নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অদৃশ্য’ হাতিয়াৰে শক্তিশালী কৰিব ইজৰাইলক

🔹 আহি আছে ‘নতুন যুগৰ অস্ত্র’

🔹 লেজাৰ ৰশ্মিৰে ক্ষেপণাস্ত্র–ড্রোন ধ্বংসৰ প্রস্তুতি

নিউজ ডেস্ক, ৪ নৱেম্বৰ : লেবাননত হিজবুল্লাৰ মুৰব্বীক হত্যাৰ প্রতিশোধ ল’বলৈ ইজৰাইলত ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছে ইৰানে৷ তাৰ প্রত্যুত্তৰো দিছে ইজৰাইলে৷ এনে পৰিস্থিতিত মধ্যপ্রাচ্যত ভয়ংকৰ যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ ইয়াৰ মাজতেই ৰণাংগনত নতুন হাতিয়াৰ লৈ সাজু হৈছে ইহুদী বাহিনী৷ ইজৰাইলৰ আইৰন বীমে শীঘ্রেই শক্তিশালী লেজাৰৰ ব্যৱহাৰ আৰম্ভ কৰিব৷ বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি এই বছৰৰ ভিতৰতে সেয়া কার্যকৰী হ’ব৷ আইৰন বীমক অভিহিত কৰা হৈছে ‘নতুন যুগৰ অস্ত্র’ বুলি৷ ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রালয়ে ‘অদৃশ্য’ এই লেজাৰ ৰশ্মিক ‘নতুন যুগৰ অস্ত্র’ হিচাপে অভিহিত কৰিছে৷ আইৰন বীম আচলতে কি? ইজৰাইলী সেনাই দীর্ঘদিন ধৰি আইৰন ডোম ব্যৱহাৰ কৰি আহিছে শত্রুক প্রতিৰোধ লগাবলৈ৷ এই বিখ্যাত ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থাই প্রতিপক্ষৰ ড্রোন আৰু ক্ষেপণাস্ত্রক সহজতে ধ্বংস কৰি দিব পাৰে৷ ২০১১ চনত আইৰন ডোম ব্যৱস্থাৰ কাম আৰম্ভ কৰিছিল ইজৰাইলে৷ কিন্তু এনে বিখ্যাত ব্যৱস্থাতো আছে কিছু ত্রুটি৷ সকলো ধৰণৰ বিপদ প্রতিহত কৰাটো ইয়াৰ পক্ষে সম্ভৱ নহয়৷ ৰাডাৰৰ চকুত ধূলি দি কম উচ্চতাৰে উৰি অহা ক্ষেপণাস্ত্রক প্রতিৰোধ কৰিব নোৱাৰে এই হাতিয়াৰে৷ সেইবাবে নতুন হাতিয়াৰ সাজু কৰিলে ইজৰাইলে৷ আইৰন বীমক লৈ চিন্তা–চর্চা অৱশ্যে আজিৰ নহয়৷ ২০২১ চনতে নির্মাণ হৈছিল ইয়াৰ প্রথম নমুনা৷ অৱশেষত সফলতা লাভ কৰিছে ইজৰাইলৰ বিজ্ঞানীসকলে৷ এই আইৰন বীমে ১০০ কিলোৱাটৰ লেজাৰ বীম তথা ৰশ্মি নিক্ষেপ কৰিব পাৰিব৷ ৭ কিলোমিটাৰ দূৰত্বলৈ শত্রুৱে নিক্ষেপ কৰা ড্রোন, ক্ষেপণাস্ত্র, ৰকেট ধ্বংস কৰি দিব পাৰিব এই ‘অদৃশ্য’ বীমে৷

You might also like