নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহিদাৰ অনুপাতে বজাৰত নাই মাস্ক, ছেনিটাইজাৰ; ৰাইজৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ সম্প্রতি সমগ্র বিশ্বতে সন্ত্রাসৰ কাৰক হৈ পৰিছে ন’ভেল ক’ৰোনা ভাইৰাছ বা কোভিড–১৯৷ চীনৰ হুবেই প্রদেশৰ য়ুহানত প্রার্দুভাৱ ঘটা এই ভাইৰাছবিধ বর্তমানপর্যন্ত পৃথিৱীৰ ৫৬খন দেশলৈ সংক্রমিত হৈছে৷ সংক্রমিত দেশৰ তালিকাত আছে ভাৰতো ৷ ভাৰতত আজি পৰ্যন্ত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি পাইছে ।

কিন্তু এনে এক জটিল ক্ষণত যোৱা কেইদিনমানৰ পৰা ফাৰ্মাচীসমূহত দুবিধ বিশেষ সামগ্রী বিচাৰি হাহাকাৰ কৰিছে জনসাধাৰণে।

সমগ্ৰ বিশ্বজুৰি চাহিদা বৃদ্ধি পাইছে এই বিশেষ দুবিধ সামগ্ৰী । কিন্তু চাহিদা অনুপাতে বজাৰত এতিয়া উপলব্ধ নহয় এই বিশেষ দুবিধ সামগ্ৰী ক্ৰমে মাস্ক আৰু ছেনিটাইজাৰ ।

ভাৰতৰ লগতে অসমটো মাস্ক আৰু ছেনিটাইজাৰৰ চাহিদা বৃদ্ধি পাইছে । কিন্তু পৰ্যাপ্ত পৰিমানে ফাৰ্মাচী বা বজাৰসমূহত মাস্ক আৰু ছেনিটাইজাৰ উপলব্ধ নোহোৱাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে ।

ইপিনে ইয়াৰ সমান্তৰালকৈ মাস্ক আৰু ছেনিটাইজাৰক লৈ নতুন চিণ্ডিকেট চলাৰো এক অভিযোগ তুলিছে বহু লোকে ।

You might also like