত থকা সময়ত মাৰিম বুলি ভাবুকি দিয়াত ককায়েকেও মিছামাৰীত থাকিবলৈ গুচি গৈছিল । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
প্ৰেৰক কল্পজ্যোতি নাথ