প্লাজমাৰ সহায়ত চলিছে বিকল্প শক্তি আহৰণৰ অভিযান ড০ জয়ন্তী চুতীয়াৰ
প্লাজমা পদার্থ বিজ্ঞান ক্ষেত্রখনৰ সৈতে যুক্ত এগৰাকী অসম কন্যা৷ দেশৰ লগতে জাপান, জার্মানীকে ধৰি বিশ্বৰ কেইবাখনো আগশাৰীৰ ৰাষ্ট্রত বিজ্ঞানী হিচাপে অধ্যয়ন–গৱেষণা চলাই ইতিমধ্যে আর্জিছে আন্তর্জাতিক খ্যাতি৷ প্লাজমা পদার্থ বিজ্ঞানক মূল বিষয় হিচাপে লৈ গৱেষণা চলোৱা এইগৰাকী স্বনামধন্য মহিলাই বিভিন্ন পৰিৱেশ–পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি আজি সফল৷ তেওঁৰ অধীনত বহু শিক্ষার্থীয়ে গৱেষণা সম্পন্ন কৰি আর্জিছে সুনাম৷ ভাৰত চৰকাৰৰ উচ্চস্তৰৰ গৱেষণা প্রতিষ্ঠান আইএএছএছটিৰ সঞ্চালক হিচাপে তেওঁ অৱসৰ গ্রহণ কৰে৷ অৱসৰ গ্রহণৰ পিছতো তেওঁ যুক্ত আছে গৱেষণা–ধ্যয়নৰ কামত৷ সমান্তৰালভাৱে নির্মাণ কৰি আছে চিনেমা৷ বেহেলাবাদনৰো বিশাৰদ এইগৰাকী বিজ্ঞানী৷ তেওঁৰ জন্ম শিৱসাগৰৰ আমগুৰিত৷ ব্যতিক্রমীভাৱে বিদ্যালয়ৰ পৰিৱর্তে প্রথম শ্রেণীৰ পাঠ গ্রহণ কৰিছিল তেওঁৰ শিক্ষক পিতৃ–মাতৃৰ ওচৰত নিজ ঘৰত৷ পোনে পোনে দ্বিতীয় শ্রেণীতহে তেওঁ নামভর্তি কৰিছিল বিদ্যালয়ত৷ দেশ–বিদেশৰ বহু বৰণীয় বিজ্ঞানীৰ সান্নিধ্য আৰু নিজৰ ঐকান্তিক প্রচেষ্টাৰে অসমৰ নাম উজলোৱা সেই মহিলা বিজ্ঞানীগৰাকী ড০ জয়ন্তী চুতীয়া৷ এইগৰাকী প্লাজমা বিজ্ঞানী ড০ চুতীয়াৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ–
আপুনি মূলতঃ এগৰাকী প্লাজমা পদার্থ বিজ্ঞানী৷ কেনেদৰে আগবাঢ়ি এইক্ষেত্রত আপুনি সু–প্রতিষ্ঠিত হ’ল? এই সামগ্রিক যাত্রা সম্পর্কত অলপ ক’ব নেকি?
: মোৰ আজিৰ যি অৱস্থিতি, তাৰ আঁৰত আছে শৈশৱৰ প্রচেষ্টা–কচৰৎ৷ তাৰ বাবে উভতি চাব লাগিব মোৰ অতীতৰ শৈশৱকাললৈ৷ দৰাচলতে মোৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল শিৱসাগৰৰ আমগুৰিৰ ঘৰখনত৷ বিদ্যালয়ৰ পৰিৱর্তে ঘৰতে শিক্ষাগ্রহণ এটা ব্যতিক্রমী কথা৷ কিন্তু মোৰ ক্ষেত্রত সেয়াই হৈছিল৷ সেয়া ১৯৫৬ চনৰ কথা৷ মোৰ দেউতা প্রয়াত সোণাৰাম চুতীয়া আছিল ‘আমগুৰি বয়জ হাইস্কুল’ৰ প্রধান শিক্ষক৷ আনহাতে, মা প্রয়াত কুঞ্জলতা চুতীয়া আছিল আমগুৰি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্রী৷ মা–দেউতা যিহেতু দুয়োগৰাকীয়েই শিক্ষক, সেয়ে তেওঁলোকৰ তত্ত্বাৱধানত মই আমাৰ ঘৰতেই প্রাথমিক শিক্ষা গ্রহণ কৰিছিলোঁ৷ এয়া তেতিয়াৰ সময়ৰ আহ্বান বুলিয়েই ক’ব লাগিব৷ কাৰণ সেই সময়ত আজিৰ দৰে উন্নত সা–সুবিধা থকা শিক্ষাৰ অনুষ্ঠান–পৰিৱেশ নাছিল বুলিয়ে ক’ব লাগিব৷ মই পোনে পোনে দ্বিতীয় শ্রেণীত নামভর্তি কৰিছিলোঁ৷ বিদ্যালয়খন হাতীগড় প্রাথমিক বালিকা বিদ্যালয়৷ প্রাথমিক–মাধ্যমিক শিক্ষা সাং কৰি ১৯৬৩ চনত আমগুৰি বালিকা হাইস্কুলৰ পৰা মেট্রিক পাছ কৰিছিলোঁ৷ একেটা বর্ষতে মই কটন কলেজত পি ইউ (বিজ্ঞান)ত নামভর্তি কৰোঁ৷ ১৯৬৭ চনত কটন কলেজৰ পৰা পদার্থ বিজ্ঞানত সন্মানসহ বিএছচি উত্তীর্ণ হওঁ৷ পুনৰ ১৯৬৯ চনত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত এমএছচি ডিগ্রী সম্পূর্ণ কৰিছিলোঁ৷ ইয়াৰ পিছত ১৯৭১ৰ পৰা ১৯৭৬ চনলৈ দুলীয়াজান মহাবিদ্যালয়ত পদার্থ বিজ্ঞান বিভাগত প্রবক্তা হিচাপে কার্যনির্বাহ কৰিছিলোঁ৷ মাজতে ইউজিচিৰ পৰা ফেল’শ্বিপ লাভ কৰি পিএইচডিৰ বাবে গৱেষণা কৰিছিলোঁ ডিব্রুগড় বিশ্ববিদ্যালয়ত৷ ইয়াৰ উপৰি ১৯৮১ৰ পৰা ১৯৮৩ চনলৈ চিএছআইআৰৰ অধীনত পোষ্ট ডক্টৰেল ফেল’শ্বিপ লৈ গৱেষণা কৰিছিলোঁ৷ ইয়াৰ পিছত ১৯৮৩ৰ পৰা ১৯৮৫ চনলৈ আহমেদাবাদত অৱস্থিত ‘ফিজিকেল ৰিছার্চ লেবৰেটেৰী’ত ‘প্লাজমা ফিজিক্স প্র’গ্রাম’ত পৰীক্ষামূলক প্লাজমা গৱেষণাৰ ‘ভিজিটিং ছাইণ্টিষ্ট’ হিচাপে কার্যনির্বাহ কৰিছিলোঁ৷ পৰৱর্তী সময়ত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অৱস্থিত ভাৰত চৰকাৰৰ উচ্চ গৱেষণা প্রতিষ্ঠান ‘ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েঞ্চ এণ্ড টেকন’লজী’ চমুকৈ আইএএছএছটিৰ প্লাজমা লেবৰেটৰীত ‘ৰিছার্চ এছ’চিয়েট’ হিচাপে যোগদান কৰিছিলোঁ৷ ইয়াৰ পিছত একেটা প্রতিষ্ঠানতে ১৯৮৬ৰ পৰা ১৯৯২ চনলৈ সহকাৰী অধ্যাপক হিচাপে কার্যনির্বাহ কৰিছিলোঁ প্লাজমা বিষয়ত৷ ইয়াৰ উপৰি জাপানৰ ‘ইনষ্টিটিউট অৱ স্পেচ এণ্ড এষ্ট্র’নটিকেল ছায়েঞ্চ’ৰ আমন্ত্রণক্রমে ১৯৮৮ চনত প্রায় এবছৰ কাল ‘ভিজিটিং ছাইণ্টিষ্ট’ হিচাপে কার্যনির্বাহ কৰিছিলোঁ৷ অসমলৈ উভতি আহি ১৯৯২ৰ পৰা ২০০০ চনলৈ পুনৰ ‘আইএএছএছটি’ত ‘সহকাৰী অধ্যাপক’ হিচাপে কার্যনির্বাহ৷ ইয়াৰ উপৰি জার্মানীৰ ‘খ্রীষ্টিয়ান এলব্রেইখট ইউনিভার্ছিটী’ৰ আমন্ত্রণক্রমে তাত ১৯৯৭ চনত ‘ইণ্ডো–জার্মানী এক্সচেঞ্জ প্র’গ্রাম’ৰ অধীনত ভিজিটিং ছাইণ্টিষ্ট হিচাপে কার্যনির্বাহ কৰিছিলোঁ৷ ইয়াৰ পিছত আকৌ আইএএছএছটিত ‘প্লাজমা ফিজিক্স’ বিভাগৰ অধ্যাপক আৰু মুৰব্বী হিচাপে প্রায় ৫ বছৰ কাল কার্যনির্বাহ৷ আইএএছএছটি.ত ২০০৫ বর্ষত সঞ্চালক পদত যোগদান৷ ২০১২ চনত উক্ত পদৰ পৰা অৱসৰ গ্রহণ কৰিছিলোঁ৷ এনেদৰে একেবাৰে শৈশৱৰ পৰা নানা পৰিৱেশ–পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি শেষৰ পিনে প্লাজমা পদার্থ বিজ্ঞানক মূল চর্চাৰ কেন্দ্র হিচাপে গ্রহণ কৰিলোঁ৷ আৰু আজিও তাতেই নিমজ্জিত হৈ আছোঁ৷ মোৰ অধীনত ‘প্লাজমা ফিজিক্স’ বিষয়ত ২০গৰাকী ছাত্রই গৱেষণা কৰি সফল হৈছে৷ লগতে কেইবাগৰাকীয়ে ‘প’ষ্ট ডক্টৰেল’ আৰু ৰিছার্চ এছ’চিয়েট হিচাপে অধ্যয়ন–গৱেষণা কৰিছিলোঁ৷ এনে কেইবাগৰাকী শিক্ষার্থী সম্প্রতি দেশৰ লগতে বিদেশতো প্রতিষ্ঠিত৷ এগৰাকী শিক্ষক হিচাপে এয়া মোৰ বাবে গভীৰ প্রশান্তি আৰু প্রাপ্তি৷
সাধাৰণ পাঠকে বুজি পোৱাকৈ ক’বলৈ হ’লে ‘প্লাজমা’ৰ ধাৰণাটো কি?
: গোটা, জুলীয়া আৰু ভাপ বা বাষ্প– পদার্থৰ এই তিনিটা অৱস্থাৰ কথা আমি সকলোৱে জানো৷ কিন্তু পদার্থৰ চতুর্থ অৱস্থাৰ কথা সাধাৰণভাৱে গৰিষ্ঠসংখ্যকৰেই অজানা৷ আৰু পদার্থৰ চতুর্থ অৱস্থাটোৱেই হ’ল প্লাজমা৷ পদার্থৰ এই প্লাজমা কণিকাসমূহ আধান Charge)যুক্ত হিচাপে থাকে৷ অৱশ্যে ইয়াৰ কিছু ‘নিউট্রেল’ কণিকাও থাকে৷
প্লাজমা পদার্থ বিজ্ঞানৰ শেহতীয়া ন–ন গৱেষণাই নিতৌ সৃষ্টি কৰিছে নতুন দিগন্ত৷ নিশ্চিতভাৱে ই আশাৰ বতৰা৷ কিন্তু ইয়ে মানৱ সভ্যতাক কিদৰে প্রভাৱিত অথবা উপকৃত কৰিছে?
: প্লাজমা পদার্থ বিজ্ঞানে শেহতীয়াভাৱে ব্যাপক উন্নতি লভিছে৷ যাৰ বাবে সূচিত হৈছে নিত্য নতুন দিগন্ত৷ প্লাজমাৰ বিকাশ–উন্নয়ন মানৱ সভ্যতাৰ বাবে নিশ্চিতভাৱে আশাৰ বতৰা৷ প্লাজমা পদার্থ বিজ্ঞানৰ ন–ন আৱিষ্কাৰে মেটেৰিয়েল, ইলেক্ট্র’নিক্স আদিৰ ক্ষেত্রত বিশেষভাৱে অৰিহণা যোগাইছে৷ সামগ্রিকভাৱে বিশ্বত শক্তিৰ সংকটৰ সময়ত জোৰা মাৰিব পৰাকৈ প্লাজমাৰ সহায়ত বিকল্পভাৱে শক্তি আহৰণ কৰিবলৈ প্রচেষ্টা চলি আছে৷ অর্থাৎ প্লাজমাৰ সহায়ত শক্তি আহৰণৰ প্রচেষ্টা চলাই থকা হৈছে৷ আৰু ই বহুক্ষেত্রত সফলো হৈছে৷ ইয়ে বহু সময়ত চমৎকাৰিত্বও প্রদর্শন কৰিছে৷ চিকিৎসা বিজ্ঞানৰ ক্ষেত্রতো প্লাজমাৰ প্রয়োগে অনন্য দিশৰ সূচনা কৰিছে৷ সূর্যৰ অন্তর্ভাগত কি আছে অথবা ইয়াৰ ৰশ্মিক লৈ যি অধ্যয়ন বা গৱেষণা চলাই থকা হৈছে, তাতো প্লাজমাৰ প্রয়োগে চমকপ্রদ সাফল্য প্রদর্শন কৰা পৰিলক্ষিত হৈছে৷ পৃথিৱীৰ বায়ুমণ্ডলৰ অতি উচ্চ অৱস্থাত থকা আয়ন’স্ফিয়েৰৰ জ্ঞান আহৰণ কৰাৰ ক্ষেত্রতো প্লাজমাৰ ব্যৱহাৰে যথেষ্ট সুফল প্রদান কৰিছে৷ ব্যৱহাৰিক ক্ষেত্রত লো অথবা অন্য কঠিন ধাতৱ পদার্থ কাটিবলৈ বা গলাবলৈ প্লাজমাৰ প্রয়োগ অত্যন্ত ফলদায়ক হৈ পৰিছে৷ এনেদৰে মানৱ সভ্যতাৰ নানা প্রায়োগিক ক্ষেত্রত প্লাজমাৰ ব্যৱহাৰ অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ মহাকাশ গৱেষণাৰ ক্ষেত্রতো প্লাজমাৰ যথেষ্ট ভূমিকা আছে৷
প্লাজমা পদার্থ বিজ্ঞানৰ অধ্যয়নৰ প্রতি অসমৰ নৱপ্রজন্ম কিমান আকৃষ্ট হৈছে? শিক্ষার্থীয়ে বিষয়টোক লৈ কৰা অধ্যয়ন–গৱেষণা সম্পর্কত কিছু কথা ক’ব নেকি?
: প্লাজমা পদার্থ বিজ্ঞান বিষয়টো সম্প্রতি যথেষ্ট গুৰুত্বপূর্ণ৷ সাম্প্রতিক সময়ত ব্যৱহাৰিক ক্ষেত্রতো ইয়াৰ গুৰুত্বপূর্ণ ভূমিকা আছে৷ সেয়ে স্বাভাৱিকভাৱেই বিষয়টোক লৈ শিক্ষার্থীসকলে যথেষ্ট আগ্রহী হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ অসমৰ বিজ্ঞান শিক্ষার্থীসকলৰ মাজত ইয়াক লৈ বৃদ্ধি পাইছে উৎসুকতা৷ ইতিমধ্যে গুৱাহাটীৰ পার্শ্বৱর্তী সোণাপুৰত স্থাপিত হৈছে ‘চেণ্টাৰ ফৰ প্লাজমা ফিজিক্স’৷ ইয়াত কেৱল প্লাজমা বিষয়ক লৈ বিস্তৃত অধ্যয়ন–গৱেষণা ইতিমধ্যে চলি আছে৷ আকৌ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অৱস্থিত আইএএছএছটি শীর্ষক ভাৰত চৰকাৰৰ উচ্চ বিজ্ঞান গৱেষণা প্রতিষ্ঠানতো অন্য বিষয়ৰ সৈতে প্লাজমা পদার্থ বিজ্ঞান বিষয়টো গুৰুত্বসহকাৰে অধ্যয়ন–গৱেষণা চলাই থকা হৈছে৷ ইতিমধ্যে এই প্রতিষ্ঠানখনত প্লাজমা পদার্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে পূর্বতে মই সেৱা আগবঢ়াইছিলোঁ৷ সেই সময়ত বহু শিক্ষার্থীক মই পাঠদান কৰিছিলোঁ৷ গৱেষণা কার্যত সহায় কৰিছিলোঁ৷ ইয়াৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয় তথা কেইখনমান কলেজতো প্লাজমা পদার্থ বিজ্ঞানৰ তাত্ত্বিক বিষয়ত অধ্যয়ন চলি আছে৷ উল্লিখিত শৈক্ষিক প্রতিষ্ঠানৰ জৰিয়তে প্লাজমা পদার্থ বিজ্ঞানৰ সংশ্লিষ্ট শিক্ষার্থীসকল উপকৃত হৈছে৷ আমাৰ ৰাজ্যৰ বাবে এয়া আশাব্যঞ্জক বতৰা৷ প্লাজমা বিষয়ক লৈ অসমৰ বহু শিক্ষার্থীয়ে পি এইচ ডি সম্পূর্ণ কৰিছে৷ তদুপৰি বহিঃৰাষ্ট্রৰ কেইবাখনো উন্নত বিশ্ববিদ্যালয়ত অসমৰ শিক্ষার্থীয়ে এতিয়াও শিক্ষা গ্রহণ কৰাৰ লগতে গৱেষণাও চলাই আছে৷
গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অৱস্থিত আই এ এছ এছ টি বিজ্ঞান–প্রযুক্তিবিদ্য্ এটা উচ্চস্তৰীয় গৱেষণা প্রতিষ্ঠান৷ ভাৰত চৰকাৰৰ অধীনৰ এইটো উত্তৰ–পূর্বাঞ্চলৰ ভিতৰতে একমাত্র৷ অসম চুক্তিৰ আধাৰত প্রতিষ্ঠিত এই গৱেষণা প্রতিষ্ঠানটোত আপুনি সঞ্চালক হিচাপে কার্যনির্বাহ কৰি অৱসৰ গ্রহণ কৰিছিল৷ প্রতিষ্ঠান সম্পর্কত অলপ ক’ব নেকি?
: আইএএছএছটি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্রত এটা উচ্চ পর্যায়ৰ গৱেষণা প্রতিষ্ঠান৷ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত ইয়াৰ অৱস্থিতি৷ অসম বিজ্ঞান সমিতিৰ লগতে ড০ অনিল কুমাৰ গোস্বামী, ড০ কিশোৰী মোহন পাঠক, ড০ জ্যোতি মেধিৰ লগতে স্বনামধন্য উপাচার্য, শিক্ষাবিদ, বিজ্ঞানী আদিকে লৈ কেইবাগৰাকী বিশিষ্ট লোক, অনুষ্ঠান–প্রতিষ্ঠানৰ্ সহযোগত উক্ত প্রতিষ্ঠানটি স্থাপন কৰা হৈছিল৷ নোবেল সন্মানপ্রাপক ডৰথি হডস্কিনৰ হতুৱাই প্রতিষ্ঠানটিৰ গৃহৰ প্রথম লাইখুঁটা স্থাপন কৰা হৈছিল৷ ড০ সর্বেশ্বৰ বুজৰবৰুৱাৰ পৃষ্ঠপোষকতাত প্রতিষ্ঠানখনত প্লাজমা পদার্থ বিজ্ঞানৰ বিভাগটো খোলা হৈছিল৷ সম্প্রতি প্রতিষ্ঠানখনত প্লাজমা পদার্থ বিজ্ঞানৰ লগতে অন্য সকলো বিভাগৰে পর্যাপ্ত আন্তঃগাঁথনি আছে৷ যাৰ বাবে প্রতিষ্ঠানখনৰ গৱেষণাৰ মান যথেষ্ট বৃদ্ধি হৈছে৷ ইমান উচ্চস্তৰীয় বিজ্ঞান গৱেষণা প্রতিষ্ঠান স্থাপন হোৱাটো ৰাজ্যবাসীৰ বাবেই গৌৰৱৰ কথা৷ প্রতিষ্ঠানখনত অসমৰ উপৰি দেশৰ ভিন্ন প্রান্তৰ গৱেষক–শিক্ষার্থীয়ে অধ্যয়ন–গৱেষণা চলাই আছে৷ অসমৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ অতি মেধাসম্পন্ন বিজ্ঞানী–ধ্যাপকসক যোগদান কৰি আহিছে৷
সাধাৰণ শ্রেণীৰ ৰাইজৰ মাজত বিজ্ঞান মানসিকতা অতি প্রয়োজন৷ যাৰ অভাৱত আজিৰ দিনতো অসমৰ কিছু অঞ্চলত ডাইনী হত্যাৰ দৰে দুর্ভাগ্যজনক ঘটনা ঘটি আছে৷ এতিয়া সাধাৰণ ৰাইজৰ মাজত বৈজ্ঞানিক ধ্যান–ধাৰণা গঢ় দিবলৈ উমৈহতীয়াভাৱে আমি কি কৰা উচিত? যাৰ জৰিয়তে সকলো স্তৰৰ লোক বিজ্ঞানমনস্ক হ’ব পাৰিব৷
: হয়, অসমৰ কিছু অঞ্চলত ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ ঘটনা আৰু অন্য কু–সংস্কাৰ সময়ে সময়ে সংঘটিত হৈ আহিছে৷ এয়া দুর্ভাগ্যজনক কথা৷ এনে ঘটনা সাধাৰণতে শিক্ষাৰ অভাৱ থকা ভিতৰুৱা অঞ্চলসমূহত সংঘটিত হোৱা দেখা যায়৷ এনে অঞ্চলসমূহত পুৰণি প্রথা, অদৃশ্য শক্তি আদিৰ প্রতি বিশ্বাসী৷ যাৰ বাবে ঠায়ে ঠায়ে দুর্ভাগ্যজনকভাৱে ডাইনী কাণ্ডৰ বলি হৈ বহু লোকৰ মৃত্যু হৈছে৷ এইক্ষেত্রত এনে এলেকাৰ লোকৰ মাজত শিক্ষা আৰু বৈজ্ঞানিক ধ্যান–ধাৰণাৰ প্রচাৰ হোৱা উচিত৷ সৰু সৰু পৰীক্ষা প্রদর্শন কৰি বৈজ্ঞানিক চিন্তাধাৰাৰে প্রকৃত সত্যক বিশ্লেষণ কৰি দেখুৱাব পাৰি৷ অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক দৃষ্টিভংগীৰে সাধাৰণ ৰাইজক বুজাব পাৰি৷ বিজ্ঞানক জনপ্রিয় কৰি সর্বসাধাৰণ ৰাইজৰ মাজত প্রচাৰ কৰিব লাগিব৷
অসমত বিজ্ঞান শাখাত তুলনামূলকভাৱে শিক্ষার্থীৰ হাৰ কম৷ কথাটো হয়নে? এইক্ষেত্রত আপোনাৰ মতামত জনাব নেকি?
: অসমত বিজ্ঞান শাখাত ছাত্র–ছাত্রীৰ হাৰ তুলনামূলকভাৱে কম৷ বহুতে ঢুকি নোপোৱা বিষয় হিচাপে জ্ঞান কৰে বিজ্ঞানক৷ তদুপৰি বিজ্ঞান–অংক শিক্ষা আহৰণৰ ক্ষেত্রত আমাৰ কিছুসংখ্যক শিক্ষানুষ্ঠানত প্রয়োজনীয় আন্তঃগাঁথনিৰো অভাৱ পৰিলক্ষিত হয়৷ বহু শিক্ষানুষ্ঠানত নাই প্রয়োজনীয় পৰীক্ষাগাৰ৷ বিজ্ঞান–অংকৰ বাবে পৈণত শিক্ষকৰো অভাৱ দেখা যায়৷ এনেদৰে কেইবাটাও কাৰকৰ বাবে অসমত বিজ্ঞান শিক্ষাৰ প্রসাৰ যথেষ্ট সীমিত হৈ আছে৷ এইক্ষেত্রত বিজ্ঞান শিক্ষকৰ প্রতি শিক্ষার্থীৰ আগ্রহ বৃদ্ধি কৰিবলৈ বিশেষ পদক্ষেপ লোৱা দৰকাৰ৷
এতিয়া আপুনি অৱসৰী জীৱন অতিবাহিত কৰি আছে৷ এইক্ষেত্রত আপোনাৰ মনোভাব ক’ব নেকি?
: ২০১২ চনত আইএএছএছটিৰ সঞ্চালক পদৰ পৰা মই অৱসৰ গ্রহণ কৰিছিলোঁ৷ অৱসৰ গ্রহণ কৰাৰ পাছতো প্লাজমা পদার্থ বিজ্ঞানৰ বাবে ডি এছ টিৰ অধীনত কেইবাটাও প্রকল্প সম্পূর্ণ কৰিছোঁ৷ মোৰ অধীনত কেইবাগৰাকীয়ে পি এইচ ডি সম্পূর্ণ কৰিছে৷ পোষ্ট ডক্টৰেল ফেল’শ্বিপ লৈ গৱেষণা কৰিছে৷ ইয়াৰ উপৰি গৱেষণাৰ লগতে অৱসৰৰ পিছত মই ছবি নির্মাণত মনোনিৱেশ কৰিছোঁ৷ ইতিমধ্যে ‘ক’ভিড’ক বিষয় হিচাপে লৈ ‘হাৰিকেন’ শীর্ষক এখন চুটি ছবি নির্মাণ কৰিছোঁ৷ কাহিনী আৰু প্রযোজনা মোৰ৷ আধা ঘণ্টা দৈর্ঘ্যৰ ছবিখনে কাঁ আন্তর্জাতিক চিনেমা বঁটা, টেগৰ আন্তঃৰাষ্ট্রীয় চিনেমা বঁটাকে ধৰি ১৯টা আন্তঃৰাষ্ট্রীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ এতিয়া ‘ঝংকাৰ’ নামৰ আন এখন পূর্ণ দৈর্ঘ্যৰ চিনেমাৰ কাম প্রায় সম্পূর্ণ হোৱাৰ পথত৷ কাহিনী–প্রযোজনা মোৰ৷ পৰিচালনা হেমচন্দ্র বৰাৰ৷ ইয়াৰ উপৰি এখন আত্মজীৱনী লিখি আছোঁ৷
জানিব পৰা মতে আপুনি সংগীত চর্চাও কৰে৷ অলপ ক’ব নেকি?
: দৰাচলতে গান শুনি মই বহুত ভাল পাওঁ৷ সংগীতৰ প্রতি এক আকর্ষণ নিশ্চিতভাৱে আছে৷ সেই সূত্রে মই বেহেলাত বিশাৰদ পাছ কৰিছোঁ৷ প্রখ্যাত বেহেলাবাদক মিনতি খাউণ্ডৰ অধীনত বেহেলা শিকিছিলোঁ৷
অসমত বিজ্ঞান–প্রযুক্তিবিদ্য্ শিক্ষাৰ মান সম্পর্কত আপোনাৰ মতামত জনাব নেকি?
: অসমত বিজ্ঞান গৱেষণাক পেছ হিচাপে লোৱা লোকৰ সংখ্যা কম৷ আইএএছএছটি তথা চেণ্টাৰ ফৰ প্লাজমা ফিজিক্স আদিৰ দৰে উন্নত গৱেষণা প্রতিষ্ঠান তথা আইআইটি গুৱাহাটী তথা বিশ্ববিদ্যালয়সমূহ গৱেষণা–ধ্যয়ন কার্যই অৱশ্যে অসমৰ বিজ্ঞান শিক্ষাৰ মান কিছু হ’লেও উন্নত কৰিছে বুলি ধাৰণা কৰিছোঁ৷
আপুনি সাক্ষাৎ পোৱা কিছুসংখ্যক বিশিষ্ট বিজ্ঞানীৰ নাম ক’ব নেকি?
: কর্মসূত্রে মই দেশ–বিদেশৰ ভালেসংখ্যক বিশিষ্ট বিজ্ঞানীৰ সাক্ষাৎ লাভ কৰিছোঁ৷ তাৰ ভিতৰত কেইগৰাকীমান হ’ল ড০ এ পি জে আব্দুল কালাম, অধ্যাপক পি কে কও, পি আই জন, ৱাই নাকামূৰা (জাপান), এলেকজেণ্ডাৰ পিয়েল (জার্মানী), ৱাই, ৱাং (আমেৰিকা) আদি৷
আপুুনি ভালেকেইখন কিতাপো লিখিছে৷ সেই সম্পর্ক কি ক’ব?
: মই বিজ্ঞান তথা অন্য বিষয়ক লৈ কিতাপ লিছিছোঁ৷ কোনো এক বন্দৰত, বাছ’ৰ হাইকু ভ্রমণ, ৰেড ইণ্ডিয়ানৰ দেশত, কুৰি শতিকাৰ পদার্থ বিজ্ঞান, শিল্পীৰ দৃষ্টিত জীৱন আৰু জগত, নিভৃত আলাপ, আৱিষ্কাৰৰ সাধনা, আইজাক নিউটন, বিজ্ঞান চর্চাৰ দোকমোকালিৰ পৰা কুৰি শতিকালৈ আদিকে ধৰি ২৫খনৰো অধিক গ্রন্থ ৰচনা কৰিছোঁ৷
সাক্ষাৎগ্রহণ : নৱ কুমাৰ শর্মা
ফোন : ৯৯৫৪৫–৯০১৩৩
ফটো : দিব্যজ্যোতি ৰাভা