অষ্ট্রেলিয়াৰে টেষ্ট শৃংখলা : প্রথম টেষ্টত অনিশ্চিত ৰোহিত শর্মা
🔹 কি কাৰণত ল’লে এই সিদ্ধান্ত !
নিউজ ডেস্ক, ৪ নৱেম্বৰ : অষ্ট্রেলিয়া ভ্রমণৰ প্রথমখন টেষ্টত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাৰ৷ দেওবাৰে এই ইংগিত দিয়ে ভাৰতীয় অধিনায়কগৰাকীয়ে৷ নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টেষ্টত পৰাজয়ৰ পিছত ৰোহিতে ব্যক্তিগত কাৰণত পার্থত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত খেলিব নোৱাৰিব পাৰে বুলি কয়৷ জানিব পৰা মতে, দ্বিতীয়টো সন্তানৰ পিতৃ হ’ব ওলাইছে ৰোহিত শর্মা৷ ৰোহিত শর্মাই কয় যে মই এতিয়াও নিশ্চিত নহয় যে মই পার্থ টেষ্টত খেলিব পাৰিম নে নাই৷ চাওঁ কি হয়৷ পার্থ টেষ্টত ৰোহিতে খেলিব নোৱাৰিলে ভাৰতীয় দলটোক নেতৃত্ব দিব উপ–অধিনায়ক যশপ্রীত বুমৰাহে৷ ইয়াৰ পূর্বে তেওঁ বিদেশৰ মাটিত নেতৃত্ব দিছে৷ দুবছৰ পূর্বে এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোক নেতৃত্ব দিছিল বুমৰাহে৷ অৱশ্যে অষ্ট্রেলিয়া ভ্রমণৰ পার্থত হ’বলগীয়া প্রথমখন টেষ্টত মূল একাদশত ৰোহিতৰ ঠাহত কোনে স্থান লাভ কৰিব, সেই লৈ যুঁজ চলাৰ পূর্ণ সম্ভাৱনা আছে৷ বংগৰ অভিমন্যু ঈশ্বৰণৰ সম্ভাৱনা বেছি ৷